Logo
image

দেশৰ প্ৰথম সমকামী ন্যায়াধীশ হ’ব সৌৰভ কৃপাল

আমাৰ অসম, ১৭ নৱেম্বৰঃ দিল্লী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ সৌৰভ কৃপালৰ নামক দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনৰ নেতৃত্বৰ ছুপ্ৰিম ক’ৰ্টৰ কলিজিয়ামে অনুমোদন জনোৱাৰ পাছতে ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ তেওঁৰ নাম চৰ্চালৈ অহাৰ কাৰণ হৈছে এয়ে যে তেওঁ হৈছে সমকামী৷ তেওঁ নিজকে সমকামী হিচাপে ইতিমধ্যে ঘোষণা কৰি থৈছে৷ যদিহে কলিজিয়ামৰ এই প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায়, তেন্তে দেশৰ প্ৰথমজন সমকামী ন্যায়াধীশ হ’ব তেওঁ৷ তেওঁক লৈ আগৰে পৰাই বিৰোধিতাৰ চলি অহাৰ পাছতো তেওঁৰ নাম দিল্লী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ বাবে হোৱা প্ৰস্তাৱত বৰ্তমানৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বৰ ছুপ্ৰিম ক’ৰ্টৰ কলিজিয়ামে অনুমোদন জনায়৷ সৌৰভ কৃপাল হৈছে প্ৰাক্তন মুখ্য ন্যায়াধীশ বি এন কৃপালৰ পুত্ৰ৷