Logo
image

চীনৰ জে এফ-১৭তকৈও শক্তিশালী হ’ব ভাৰতৰ তেজছ

আমাৰ অসম, ১৭ নৱেম্বৰঃ স্বদেশীভাৱে নিৰ্মিত ভাৰতৰ যুদ্ধ বিমান তেজছক অধিক শক্তিশালী ৰূপত সজাই তোলা হৈছে৷ ভাৰতত নিৰ্মিত লঘু যুদ্ধ জাহাজ তেজছ  [এল চি এ তেজছ] এতিয়া অধিক মাৰাত্মক হৈ উঠিছে৷ এতিয়াৰে পৰা এই যুদ্ধ বিমানে যিকোনো পৰিস্থিতিতে এক পলকতে ৭০ কিলোমিটাৰ আঁতৰৰ পৰাই শত্ৰুৰ বাংকাৰ ধবংস কৰিব পাৰিব৷ ভাৰতীয় বায়ুসেনাই তেজছ যুদ্ধ বিমানক অধিক শক্তিশালী আৰু মাৰাত্মক কৰি তুলিবলৈ ফ্ৰান্সৰ হেমাৰ মিছাইল ব্যৱহাৰ কৰিব৷ তেজছত ব্যৱহাৰ কৰিবলৈ ভাৰতে  হেমাৰ মিছাইল অৰ্ডাৰ কৰিছে৷ ইয়াৰ দ্বাৰা চীন আৰু পাকিস্তানৰ অত্যাধুনিক জে এফ-১৭ বিমানক উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ’ব ভাৰতৰ তেজছে৷ আকাশৰ পৰা ভূ-ভাগত থকা শত্ৰুক লক্ষ্য কৰি নিমিষতে ধবংস কৰিব পাৰিব তেজছ বিমানে৷