Logo
image

ভাৰতত ২৪ ঘণ্টাই হ’ব মৰণোত্তৰ পৰীক্ষা

আমাৰ অসম, ১৭ নৱেম্বৰঃ কেন্দ্ৰৰ মোদী চৰকাৰে মৰণোত্তৰ পৰীক্ষাৰ ক্ষেত্ৰত চলি অহা ব্ৰিটিছ যুগৰ নীতি-নিয়ম সলনি কৰাৰ সিদ্ধান্ত লয়৷ মোদী চৰকাৰৰ এই সিদ্ধান্ত ঐতিহাসিক হিচাপে বিবেচিত হৈছে৷ ফলত এতিয়াৰে পৰা ভাৰতত বেলি পৰাৰ পাছতো অৰ্থাৎ নিশাও হাস্পতালবোৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব৷ ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ ব্যৱস্থা কৰা হৈছে৷ বিভিন্ন পক্ষৰ পৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে লাভ কৰা অনুৰোধৰ বাবেই মৰণোত্তৰ পৰীক্ষাৰ ক্ষেত্ৰত চলি অহা নিয়ম সলনি কৰিবলৈ সিদ্ধান্ত লোৱা হয়৷ মৃত্যু হোৱা লোকৰ আত্মীয়, বন্ধু-বান্ধৱী আৰু আন আন লোক আৰু সংস্থাৰ অনুৰোধ মৰ্মে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ বাধ্য হয় চৰকাৰে৷ মৰণোত্তৰ পৰীক্ষাৰ এই নতুন নিয়ম সোমবাৰে নিশাৰে পৰা বলৱৎ হৈছে৷ দুৰ্ঘটনাত মত্যু হোৱা লোকৰ মৰণোত্তৰ পৰীক্ষা নিৰ্দিষ্ট সময়ত কৰি তেওঁলোকৰ গুৰুত্বপূৰ্ণ অংগদান কৰাত যাতে সহায় হয়, তাৰ প্ৰতিও লক্ষ্য ৰাখি মৰণোত্তৰ পৰীক্ষাৰ নিয়ম সলনি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱা হৈছিল বিভিন্ন অংগদান সংস্থাৰ দ্বাৰা৷ গতিকে এতিয়াৰে ২৪ ঘণ্টাই ভাৰতত মৰণোত্তৰ পৰীক্ষাৰ নতুন নিয়ম বলৱৎ হোৱাত এই পৰীক্ষাৰ বাবে আগতে হোৱা অপেক্ষাৰ অন্ত পৰিব৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাৱিয়াই টুইট কৰি এই কথা ৰাজহুৱা কৰে৷ উল্লেখ্য, দেশৰ কিছুমান হাস্পতালত ৰাতিও মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে যদিও এতিয়া সমগ্ৰ দেশতে ২৪ ঘণ্টীয়া মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব৷ এইটো অতি ভাল খবৰ৷