Logo
image

পত্নীয়ে ব্লেকমেইল কৰি ঘটে ধন

আমাৰ অসম, ১৭ নৱেম্বৰঃ নয়দাৰ এজন স্বামীয়ে আৰক্ষীৰ কাষ চাপি পত্নীৰ অপকৰ্মৰ বিৰুদ্ধে অভিযোগ দিয়াৰ এটা খবৰে ব্যাপক চৰ্চা লাভ কৰিছে৷ নয়দাৰ ছেক্টৰ ৪৯ৰ আৰক্ষী চকীত উপস্থিত হৈ স্বামীয়ে অভিযোগ কৰে যে তেওঁৰ পত্নীয়ে সহজ-সৰল লোকক হানীট্ৰেপৰ জৰিয়তে জালত পেলাই ব্লেকমেইল কৰি ধন সংগ্ৰহ কৰি আহিছে৷ স্বামীয়ে আৰক্ষী বিষয়াৰ ওচৰত কাতৰ আহ্বান জনায় পত্নীৰ এই অপকৰ্ম ৰোধ কৰিবলৈ৷ পত্নীৰ চাল-চলন একেবাৰে সঠিক নহয় বুলিও অভিযোগ আনে স্বামীয়ে৷ এতিয়ালৈকে কেইবাজনো লোকক হানীট্ৰেপৰ জৰিয়তে জালত পেলাই যথেষ্ট ধন সংগ্ৰহ কৰা বুলি তেওঁ পত্নীৰ বিৰুদ্ধে অভিযোগ দিয়ে৷ পত্নীৰ এই কামত স্বামী মানসিকভাৱে একেবাৰে হতাশ হৈ পৰে৷ গতিকে পত্নীৰ এই অপকৰ্মত বাধা দিবলৈ তেওঁ আৰক্ষীক কাতৰ আহ্বান জনায়৷ স্বামীৰ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ নয়দাৰ ছেক্টৰ ৪১ত বাস কৰা দীপক কুমাৰ নামৰ লোকজনে পত্নীৰ বিৰুদ্ধে এই অভিযোগ দিয়াৰ খবৰে এতিয়া ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে৷ উল্লেখ্য, দীপকে এটা ডেটিং এপৰ জৰিয়তে পত্নীৰ সৈতে পৰিচয় হৈছিল আৰু বিয়াৰ পূৰ্বে অ’খলাত লগ হৈছিল৷ দুয়োৰে সহমতিতে যৌন সম্পৰ্কও হয়৷ তাৰ পাছতে দীপকক ব্লেকমেইল কৰিবলৈ লয়৷ টকা নিদিলে ধৰ্ষণ কৰাৰ গোচৰ তৰা হ’ব বুলিও ভাবুকি দিয়ে৷ ফলত উপায়হীন হৈ দীপকে বিয়া পাতিবলৈ বাধ্য হয়৷ কিন্তু বিয়াৰ পাছতো পত্নীৰ অসৎ কাৰ্য অব্যাহত থাকে৷ ডেটিং এপৰ জৰিয়তে আন লোকক জালত পেলাই ব্লেকমেইল কৰি আহিছে৷ এতিয়া আৰক্ষীয়ে এই মহিলাগৰাকীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে৷