Logo
image

৭০ দশকত খলকনি তোলা ‘চামেলি মেমচাব’আহি আছে নতুন ৰূপত...

আমাৰ অসম, ১৭ নৱেম্বৰঃ ভালেমান গুৰুত্বপূৰ্ণ অসমীয়া ছবিৰ প্ৰযোজনাৰে অসমীয়া চলচ্ছিত্ৰ জগতক চহকী কৰি তোলা এ এম টেলিভিচনে পুনৰ অসমৰ চলচ্ছিত্ৰ জগতলৈ লৈ আহিছে এক সুখবৰ৷ এ এম টেলিভিচনৰ বেনাৰত ডঃ সঞ্জীৱ নাৰায়ণে নিৰ্মাণ কৰিবলৈ লৈছে নতুন অসমীয়া ছবি ‘চামেলি মেমচাব-২’৷ উল্লেখ্য, অসমীয়া ছবিজগতৰ অমূল্য সম্পদ আছিল ‘চামেলি মেমচাব’ ছবিখন৷ কিয়নো মঙলবাৰে কালজয়ী ছবিখনৰ পৰিচালক, অসমীয়া চলচ্ছিত্ৰ জগতৰ এগৰাকী মহীৰূহ আব্দুল মজিদৰ ৯০বছৰীয়া জন্মদিন৷ ১৯৭৫ চনত আব্দুল মজিদৰ পৰিচালনাৰে মু্‌ক্তিলাভ কৰা ‘চামেলী মেমচাব’ ছবিয়ে অসমীয়া চলচ্ছিত্ৰ জগতত ভালেকেইটা মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ প্ৰখ্যাত লেখক নিৰোদ চৌধুৰীৰ চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা এই ছবিয়ে ‘শ্ৰেষ্ঠ অসমীয়া ছবি’ৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে এই ছবিখনত কৰা সংগীত পৰিচালনাৰে ডঃ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ এতিয়া ‘চামেলি মেমচাব-২’ অসমৰ চলচ্ছিত্ৰপ্ৰেমীৰ মাজলৈ উলিয়াই দিবলৈ অগ্ৰসৰ হৈছে ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী প্ৰযোজক তথা এম এম টেলিভিচনৰ মুখ্য পৰিচালন সঞ্চালক ডঃ সঞ্জীৱ নাৰায়ণে৷ উল্লেখ্য যে, প্ৰায় ৪০খন অসমীয়া ছবি প্ৰযোজনাৰে ইতিমধ্যেই এএম টেলিভিচনে উল্লেখযোগ্য বৰঙনি আগবঢ়াইছে৷ ‘এএম টেলিভিচন’ৰ বেনাৰতে নিৰ্মাণ কৰা হৈছে ‘ডাঃ বেজবৰুৱা’ৰ দৰে কালজয়ী ছবিৰ চিকুৱেল ‘ডাঃ বেজবৰুৱা-২’৷ এই ধাৰাবাহিকতা অব্যাহত ৰাখি ডাঃ সঞ্জীৱ নাৰায়ণ তথা এ এম টেলিভিচনে এইবাৰ ‘চামেলী মেমচাব ২’ আগবঢ়াই দিব বিচাৰিছে অসমীয়া চলচ্ছিত্ৰপ্ৰেমীৰ মাজলৈ৷ উল্লেখ্য, এইবছৰ ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাত ‘ৱাটাৰ বাৰিয়েল’ ছবিখনে লাভ কৰিছিল পৰিৱেশ বিষয়ক শ্ৰেষ্ঠ ছবিৰ স্বীকৃতি৷ এই ছবিখনৰ প্ৰযোজক আছিল ডঃ সঞ্জীৱ নাৰায়ণ৷ এইগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী চলচ্ছিত্ৰ প্ৰযোজকে এতিয়া ‘চামেলি মেমচাব ২’ নিৰ্মাণ কৰিবলৈ লোৱাটো অসমীয়া চলচ্ছিত্ৰৰ বাবে এক অতি আশাৰ খবৰ হিচাপে বিবেচিত হৈছে৷