Logo
image

অষ্ট্ৰেলিয়াৰ টেষ্ট দলৰ নেতৃত্ব ত্যাগ কৰিলে পেইনে

আমাৰ অসম, ২০ নৱেম্বৰঃ ইংলেণ্ডৰ বিৰুদ্ধে এছেজ শৃংখলা আৰম্ভ হ’বলৈ মাজতে কেইটামান দিন থকা অৱস্থাত নতুন বিতৰ্কত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট৷ তাছমানিয়া ক্ৰিকেট ব’ৰ্ডৰ মহিলা কমকৰ্তা এগৰাকীলৈ অশ¡ীল ফটো প্ৰেৰণ কৰাৰ লগতে আপত্তিজনক প্ৰস্তাৱ দিয়াৰ পাছত সৃষ্টি হোৱা বিতৰ্কৰ বাবে  অষ্ট্ৰেলিয়াৰ টেষ্ট দলৰ নেতৃত্ব ত্যাগ কৰিছে টীম পেইনে৷ ঘটনাটো ঘটিছিল ২০১৭ চনত গাব্বাত অনুষ্ঠিত এছেজ শৃংখলাৰ প্ৰথমখন টেষ্টৰ পূৰ্বে৷ অষ্ট্ৰেলিয়াৰ  সংবাদ পত্ৰ ‘হেৰল্ড ছান’ৰ মতে, পেইনে তাছমানিয়া ক্ৰিকেট ব’ৰ্ডৰ মহিলা কৰ্মকৰ্তাগৰাকীলৈ নিজৰ কেতবোৰ অশ¡ীল ফটো প্ৰেৰণ কৰাৰ লগতে আশালীন প্ৰস্তাৱো দিছিল৷ ২০১৮ বৰ্ষৰ জুনত মহিলাগৰাকীয়ে বিষয়টো ক্ৰিকেট অষ্ট্ৰেলিয়াক অৱগত কৰিছিল আৰু ক্ৰিকেট অষ্ট্ৰেলিয়াই বিষয়টোৰ তদন্তও আৰম্ভ কৰিছিল৷ পেইনৰ এই নিন্দনীয় কাৰ্যক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ বাবে তেওঁ টেষ্ট দলৰ অধিনায়কৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত লয়৷ সংবাদ মেলত পেইনে নিজৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰাৰ সময়ত তেওঁৰ দচকুৰে পানী নিগৰিছিল৷ সংবাদ মেলত পেইনে কয় যে বহু চিন্তা-চৰ্চাৰ পাছত তেওঁ এই সিদ্ধান্ত লৈছে৷ এনে এটা সিদ্ধান্ত লোৱাটো সহজ নাছিল৷ কিন্তু নিজ পৰিয়াল আৰু ক্ৰিকেটৰ বাবে এয়াই সঠিক সিদ্ধান্ত বুলি তেওঁ অনুভৱ কৰিছে৷ পৰিয়ালৰ সৈতে আলোচনা চলায়েই তেওঁ এই সিদ্ধান্ত লৈছে৷ ‘প্ৰায় চাৰি বছৰ পূৰ্বে ঘটি যোৱা ঘটনাটোৰ বাবে মই অনুতপ্ত৷ সেই সময়তে পত্নী আৰু পৰিয়ালৰ আন সদস্যক সেই বিষয়ে জনাইছিলো৷ তেওঁলোকেও মোক ক্ষমা কৰিছিল আৰু তাৰবাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ৷ ভাবিছিলো বিষয়টো সিমানতে অন্ত পৰিছিল৷ ফলত বিগত তিনি-চাৰি বছৰ মই ক্ৰিকটতে মনোনিবেশ কৰিছিলো৷ কিন্তু সেই বিষয়টো এতিয়া ৰাজহুৱা হৈছে৷ মই যি কৰিছিলো সেয়া অষ্ট্ৰেলিয়াৰ অধিনায়কৰ পক্ষে একেবাৰে অনুচিত৷ মোৰ সেই কাৰ্যই  পৰিয়ালৰ সদস্যকো আঘাত দিছিল৷ সেয়েহে মই মোৰ পৰিয়ালৰ সদস্যৰ লগতে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটপ্ৰেমীৰ ওচৰত ক্ষমাপ্ৰাৰ্থী৷’ সংবাদ মেলত আৱেগিক হৈ কৈছিল পেইনে৷ ক্ৰিকেট অষ্ট্ৰেলিয়াই পেইনৰ পদত্যাগপত্ৰ গ্ৰহণ কৰিছে আৰু শীঘ্ৰেই অষ্ট্ৰেলিয়াৰ টেষ্ট দলৰ বাবে নতুন অধিনায়ক নিযুক্ত কৰা হ’ব৷