Logo
image

টেঙানিত লাজুকী বান্দৰ উদ্ধাৰ

আমাৰ অসম, ২৪ নৱেম্বৰঃগোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৃহত্তৰ টেঙানিৰ নাহৰখনা  অঞ্চলত যোৱা নিশা দুজন ব্যক্তিয়ে এটা বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ কৰাৰ বাতৰি পোৱা গৈছে৷ জানিব পৰা মতে, টেঙানিৰ  নিৱাসী বিপুল শইকীয়া আৰু দিনামণি দাস নামৰ দুজন ব্যক্তি নিজা ঘৰলৈ গৈ থকা অৱস্থাত যোৱা ৰাতি নৈৰ কাষৰ এটা পথৰ কাষত এটা বিৰল প্ৰজাতিৰ বান্দৰ প্ৰত্যক্ষ কৰে৷ ৰাতিৰ ঠাণ্ডাত কঁপি কঁপি পথৰ কাষতে পৰি আছিল লাজুকী বান্দৰটো৷ লগে লগে লোক দুজনে লাজুকী বান্দৰটো সেই স্থানৰ পৰা উদ্ধাৰ কৰি নিজা ঘৰলৈ বুলি লৈ আহে৷ আৰু বান্দৰটো উদ্ধাৰ কৰা ঘটনাৰ খবৰটো স্থানীয় বন বিভাগক অৱগত কৰে৷ আজি লোক দুজনে লাজুকী বান্দৰতো ধনশিৰি মহকুমাধিপতি কাৰ্যালয়লৈ আনি প্ৰশাসনৰ লোকক প্ৰত্যক্ষ কৰোৱাই স্থানীয় নেচাৰ্ছ বেকনৰ সদস্যৰ হাতত অৰ্পণ কৰে৷