Logo
image

লাচিত দিৱসৰ দিনাই অসমীয়া ভাষাক আঘাত


ভাষা-সংকট

 লোকসেৱাৰ পৰীক্ষাত  অসমীয়া ভাষাৰ যোগ্যতামূলক কাকত প্ৰত্যাহাৰ, অসমীয়া লিখিব-পঢ়িব নজনাসকলো হ’ব পাৰিব এচিএছ-এপিএছ বিষয়া , অফিচ-কাছাৰীত অসমীয়া ভাষা ব্যৱহাৰৰ পথ ৰুদ্ধ হ’ব , অসমতে অনাদৃত অসমীয়া ভাষা


আমাৰ অসম, ২৫নৱেম্বৰঃঅসমীয়াৰ অস্তিত্ব ৰক্ষাকাৰী তথা স্বাভিমানৰ প্ৰতীক লাচিত বৰফুকনৰ স্মৃতিজড়িত দিনটোতে খোদ ৰাজ্য চৰকাৰেই অসমীয়া ভাষাৰ শ্মশান যাত্ৰাৰ পথ প্ৰশস্ত কৰিলে৷ অসমীয়া ভাষা লিখিব-পঢ়িব নজনা প্ৰাৰ্থীও এতিয়াৰে পৰা হ’ব পাৰে এ চি এছ-এ পি এছ পদৰ প্ৰশাসনিক বিষয়া৷ ৰাজ্যিক ভাষা আইনৰ জৰিয়তে চৰকাৰী কাম-কাজত অসমীয়া ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ শ্লগান আওৰোৱা চৰকাৰখনেই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া বা ইংৰাজী বিষয়ৰ যোগ্যতা অৰ্জনকাৰী ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকত বাতিল কৰিছে৷ বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত এ পি এছ চি পৰীক্ষাত ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকতৰ প্ৰত্যাহাৰৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰে৷ যি সময়ত কেন্দ্ৰীয় লোকসেৱা আয়োগে সৰ্বভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত অসমৰ প্ৰাৰ্থীৰ বাবে অসমীয়া তথা অষ্টম অনুসূচীৰ ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক কৰিছে, ঠিক তেনে সময়তে খোদ অসম চৰকাৰে এ পি এছ চিৰ পৰীক্ষাত অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰা কাৰ্যত বৌদ্ধিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া আৰু ইংৰাজী ভাষা বিষয়ক প্ৰশ্নকাকত উঠাই দিয়া বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়– এ পি এছ চি পৰীক্ষাৰ বাবে প্ৰাৰ্থীজন অসমৰ বাসিন্দা হ’ব লাগিব৷ অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন হ’ব লাগিব৷ তদুপৰি প্ৰাৰ্থীজনে অসমীয়া বা আন সহযোগী এটা ৰাজ্যিক ভাষা সলসলীয়াকৈ ক’ব পাৰিব লাগিব৷ আনহাতে, অসমত যিহেতু হিন্দী ভাষী মানুহৰো বসতি আছে, সেয়েহে হিন্দী জানিলেও এ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে৷ অৰ্থাৎ অসমীয়া লিখিব-পঢ়িব নজনা হিন্দীভাষী আৰু বাংলাভাষী প্ৰাৰ্থীয়েও বহিব পাৰিব এ পি এছ চি পৰীক্ষাত৷ স্বাভাৱিকতেই এ পি এছ চিয়ে বাচনি কৰা অসমীয়া পঢ়িব-লিখিব নজনা বিষয়াই কেনেকৈ চৰকাৰী কাম-কাজ চলাব বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ এই সিদ্ধান্তই অসমীয়া বা জনজাতীয় লোকসকলৰ কি উপকাৰ হ’ব তাক লৈও প্ৰশ্ন কৰিছে বিভিন্নজনে৷ ইংৰাজী মাধ্যমত পঢ়া একাংশ আমোলা-বিষয়াৰ সন্তান আৰু বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ স্বাৰ্থতে ৰাজ্যিক কেবিনেটত অসমীয়া ভাষাক নিঃশেষ কৰাৰ উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ল বুলিও বিভিন্নজনে এতিয়া সামাজিক মাধ্যমত অভিযোগ কৰা দেখা গৈছে৷ এ পি এছ চি পৰীক্ষাত অসমৰ বাসিন্দা তথা অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন থকা প্ৰাৰ্থীয়েহে অৱতীৰ্ণ হ’ব পাৰিব বুলি চৰ্ত আৰোপ কৰিলেও সংবিধানৰ ১৬[২] অনুচ্ছেদ অনুসৰি ভাৰতীয় নাগৰিকে যিকোনো ৰাজ্যৰে চৰকাৰী বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে৷ এ পি এছ চি পৰীক্ষাতো বহিঃৰাজ্যৰ প্ৰাৰ্থীক আবেদনত বাধা দিব নোৱাৰে৷ বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ বিপৰীতে স্থানীয় প্ৰাৰ্থীক বাছনি কৰাৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্নকাকত মূল অস্ত্ৰ হিচাপে আছিল যদিও জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গান আওৰোৱা বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে লাচিত দিৱসৰ দিনটোতে শিথিল কৰি দিলে৷ উল্লেখ্য, লোকসেৱা আয়োগক সংস্কাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে নতুনকৈ বলৱৎ কৰা বিধি-২০১৯ত বৰাক উপত্যকা আৰু পাহাৰীয়া জিলা দুখনৰ প্ৰাৰ্থীক ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকতৰ পৰা ৰেহাই দিয়াৰ পাছতেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ ইংৰাজী মাধ্যমত অধ্যয়নৰত ৪জন প্ৰাৰ্থীয়ে অসমীয়া ভাষা বিষয়ৰ যোগ্যতা নিৰ্ণয়কাৰী প্ৰশ্নকাকতখনৰ ৰেহাই দিয়াৰ আৰ্জিৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল৷ উক্ত গোচৰৰ শুনানিৰ চূড়ান্ত পৰ্যায়ত উপনীত হোৱাৰ সময়তে অসম চৰকাৰৰ কেবিনেটে অসমীয়া ভাষা বিষয়ক প্ৰশ্নকাকতৰ প্ৰত্যাহাৰ কৰা কাৰ্যৰ আঁৰত সংকীৰ্ণ ৰাজনীতি যে আছে সেয়া স্পষ্ট হৈ পৰিছে৷