Logo
image

ভেক্‌চিন নল’লেই মৃত্যু আসন্ন

আমাৰ অসম, ২৫নৱেম্বৰঃ ক’ভিড ভাইৰাছৰ সংক্ৰমণ বৰ্তমানেও অব্যাহত আছে৷ ক’ভিড ভেক্‌চিনৰ দুয়োটা ড’জ লোৱাৰ পাছতো সংক্ৰমণৰ আশংকা অলপো হ্ৰাস পোৱা নাই৷ বিশেষকৈ ক’ভিডত ভাইৰাছৰ ডেল্টা ভেৰিয়েণ্ট ইমানেই বিপজ্জনক হৈ পৰিছে যে প্ৰতিষেধক লোৱা বহু ব্যক্তি সংক্ৰমিত হৈছে৷ যাৰ বাবে বিশেষজ্ঞসকলে নাগৰিকক মাস্ক পৰিধান কৰি ক’ভিড বিধি মানি চলাৰ বাবে পৰামৰ্শ আগবঢ়াইছে৷ লক্ষণীয়ভাৱে অসমত ভেক্‌চিন নোলোৱা ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱাত চিকিৎসকসকলক উদ্বিগ্ন কৰি তুলিছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীক্ষাত ভেক্‌চিন নোলোৱা ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ  চিন্তনীয়ভাৱে তথ্য পোহৰলৈ আহিছে৷ জি এম চি এইচত ক’ভিড ভেক্‌চিন গ্ৰহণ নকৰা ৮২.৯শতাংশ ৰোগীয়েই মৃত্যুমুখত পৰিছে৷ চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰ মাহৰ ভিতৰত জি এম চি এইত মৃত্যু হোৱা ৮২.৯শতাংশ ৰোগীয়ে লোৱা নাছিল ভেক্‌চিন৷ এই সমীক্ষাই ভেক্‌চিন নোলোৱা ৰোগীৰ মৃত্যু যে একপ্ৰকাৰ নিশ্চিত তাকে প্ৰতীয়মান কৰিছে৷ জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই এই সন্দৰ্ভত কয়–ক’ভিড এতিয়াও শেষ হোৱা নাই৷ বিগত জ্জটা মাহত ক’ভিডত আক্ৰান্ত হৈ জি এম চি এইচত ভৰ্তি হৈছিল ৫,১৩৯জন ৰোগী৷ অৱশ্যে ইয়াৰে ৮৬২জন ৰোগীৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয়৷ কিন্তু সমীক্ষাত দেখা গৈছে, মৃত্যু হোৱা এইসকল ৰোগীৰ ৭১৫জনেই অৰ্থাৎ  ৮২.৯ শতাংশই গ্ৰহণ কৰা নাছিল ক’ভিডৰ এপালিও ভেক্‌চিন৷ অৱশ্যে ভেক্‌চিন লোৱা ৰোগীৰো মৃত্যু হৈছে যদিও এনে ৰোগীৰ মৃত্যুৰ হাৰ তুলনামূলকভাৱে বহু কম৷ সেয়েহে ৰাইজে ক’ভিড ভেক্‌চিন ল’বলৈ আগবাঢ়ি আহিব লাগে৷ উল্লেখ্য বুধবাৰে ৰাজ্যত নতুনকৈ ২১৪জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ইয়াৰ ভিতৰত গুাহাটীতে ১২৩জনৰ দেহত পজিটিভ ধৰা পৰিছে৷