Logo
image

অসম বুৰঞ্জীৰ নতুন ব্যাখ্যা অধ্যক্ষ দৈমাৰীৰ

আমাৰ অসম, ২৫ নৱেম্বৰঃ ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত লাচিত দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম বুৰঞ্জীৰ নতুন ব্যাখ্যা আগবঢ়ালে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ গুৱাহাটীৰ ফাঁচী বজাৰৰ নিকটৱৰ্তী ব্ৰহ্মপুত্ৰৰ পাৰৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সমীপত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত লাচিত দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথিৰ ভাষণ দি এনেদৰে কয়–‘লাচিত দিৱসৰ দিনটো উদ্‌যাপন কৰিবলৈহে চৰকাৰী বন্ধ দিয়া হৈছে৷ কিন্তু এই বন্ধ পাই ৰাইজ আলহী খাবলৈ গ’ল৷ বিশ্বজিত দৈমাৰীৰ আক্ষেপ– ‘আমি আজিৰ দিনটো উদযাপন কৰিবলৈ বন্ধ দিওঁ৷ দিনটো ঠাণ্ডা, কোনে কি ধান্দা লৈছে ঠিক নাই৷ কেৱল মুখত কথা কলেই নহব৷ আমি ল’ৰা ছোৱালী ঘৰৰ কথাই এৰাই চলিব নোৱাৰো, আমি কি ত্যাগ কৰিম? কিন্তু লাচিতে নিজৰ মোমায়েকক ত্যাগ কৰিছিল৷ ৩৫০ বছৰ পূৰ্বে মোগলক যদি খেদিব নোৱাৰিলেহেঁতেন, আজিৰ অসমখন থাকিলহয় নে?  অসম বীৰ ভূমি, ইয়াত বহুত মহাবীৰ আছিল৷’ ভাষণৰ মাজতে বান ৰজা আৰু কৃষ্ণৰ কিয় যুদ্ধ হল, হৰি হৰৰ যুদ্ধৰ কথা ব্যাখ্যা কৰিলে বিশ্বজিত দৈমাৰীয়ে৷ নৰকাসুৰ কমাখ্যাৰ বিয়াৰ কাহিনী ক’লে বিশ্বজিত দৈমাৰীয়ে৷ দৈমাৰীৰ অভিযোগ–‘ব্ৰহ্মাই যাক তাক বৰ দি গণ্ডগোল লগাই থাকে৷ আলফাই ৰকেট লাঞ্চাৰ, এন ডি এফ বিয়ে কিবা দিলে, তেনেকৈ মহিষাসুৰৰে যুদ্ধ কৰাৰ বাবে দুৰ্গাক চবেই কিবা কিবি দিলে৷ আমাক এনেই দানব বুলি কৈছিল৷ পাৱাৰ পালে মানুহ অলপ অহংকাৰ হৈয়ে৷ আজিৰ মন্ত্ৰী বিধায়ক বিলাকৰোঁ অলপ অহংকাৰ নহয় জানো? চি এমৰ পাৱাৰ পালে যাৰ হলেও অহংকাৰ হব৷ সেইবুলি বেয়া মানুহ নহয়৷ ভগদত্ত, নৰকাসুৰ অসুৰ দানৱ নাছিল৷ ভাষণত দৈমাৰীৰ প্ৰশ্ন–আমি আমাৰ ঐতিহ্য ৰক্ষা কৰিব নোৱাৰিম নেকি? কছাৰী ৰজাৰ সমল নোহোৱা হোৱাৰ পথত, তেজপুৰৰ ছহাজাৰ বছৰীয়া সামগ্ৰী পাৰ্কত পৰি আছে, সংৰক্ষণ নকৰিলে আহোমৰ কীৰ্তিচিহ্ন সমূহো নোহোৱা হৈ যাব৷ ছশ বছৰীয়া আহোম সাম্প্ৰাজ্যৰ পতনৰ কথা উল্লেখ কৰি দৈমাৰীয়ে ভাষণত কয়–আহোম সকলে ইয়াত আহি ইয়াৰ এলেহুৱা মানুহৰ লগত বিয়া চিয়া পাতি ভাবিব নোৱাৰা হৈ গল, সেয়ে ৰজা নাথাকিল৷'উল্লেখ্য যে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, স্বৰ্গদেও চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ সমাজৰ উপাধ্যক্ষ ড॰ দয়ানন্দ বৰগোঁহাই, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি প্ৰশাসনৰ শীৰ্ষৰ বিষয়াসকল আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়া-বৰ্গ আদি উপস্থিত থকা এই অনুষ্ঠানত মুখ্য অতিথি বিশ্বজিৎ দৈমাৰীয়ে কয় যে নৱপ্ৰজন্মক লাচিত বৰফুকনৰ দৰে বীৰ তথা ইতিহাসৰ জ্ঞান প্ৰদান নকৰিলে কালক্ৰমত নৱপ্ৰজন্মই একালৰ ইতিহাসক কাল্পনিক কাহিনীলৈ ৰূপান্তৰ কৰিব৷ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজায়ো তেখেতৰ বক্তব্যত লাচিত বৰফুকন জড়িত অসমৰ ইতিহাস স্মৰণ কৰে আৰু ভৱিষ্যত প্ৰজন্মক লাচিত বৰফুকনৰ দৰে বীৰৰ বিষয়ে জানিবলৈ উৎসাহ প্ৰদান কৰে৷ অসম সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা নিবেদিত অনুপজ্যোতি চৌধুৰীৰ দ্বাৰা ৰচিত ‘বীৰ লাচিত বৰফুকন’ নামৰ আলেক্ষখনিয়ে আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত সাংস্কৃতিক উন্নয়ন বিষয়া ৰবীন ডেকাৰ কবিটা আবৃত্তিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ অধিক বৃদ্ধি কৰে৷ আনহাতে, এই অনুষ্ঠানৰ পিছতে অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু কাৰ্যালয়ত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে৷