Logo
image

আম্বানিক চেৰাই গ’ল আদানিয়ে

আমাৰ অসম, ২৫ নৱেম্বৰঃৰিলায়েন্স গোষ্ঠীৰ মুৰব্বী মুকেশ আম্বানিক অতিক্ৰম কৰি আদানি গোষ্ঠীৰ স্বত্বাধিকাৰী গৌতম আদানি দেশ আৰু এছিয়াৰ সকলোতকৈ চহকী ব্যক্তিত পৰিণত হৈছে৷ বুধবাৰে গৌতম আদানিৰ একাধিক কোম্পানীয়ে দেশৰ ষ্টক বজাৰত বিশাল মুনাফা লাভ কৰাৰ ফলত তেওঁ একে ৰাজ্যৰে প্ৰতিদ্বন্দ্বী মুকেশ আম্বানিক পিছ পেলাই দেশৰ আটাইতকৈ চহকী ধনকুবেৰত পৰিণত হৈছে৷ বুধবাৰে আদানি গ্ৰুপৰ আদানি টোটেল গেছ, আদানি প’ৰ্টছ, আদানি গ্ৰীণ কোম্পানীৰ শ্বেয়াৰ বজাৰত অভাৱনীয়ভাৱে মূল্য বাঢ়ে৷ ইয়াৰ ফলত গৌতম আদানিয়ে দীৰ্ঘদিন ধৰি দেশৰ আটাইতকৈ চহকী ব্যক্তি হৈ থকা মুকেশ আম্বানিক চেৰ পেলাই ভাৰতীয় অৰ্থনীতিত নতুনকৈ ইতিহাস লিখিবলৈ সক্ষম হয়৷ তাৎপৰ্যপূৰ্ণভাৱে কেৱল এটা বছৰতে গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ ৫৫ বিলিয়ন মাৰ্কিন ডলাৰ বৃদ্ধি পাইছে৷ ইয়াৰ বিপৰীতে সেই একেটা সময়ত মুকেশ আম্বানিৰ সম্পত্তি বৃদ্ধি পাইছে ১৪.৩ বিলিয়ন মাৰ্কিন ডলাৰ৷ গৌতম আদানিৰ মালিকানাধীন কেইবাটাও কোম্পানীয়ে দেশৰ মূলধনী বজাৰত নিজৰ অংশীদাৰিত্বৰ মূল্য ৰকেটৰ গতিত বৃদ্ধি কৰাৰ ফলতে তেওঁ ধনাঢ্যৰ প্ৰতিযোগিতাত অৱলীলাক্ৰমে মুকেশ আম্বানিক পিছ পেলাবলৈ সমৰ্থ হয়৷গৌতম আদানিৰ এই অৰ্থনৈতিক উত্থানৰ গতি অবিশ্বাস্যপ্ৰায়৷ কিয়নো ২০২০ চনৰ ১৮ মাৰ্চলৈকে গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ আছিল মাত্ৰ ৪.৯১ বিলিয়ন মাৰ্কিন ডলাৰৰ৷ সেই বছৰৰে এপ্ৰিলৰ পৰা তেওঁৰ স্ব›Ÿৰ উত্থান আৰম্ভ হৈছিল৷ তেতিয়াৰ পৰা পৰৱৰ্তী ২০ মাহত তেওঁৰ সম্পত্তিৰ পৰিমাণ ৰ,৮০৮ শতাংশ বৃদ্ধি পাইছে৷ তেতিয়াৰ পৰা এসপ্তাহৰ আগলৈকে গৌতম আদানিৰ এবছৰত সম্পদৰ পৰিমাণ বৃদ্ধি হ’লগৈ ৮৩.৮৯ বিলিয়ন মাৰ্কিন ডলাৰ৷ সেই সময়ছোৱাত মুকেশ আম্বানিৰ পৰিমাণ ২৫০ শতাংশ বৃদ্ধি হৈছিল৷ অংকৰ পৰিমাণত সেয়া আছিল ৫৪.৭ বিলিয়ন মাৰ্কিন ডলাৰ৷ বুধবাৰে মুকেশ আম্বানিক অতিক্ৰম কৰাৰ আগলৈকে গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ আছিল ৮৮.৮ বিলিয়ন মাৰ্কিন ডলাৰ আৰু মুকেশ আম্বানিৰ সম্পত্তিৰ পৰিমাণ আছিল ৯১ বিলিয়ন মাৰ্কিন ডলাৰ৷ বুধবাৰে গৌতম আদানিয়ে মুকেশ আম্বানিক অতিক্ৰম কৰি নিজৰ সম্পত্তিৰ পৰিমাণ ৯১ বিলিয়ন মাৰ্কিন ডলাৰতকৈ বৃদ্ধি কৰিলে৷ এওঁলোকৰ পাছত দেশৰ ধনাঢ্যৰ তালিকাত আছে ৩৭.ৰ বিলিয়ন মাৰ্কিন ডলাৰেৰে আজিম প্ৰেমজী,  ২৮ বিলিয়ন মাৰ্কিন ডলাৰেৰে শিৱ নাদাৰ আৰু ২৫ বিলিয়ন মাৰ্কিন ডলাৰেৰে ৰাধাকৃষণ দামানী৷