Logo
image

‘দাম’ কমিল ৭০০ কোটিলৈ! পুনৰ কাগজ কল নিলামৰ জাননী

আমাৰ অসম, ২৫ নৱেম্বৰঃ নগাঁও আৰু কাছাৰ কাগজ কলৰ ভূমি অসম চৰকাৰে নিজৰ হাতলৈ নিয়াৰ পৰিকল্পনা হাতত লোৱাৰ সময়ত পুনৰ সা-সম্পত্তিসহ কাগজ কল দুটা নিলামৰ বাবে নিবিদা প্ৰকাশ কৰিছে লিকুইডেটৰ কুলদীপ বাৰ্মাই৷ বৃহস্পতিবাৰে লিকুইডেটৰ কুলদীপ বাৰ্মাই নগাঁও আৰু কাছাৰ কাগজ কলৰ মূল্য ৭০০ কোটি টকালৈ হ্ৰাস কৰি বিজ্ঞাপন প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাগজ কলৰ কৰ্মচাৰীৰ প্ৰাপ্য ৫৭০কোটি টকা আদায় দিয়াৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ লগতে কাগজ কলৰ ভূমি ৰাজ্য চৰকাৰৰ হাতলৈ অনা হ’ব বুলি ঘোষণা কৰিছিল৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে নেশ্বনেল কোম্পানী ল এপীল ট্ৰিবিউনেলত প্ৰস্তাৱ দাখিল কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ শেহতীয়াকৈ নেশ্বনেল কোম্পানী ল ট্ৰিবিউনেলে লিকুইডেটৰ কুলদীপ বাৰ্মাক এবছৰৰ ভিতৰত কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি নিলামৰ ব্যৱস্থা কৰিবলৈ সময়সীমা বান্ধি দিছিল৷ ইয়াৰ পাছতেই লিকুইডেটৰ বাৰ্মাই বুধবাৰে নগাঁও কাগজ কলৰ ৫৭৩ একৰ ভূমি, কাছাৰ কাগজ কলৰ ১০০৮ একৰ ভূমি আৰু ডিমা হাচাওৰ ১০ কঠা ভূমি ৭০০ কোটি টকাত নিলামৰ নিৰিখ ধাৰ্য কৰি বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তদুপৰি এইচ পি চিৰ নামত থকা গুৱাহাটীৰ গেম ভিলেজৰ ১.০৪ কোটি টকাৰ মূল্যৰ দুটা ফ্লেট, মুম্বাইত থকা ১.১০ কোটি টকা মূল্যৰ এটা ফ্লেট, কলকাতাত থকা ৫৮.৫০ কোটি টকা মূল্যৰ হাউছিং কলনী এটা ফ্লেট, দিল্লীত থকা ১০.২১ কোটি টকাৰ কাৰ্যালয়ৰ লগতে নাগালেণ্ড পেপাৰ কোম্পানীত থকা ১৫.৩৩ কোটি টকাৰ শ্বেয়াৰ নিলামৰো বিজ্ঞাপন প্ৰকাশ কৰিছে৷ লক্ষণীয়ভাৱে লিকুইডেটৰ কুলদীপ বাৰ্মাই ইয়াৰ পূৰ্বে দুবাৰকৈ কাগজ কল দুটা নিলামৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল যদিও প্ৰথমবাৰ কাগজ কলৰ মূল্যৰ ১,১৩৯ কোটি টকা ধাৰ্য কৰিছিল৷ অৱশ্যে এইবাৰ কাগজ কলৰ মূল্য ৭০০ কোটি টকালৈ হ্ৰাস কৰিলে৷