Logo
image

আফ্ৰিকাত ক’ভিডৰ নতুন ভেৰিয়েণ্ট

আমাৰ অসম, ২৬ নৱেম্বৰঃ আফ্ৰিকাত ধৰা পৰিছে ক’ভিডৰ নতুন প্ৰজাতি৷ দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানীসকলে বৃহস্পতিবাৰে সদৰি কৰা অনুসৰি তেওঁলোকে ক’ভিডৰ এক প্ৰজাতি [ভেৰিয়েণ্ট] চিনাক্ত কৰিছে৷ ক’ভিডৰ এই প্ৰজাতিটোৰ বহুস্তৰীয় উৎপৰিৱৰ্তন [মিউট্ৰেশ্বন] হয়৷ দেশখনত এই নতুন প্ৰজাতিৰ ক’ভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ কথাও বিজ্ঞানীমহলে স্বীকাৰ কৰিছে৷ বৃহস্পতিবাৰে দক্ষিণ কোৰিয়াৰ ভাইৰলজিষ্ট টুলিঅ’ ড’অ’ অলিভিয়াই এক সংবাদমেলত কয়– ক’ভিডৰ এই নতুন প্ৰজাতি সমগ্ৰ দক্ষিণ কোৰিয়াৰ বাবেই উদ্বেগৰ কাৰণ হৈ পৰিছে৷ দেশবাসীক ক’ভিডৰ প্ৰসংগত সজাগ আৰু সচেতন হ’বলৈও তেওঁ আহ্বান জনায়৷