Logo
image

মহানগৰীত ‘এম এফ হুছেইন’

আমাৰ অসম, ২৭ নৱেম্বৰঃ প্ৰখ্যাত চিত্ৰশিল্পী মকবুল ফিদা হুছেইন৷ এম এফ হুছেইন নামেৰে জনপ্ৰিয় এইগৰাকী বিখ্যাত চিত্ৰশিল্পীৰ চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে গুৱাহাটী মহানগৰীত৷ স্বাভাৱিকতেই এয়া সকলোৰে বাবে আনন্দ আৰু গৌৰৱৰ কথা৷ গুৱাহাটী মহানগৰীৰ এটা অভিজাত মলত শুকুৰবাৰে আৰম্ভ হৈছে এম এফ হুছেইনৰ সীমিতসংখ্যক ছবি-স্কেচ্ছ-গ্ৰাফিক্সৰ প্ৰদৰ্শনী৷ ৯ জানুৱাৰীলৈকে চলিবলগীয়া ‘আৰ্ট ক্ৰনিকল’ শীৰ্ষক এই প্ৰদৰ্শনীয়ে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ গুৱাহাটীস্থিত থলুৱা চাহপাত সংগ্ৰহকাৰী প্ৰতিষ্ঠান লোকেল ই টি আৰু চিত্ৰকলা সংগ্ৰাহক ৰাজীৱ মেননৰ উদ্যোগত এম এফ হুছেইনৰ অনুক্ৰমিক চিত্ৰকলা-গ্ৰাফিক্স-স্কেচ্ছৰ প্ৰদৰ্শনী আৰম্ভ হৈছে গুৱাহাটী মহানগৰীত৷ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেবাশিস শৰ্মা আৰু গ্ৰাফিক্সশিল্পী দিলীপ তামুলীয়ে শুকুৰবাৰে মুকলি কৰে এম এফ হুছেইনৰ সীমিতসংখ্যক সৃষ্টিৰ কলাত্মক প্ৰদৰ্শনী৷ এই অনুষ্ঠানত বহুসংখ্যক কলানুৰাগী আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ এম এফ হুছেইনৰ বিশ্ববন্দিত চিত্ৰ ‘আস্থা বিনায়ক’, ‘পেৰিছ ছ্যুট’, ‘গজ গামিনী’, ‘মোগল-ঈ-আজম’, ‘জাপানিজ হৰ্ছ’, ‘মাডাৰ এণ্ড চাইল্ড’ আৰু অন্যান্য চিত্ৰকলাসমূহৰ গ্ৰাফিক্স-স্কেচ্ছ ইয়াত প্ৰদৰ্শন কৰা হৈছে– যিবোৰৰ একাংশত আছে কিংবদন্তী চিত্ৰশিল্পীগৰাকীৰ স্বাক্ষৰ৷ কেৱল গুৱাহাটীয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চলত এইবাৰেই প্ৰথমবাৰলৈ আয়োজন কৰা হৈছে এম এফ হুছেইনৰ সৃষ্টিৰ প্ৰদৰ্শনী৷ এই প্ৰদৰ্শনীৰ আয়োজনত উদাৰচিত্তে সহযোগ কৰিছে প্ৰয়াত এম এফ হুছেইনৰ পুত্ৰ ছাফাট হুছেইনে৷ সীমিত সুযোগ-সুবিধা আৰু সীমিত পৰিসৰৰ মাজত এম এফ হুছেইনৰ সীমিতসংখ্যক ছবি-গ্ৰাফিক্স-স্কেচ্ছৰ সমাহাৰেৰে গুৱাহাটী মহানগৰীত অনুষ্ঠিত প্ৰদৰ্শনী অসমৰ কলামোদীসকলৰ বাবে স্বাভাৱিকতে হৈ পৰিব এক অনন্য অভিজ্ঞতাৰ সমল৷