Logo
image

যোগীৰ বিমানবন্দৰ মেড ইন চাইনা

আমাৰ অসম, ২৯ নৱেম্বৰঃ উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই ভোটাৰক মোহিত কৰিবৰ বাবে শাসকীয় বিজেপি দলে ইটোৰ পাছত সিটো গগনচুম্বী নিৰ্বাচনী চমক আৰম্ভ কৰিছে৷ সঁচাই হওক বা মিছাই হওক, প্ৰচাৰৰ চমকেৰে  বিজেপিক লাগে ভোট৷ভোট লাভৰ বাবে দিনকো ৰাতি কৰিব পাৰে, ৰাতিকো দিন কৰিব পাৰে  শাসকীয় বিজেপি দলে৷ উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ নামত বিজেপিৰ বাঘা বাঘা নেতাসকলে কৰা কৰ্ম-কাণ্ডই যেন ইয়াকে উদঙাই দেখুৱাইছে৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৫ নৱেম্বৰত নয়দা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ আধাৰশিলা স্থাপন কৰে৷ উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰৰ  জেৱাৰত স্থাপন হ’বলগীয়া এই আন্তঃৰাষ্ট˜ীয় বিমান বন্দৰটোৰ আধাৰশিলা  মোদী আৰু যোগীয়ে একত্ৰে কৰাৰ পাছতেই সামাজিক মাধ্যমত আৰম্ভ হৈ যায় ব্যাপক মিডিয়া ষ্ট্ৰান্ট৷ সামাজিক মাধ্যমৰ ষ্ট্ৰান্টত ভাগ লয় বিজেপিৰ একাংশ মন্ত্ৰী তথা শীৰ্ষ নেতাই৷ লগতে স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ মাই গভ ইণ্ডিয়াৰ একাউণ্টত ধাৰাসাৰ এই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ বন্দনা আৰম্ভ হয়৷  বন্দনাত কোৱা হয় যে এই বিমান বন্দৰটো এছিয়াৰ সৰ্ববৃহৎ বিমান বন্দৰ হ’ব আৰু এক লাখতকৈ অধিক লোকে কৰ্মসংস্থান লাভ কৰিব৷ বিমান বন্দৰটোৰ নিৰ্মাণত ৩৫ লাখ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব৷ উত্তৰ প্ৰদেশৰ সহজ-সৰল ভোটাৰক মোহিত কৰিবলৈ কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি চৰকাৰে আৰম্ভ কৰা এই বিশাল মেগা প্ৰচাৰৰ কলিতেই অৱশ্যে আউল লাগে৷ কিয়নো নয়দা আন্তঃৰাষ্ট˜ীয় বিমান বন্দৰৰ বুলি সামাজিক মাধ্যমত যিখন আলোকচিত্ৰ তথা ভিডিঅ’ প’ষ্টৰ সৈতে সংলগ্ন কৰা হৈছিল সেইখন চীনৰ ডেক্সিং ইণ্টাৰনেশ্যনেল এয়াৰ প’ৰ্টৰ বুলি  প্ৰমাণিত হয়৷ বিমান বন্দৰটোৰ সাম্ভাৱ্য আন্তঃগাঁথনিৰ আলোকচিত্ৰ তথা ভিডিঅ’ আপলোড কৰিছিল স্বয়ং কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ গোৱেল, কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী  প্ৰসাদ সিং পেটেল, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুনৰাম মেগৱাল, উত্তৰ প্ৰদেশ বিজেপিৰ উপ-সভাপতি পংকজ সিং, দিল্লী বিজেপিৰ উপ-সভাপতি সুনীল যাদৱ আদিয়ে৷  গুজৰাটৰ পৰা প্ৰকাশিত ‘সন্দেশ’ নামৰ বাতৰি কাকতখনৰ লীড ষ্টৰী হিচাপে এছিয়াৰ সৰ্ববৃহৎ বিমান বন্দৰ নয়দা বুলি এই আলোকচিত্ৰখনকে  প্ৰচাৰ চলোৱা হৈছিল৷ কিন্তু গুগ্‌লে ৰিভাৰ্ছ ইমেজ ছাৰ্ছৰ জৰিয়তে এই ফটোখন চীনৰ বেইজিং ডেক্সিং ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্টৰ বুলি নিশ্চিত কৰাৰ পাছতে ততাতৈয়াকৈ ফটো-ভিডিঅ’ আৰু প’ষ্টবিলাক ডিলিট কৰে বিজেপিৰ মন্ত্ৰী-নেতাসকলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ নৱেম্বৰত নয়দা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে বিজেপিৰ নেতাসকলে এনেদৰে ব্যাপক অপ-প্ৰচাৰত লিপ্ত হৈ পৰিছিল৷ ভাৰতৰ বিজেপি নেতাসকলৰ এই অদ্ভূত কাৰ্যৰ বিষয়ে চীনৰ সংবাদ মাধ্যমেও বাতৰি প্ৰকাশ কৰি উপহাস কৰিছে৷ চীনৰ ষ্টেট এফিলিয়েটেড মিডিয়াৰ সাংবাদিক চেন চিৱাই সামাজিক মাধ্যমত বিজেপিৰ মন্ত্ৰীসকলে বেইজিঙৰ ডেক্সিং ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্টৰ আলোকচিত্ৰক নয়দাৰ বিমান বন্দৰৰ বুলি প্ৰচাৰ কৰা কাৰ্যক কটু সমালোচনা কৰে৷ এই সন্দৰ্ভত তেওঁৰ টিপ্পনী এনেধৰণৰ–এচিভমেণ্টছ অৱ ইনফ্ৰাষ্ট্ৰাক্চাৰ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নয়দা বিমান বন্দৰৰ আধাৰশিলা স্থাপন কৰাৰ পূৰ্বৰ দিনা অৰ্থাৎ ২৪ নৱেম্বৰতো ভাৰত চৰকাৰৰ গৱৰ্ণমেণ্ট অৱ ইণ্ডিয়া একাউণ্টৰ লগতে পি আই বি, মাই গভমেণ্টছ ইংলিছ টুইটাৰ একাউণ্ট, পি আই বি চণ্ডীগড়, প্ৰচাৰ ভাৰতী নিউজ ছাৰ্ভিচ আদিৰ লগতে বিজেপিৰ নেতা ডঃ মহেশ শৰ্মা, দিলীপ শইকীয়া, অৰ্জুন মুণ্ডা, বি এল বাৰ্মা, মহেশ পোদ্দাৰ আদিয়ে নয়দা বিমান বন্দৰৰ বুলি আন এক আলোকচিত্ৰ তথা ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰি মোদী চৰকাৰৰ চমকপ্ৰদ সফলতাৰ জয়গান গাইছিল৷ এই আলোকচিত্ৰ আৰু ভিডিঅ’টো দক্ষিণ কোৰিয়াৰ ইনচিয়ন ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্টৰ বুলি পাছত প্ৰমাণিত হয়৷ লজ্জাতে বিজেপিৰ নেতাসকলে নিজৰ ভুল জানিব পাৰি ততাতৈয়াকৈ এই প’ষ্টবিলাকো ডিলিট কৰে৷