Logo
image

জাতীয় বিদ্যালয় বন্ধ ঘোষণা

ক’ভিড সংক্ৰমণ

আমাৰ অসম, ২৯নৱেম্বৰঃকৰ’না ভাইৰাছৰ নতুন ভেৰিয়েণ্টক লৈ  দেশবাসী উদ্বিগ্ন হৈ থকাৰ সময়তে ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ শনিবাৰৰ তুলনাত দেওবাৰে অধিক লোক ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ গুৱাহাটী মহানগৰীত এদিনতে ক’ভিড সংক্ৰমণৰ হাৰ দুগুণলৈ বৃদ্ধি পাইছে৷ শনিবাৰে ৰাজ্যত ১২৩জন লোক ক’ভিডত আক্ৰান্ত হৈছিল যদিও দেওবাৰে সংক্ৰমিত লোকৰ সংখ্যা ১৩৩জনলৈ বৃদ্ধি পাইছে৷  শনিবাৰে পজিটিভিটীৰ হাৰ আছিল ০.৪৫ শতাংশ আৰু দেওবাৰে পজিটিভিটীৰ হাৰ ০.৬৪ শতাংশলৈ বৃদ্ধি পায়৷ ইপিনে গুৱাহাটী মহানগৰীতো এদিনৰ ব্যৱধানতে আক্ৰান্তৰ সংখ্যা ৫৮জনৰ পৰা ১১০জনলৈ বৃদ্ধি পাইছে৷ গুৱাহাটীত সংক্ৰমণ বৃদ্ধি পোৱাত চিকিৎসকসকলকো চিন্তিত কৰি তুলিছে৷ শনিবাৰে গুৱাহাটীস্থ অসম জাতীয় বিদ্যালয়ৰ দুজন শিক্ষক ক’ভিডত আক্ৰান্ত হোৱাত ৬ দিনৰ বাবে শিক্ষানুষ্ঠানখন বন্ধৰ ঘোষণা কৰিছে  বিদ্যালয় কতৃৰ্পক্ষই৷ শুকুৰ আৰু শনিবাৰে জাতীয় বিদ্যালয়ৰ সকলো শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ ক’ভিড পৰীক্ষা কৰাৰ পাছতেই দুজন শিক্ষকৰ পজিটিভ ধৰা পৰিছিল৷ ইয়াৰ পূৰ্বেও জাতীয় বিদ্যালয়ৰ কেইবাজনো শিক্ষক আৰু শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হৈছিল৷ ইপিনে কামৰূপ মহানগৰ জিলা প্ৰশাসনেও মহানগৰীৰ ঠাইবিশেষে ক’ভিড টেষ্টৰ হাৰ বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে৷