Logo
image

বিশ্বক দিশ নিৰ্দেশৰ চেষ্টা দিশাৰ

গ্লাছগোৰ ‘কপ-২৬’ৰ পৰা উভতিল অসম কন্যা

আমাৰ অসম,৩০নৱেম্বৰঃ পৃথিৱীৰ ভৱিষ্যৎ কি? জলবায়ু সংকটৰ পৰা বিশ্ববাসী বাহিৰ ওলাই অহাৰ পথ কি? ভৱিষ্যৎ প্ৰজন্মই কিদৰে উশাহ ল’ব? নিৰ্মল বায়ুৰ স্বাদ তেওঁলোকৰ হাওঁফাৱেঁ পাবনে, নে কাৰ্বন ডাই অক্সাইড সেৱন কৰিয়েই ভৱিষ্যতৰ প্ৰজন্মই নিজকে কোঙা কৰি জীয়াই থাকিব লাগিব? এনে অনেক প্ৰশ্নৰ সমাধান বিচাৰি স্কটলেণ্ডৰ গ্লাছগোত দুপ্তাহজোৰা জলবায়ু সন্মিলন অনুষ্ঠিত হৈছিল, যাৰ পোছাকী নাম ‘কপ-চ্ছ’ বা  ‘কনফাৰেন্স অৱ দ্য পাৰ্টিজ’৷ কোৱা হৈছিল, গ্লাছগোৱে বিশ্ববাসীৰ বাবে সেই সমাধান আনিব আৰু প্ৰত্যেকেই তাৰ বাবে এটা শ্লোগান লৈ আগবাঢ়িছিল– নেট জিৰ’৷ অৰ্থাৎ বিশ্বৰ সৰু-বৰ সকলো দেশৰে এটাই অংগীকাৰ– চলিত শতিকাৰ অৰ্ধত পৃথিৱীৰ সকলো দেশেই কাৰ্বন নিৰ্গত কৰাৰ পৰিমাণ শূন্য কৰিব৷ অন্যাৰ্থত পৃথিৱী আৰু পৃথিৱীৰ বাসিন্দা জীয়াই থকাৰ একমাত্ৰ উপজীব্য হ’ব নেট জিৰ’৷ এই দুটা শব্দৰ প্ৰতিশ্ৰুতি লৈয়েই গ্লাছগোলৈ বিশ্বৰ ১৯৬খন দেশৰ ৰাষ্ট˜প্ৰধান গৈছিল, কিন্তু সামগ্ৰিকভাৱে কোনেও নেট জিৰ’ৰ নিশ্চিত অংগীকাৰ নকৰিলে– মানে সন্মিলনৰ নেট ফল শূন্যপ্ৰায়৷ কুটিল কূটনীতি আৰু প্ৰত্যেকখন দেশৰ নিজস্ব ‘এজেণ্ডা’ চৰিতাৰ্থ কৰাৰ মানসিকতাৰ ফলতে জলবায়ু সংকটৰ পৰা সেউজীয়া ধৰা আৰু এই ধৰাৰ ভৱিষ্যতৰ বাসিন্দাৰ বিষাক্ত পৰিৱেশৰ পৰা ওলাই অহাৰ পথ মসৃণ নহ’ল৷ ৰাজনীতি আৰু কুটনীতিৰ পকনীয়াত দিশাহীন হৈ ৰ’ল গ্লাছগোৰ সন্মিলন৷ কিন্তু এই নিৰাশাৰ মাজতে অসমৰ বাবে আশাৰ খবৰ এটাই, য’ত এগৰাকী অসমৰ তৰুণী পৰিৱেশকৰ্মীয়ে জলবায়ু সংকটৰ পৰা ওলাই অহাৰ দিশ দেখুৱাবলৈ প্ৰাণপন চেষ্টা কৰিলে৷ তেওঁ দিশা সৰকাৰ, তেনেই তৰুণী এগৰাকী পৰিৱেশ কৰ্মী৷ বিগত কেইবাবছৰো ধৰি তেওঁ পৰিৱেশ-জলবায়ু সংকটৰ পৰা বিশ্বক, দেশক, ৰাজ্যক আৰু আনকি আমাৰ মৰমৰ গুৱাহাটীক ৰক্ষা কৰাৰ বাবে কাম কৰি আছে৷ গুৱাহাটীৰ দিশা সৰকাৰে গ্লাছগোৰ ক’প-চ্ছত প্ৰতিনিধি হিচাপে ভাগ ল’লে আৰু ১৪ দিনজোৰা বিশ্ব সন্মিলনখনত বলিষ্ঠ ভূমিকা পালন কৰিলে৷

প্ৰাণীবিদ্যাৰ স্নাতক আৰু ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ দিশা সৰকাৰে পৰিৱেশ ৰক্ষাৰ বাবে প্ৰাণীবিদ্যাৰ লগতে জটিল ৰাজনৈতিক সমীকৰণৰ আৱশ্যকীয়তা তৰুণী বয়সতে উপলব্ধি কৰিছে আৰু সেয়া প্ৰায়োগিকভাৱেই ব্যৱহাৰ কৰাৰ দিশত আগবাঢ়িছে৷ গ্লাছগোৰ জলবায়ু সন্মিলনত দিশাই যোগদান কৰিছিল ‘অফিচিয়েল য়ুথ কনষ্টিটুৱেন্সি অৱ ইউ এন’ হিচাপে আৰু তেওঁ প্ৰতিনিধিত্ব কৰিছিল ইউনেস্ক’-অসমক৷ যিহেতু এখন ৰাষ্ট˜ই এই সন্মিলনত এগৰাকী যুৱ প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰাতো বাধ্যতামূলক, সেয়ে দিশা হৈ পৰিছিল দেশৰ প্ৰতিনিধিও৷ অন্ততঃ ৰাজনীতিবিদ-কুটনীতিবিদেৰে পৰিপূৰ্ণ ভাৰতীয় প্ৰতিনিধি দলটোৱে তেওঁলোকৰ আলোচনা আৰু সিদ্ধান্তৰ বিষয়ে দিশাক জনাবলৈ বাধ্য হৈছিল৷

দিশা সৰকাৰে উক্ত সন্মিলনত প্ৰত্যক্ষভাৱে কমেও চাৰিটা ভিন ভিন ভূমিকা পালন কৰিছিল৷ তাৰে প্ৰথমটো আছিল ‘চাইনা কৰ্প’ৰেট পেভিলিয়ন’ত বক্তৃতা প্ৰদান৷ অসমৰ তৰুণীগৰাকীৰ বিষয় আছিল ক্লাইমেট ফাণ্ডিং বা জলবায়ু পুঁজি৷ পুঁজি অবিহনে জলবায়ু ৰক্ষা কৰা সম্ভৱ নহয়৷ চীনৰ পেভিলিয়নত সেই বক্তব্য উপস্থাপন কৰিছিল দিশা সৰকাৰে৷ বিশ্বৰ এতিয়াৰ সবাটোকৈ চহকী দেশখনৰ প্ৰতিনিধিৰ পেভিলিয়নত দিশাৰ জলবায়ু ৰক্ষাৰ ক্ষেত্ৰত পুঁজিৰ প্ৰয়োজনীয়তা কি আৰু কিমান সেয়া ব্যাখ্যা কৰাতো উল্লেখযোগ্য ঘটনা৷

সন্মিলনত দিশাই ‘য়ুথ ডে ইণ্টাৰজেনেৰেচনেল ইনকুৱাৰী’ শীৰ্ষক আলোচনাচক্ৰ পৰিচালনা কৰাৰ সুযোগ লাভ কৰিছিল৷ সেই আলোচনাৰ সঞ্চালক হিচাপে দায়িত্ব পালন কৰিছিল দিশাই৷ দিশা সৰকাৰে ‘পেৰিছ কমিটী অন কেপাচিটী বিল্ডিঙ’ত জলবায়ু পুঁজি সংক্ৰান্তীয় এটা প্ৰজেক্ট দাখিল কৰিছে, য’ত জলবায়ু ৰক্ষাৰ ক্ষেত্ৰত পুঁজি যোগানৰ প্ৰয়োজনীয়তাৰ বিশদভাৱে ব্যাখ্যা কৰা হৈছে৷ ‘পেৰিছ কমিটী...ত’ তেওঁ আন এটা অনুষ্ঠানতো ভাগ লৈছিল৷ তদুপৰি দিশা সৰকাৰে ‘গ্ৰীণ ক্লাইমেট ফাণ্ড’ পেভিলিয়নতো নিজস্ব বক্তব্য উপস্থাপন কৰে৷

এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰি গুৱাহাটীৰ তৰুণী পৰিৱেশ কৰ্মী দিশা সৰকাৰ সামগ্ৰিকভাৱে সন্তুষ্ট৷ বিশ্বৰ বৃহত্তম জলবায়ু সন্মিলনত এখন দেশক, ৰাষ্ট˜সংঘৰ দৰে এটা অনুষ্ঠানক প্ৰতিনিধিত্ব কৰাতো ব্যক্তিগতভাৱে দিশাৰ এটা বৃহৎ সাফল্য৷ ১৯৬খন দেশৰ চৰকাৰী প্ৰতিনিধিৰ উপৰি বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত আন্তৰ্জাতিক স্বাৰ্থৰ লগতে প্ৰত্যেকখন দেশৰো যে নিজস্ব ৰাজনীতি, কুটনীতি আৰু সৰ্বোপৰি জেদ আছে সেয়া দিশাই মৰ্মে মৰ্মে উপলব্ধি কৰিছে৷ ইয়াৰ ফলতে জলবায়ু সন্মিলনৰ চূড়ান্ত সিদ্ধান্তত আপোচ থকা বুলিও তেওঁ বুজি পাইছে৷ কিন্তু দিশাই, দিশাৰ দৰে তৰুণ-তৰুণী পৰিৱেশকৰ্মীয়ে ৰাষ্ট˜প্ৰধানৰ জটিল ৰাজনীতি-কুটনীতি-এজেণ্ডাত নিজকে জড়িত কৰিবলৈ মুঠেই ইচ্ছুক নহয়, আগ্ৰহীতো নহয়েই৷ তেওঁলোকক লাগে এখন সেউজীয়া পৃথিৱী৷ পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ বাবে ল’বলগীয়া প্ৰতিটো পদক্ষেপ ব্যয়সাপেক্ষ আৰু ব্যয়বহুল৷ তাকেই দিশাই নিজৰ বক্তব্যৰে গ্লাছগোত পোনপটীয়াভাৱে উপস্থাপন কৰিলে৷ বিশ্বৰ বৃহৎ ৰাষ্ট˜নেতাই যদি দিশাহঁতে দেখুৱাই দিশ ধৰি আগবাঢ়ে, তেতিয়া কোনে জানে– কিজানি সকলোৱে অংগীকাৰ কৰাৰ দৰে ২০৫০১ পূৰ্বেই পৃথিৱীয়ে বিষাক্ত কাৰ্বন নিঃসৰণ সম্বৰণ কৰিবলৈ সক্ষম হ’ব আৰু ভৱিষ্যৎ প্ৰজন্মই পাব নেট জিৰ’ৰ এখন বিশ্ব৷