Logo
image

১৫ ডিচেম্বৰৰ ভিতৰত নৱম-দশম শ্ৰেণীৰ বিশেষ ছমহীয়া পৰীক্ষা

আমাৰ অসম, ৩০নৱেম্বৰঃ অক্টোবৰত অনুষ্ঠিত নৱম আৰু দশম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ নোহাৱা ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত হ’ব বিশেষ ছয়মাহিলী পৰীক্ষা৷ দশমশ্ৰেণীৰ শেহতীয়া ছয়মাহিলী ১৫ ডিচেম্বৰৰ ভিতৰত নৱম-দশম পৰীক্ষাত অৱতীৰ্ণ নোহোৱা আৰু ২০২১ চনৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা বিশেষ পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব লাগিব উক্ত বিশেষ ছয়মাহিলী পৰীক্ষাত৷ ১৫ ডিচেম্বৰৰ ভিতৰত বিশেষ ছয়মাহিলী পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব৷ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বিশেষ ছয়মাহিলী পৰীক্ষাত লাভ কৰা নম্বৰ অনলাইন পৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব৷ দশম শ্ৰেণীৰ বিশেষ ছয়মাহিলী পৰীক্ষাতো অৱতীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীয়ে ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত অথবা হাইমাদ্ৰাছা চূড়ান্ত পৰীক্ষাৰ বাবে অনলাইনত আবেদন কৰিব নোৱাৰিব৷