Logo
image

১ লাখ চাকৰিৰ আশাত যুৱপ্ৰজন্ম দুটা পদৰ বাবে ৩,০০০ৰ ভিৰ

আমাৰ অসম,৩০নৱেম্বৰঃ মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাৰ ধাৰ পৰিশোধ কৰি নিৰ্বাচনী প্ৰচাৰত কথা দি কথা ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এইবাৰ মুখ্যমন্ত্ৰীৰ পাল ৰাজ্যৰ ৰ লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তিৰ ব্যৱস্থা কৰা৷ কিন্তু ৰাজ্যৰ নিবনুৱাৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যে ৰ লাখ চাকৰি যেন এপাচি শাকত এটা জালুকৰ দৰে অৱস্থা৷ সোমবাৰে ৰাজ্য চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগৰ জনস্বাস্থ্য বিশে¡ষণাগাৰৰ ‘হেল্প ডেস্ক’ এছিষ্টেণ্টৰ মাত্ৰ দুটা ঠিকাভিত্তিক পদৰ বাবে ৩০০০ প্ৰাৰ্থীয়ে সাক্ষাৎকাৰৰ বাবে ভিৰ কৰা দৃশ্যই ৰাজ্যৰ নিবনুৱা সমস্যাৰ উদ্বেগজনক ছবিখনকে উদঙাই দিলে৷ আ(ৰ্যজনক বিষয়টো হৈছে স্নাতক ডিগ্ৰীৰ শিক্ষাগত অৰ্হতা বিচৰা পাঁচমাহীয়া ঠিকাভিত্তিক পদটোৰ বাবে স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে ইঞ্জিনীয়াৰিং ডিগ্ৰী থকা বহু প্ৰাৰ্থীয়ে আবেদন জনোৱা দেখা গ’ল৷ দুটা পদৰ বাবে প্ৰাৰ্থী ইমানেই ভিৰ হয় যে সোমবাৰে সন্ধিয়া পৰ্যন্ত বামুণীমৈদামস্থিত বিশে¡ষণাগাৰলৈ যোৱা পথটো বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়৷ যাৰ বাবে অধিকাংশ প্ৰাৰ্থীয়ে পৰীক্ষা নিদিয়াকৈ ঘূৰি আহিবলৈ বাধ্য হয়৷ পৰীক্ষা ব’ৰ্ডৰ কতৃৰ্পক্ষই সদৰি কৰা অনুসৰি ‘হেল্প ডেক্স’ এছিষ্টেণ্টৰ ঠিকাভিত্তিক দুটা পদৰ ৱাক-ইন-ইণ্টাৰভিউৰ বাবে প্ৰায় ২০০ প্ৰাৰ্থীয়েহে নাম পঞ্জীয়ন কৰে৷ যাৰ বাবে নিশালৈ প্ৰায় ১০০ প্ৰাৰ্থীৰ সাক্ষাৎকাৰ লয় যদিও বাকী ১০০ প্ৰাৰ্থীৰ বুধবাৰে সাক্ষাৎকাৰ ল’ব বুলি জানিবলৈ দিছে পৰীক্ষা ব’ৰ্ডে৷ জনস্বাস্থ্য বিশে¡ষণাগাৰত কাইলৈ অৰ্থাৎ মঙলবাৰে এছিষ্টেণ্ট কেমিষ্ট˜ৰ ১০টা ঠিকাভিত্তিক পদৰ বাবে ৱাক-ইন-ইণ্টাৰভিউ অনুষ্ঠিত হ’ব৷ উল্লেখ্য, শেহতীয়াকৈ বিগত সপ্তাহত কৰ আয়ুক্তালয়ৰ তিনিটা ডাইভাৰ পদৰ বাছনি পৰীক্ষাত শ শ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল৷ অষ্টম শ্ৰেণী উত্তীৰ্ণ শিক্ষাগত অৰ্হতা বিচৰা চালক পদৰ বাবে ইঞ্জিনীয়াৰিং ডিপ্লমাধাৰী প্ৰাৰ্থীয়েও বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ স্বাভাৱিকেই এটা সৰু পদৰ পৰা উচ্ছ ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে ভিৰ কৰাত ৰাজ্যৰ নিবনুৱা সমস্যাই কি পৰ্যায়লৈ গতি কৰিছে তাক উদঙাই দেখুৱাইছে৷ স্বাভাৱিকতেই প্ৰশ্ন কয়– চৰকাৰে এক লাখ নিযুক্তিৰ ৰাজনৈতিক টোপ দিয়াতে ব্যস্ত থাকিবনে, নে চৰকাৰী-বেচৰকাৰী নিয়োগ সৃষ্টিত গুৰুত্ব দিব? নগাঁও-কাছাৰ কাগজ কল বন্ধ কৰি লক্ষাধিক নিবনুৱা সৃষ্টি কৰা চৰকাৰে উদ্যোগ দুটা পুনৰুজ্জীৱিতকৰণ কৰিলেও নিবনুৱা সমস্যা বহুখিনি লাঘৱ হ’ব বুলিও বিভিন্নজনে মত পোষণ কৰিছে৷