Logo
image

দিল্লী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অসমৰ চাহৰ জুতি

আমাৰ অসম,৩০  নৱেম্বৰঃ নৰ্থ ইষ্টাৰ্ণ টি এছ’চিয়েশ্বন চমুকৈ নেটাৰ উদ্যোগত আৰু অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহযোগত নতুন দিল্লীৰ প্ৰগতি ময়দানত ১৪-২৭ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা দিল্লী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অসমৰ চাহৰ প্ৰচাৰৰ বাবে এক বিশেষ টি ষ্টল স্থাপন কৰা হয়৷ দিল্লী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ অসম পেভিলিয়নত স্থাপন কৰা নেটাৰ এই টি ষ্টলত অসমৰ বিভিন্ন প্ৰকাৰৰ উৎকৃষ্ট মানদণ্ডৰ চাহ ৰাইজৰ মাজত পৰিবেশন কৰা হয়৷ নৰ্থ ইষ্টাৰ্ণ টি এছ’চিয়েশ্বনে স্থাপন কৰা এই বিশেষ টি ষ্টলে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাখনলৈ অহা বহুসংখ্যক লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হয়৷ বিশ্ববিখ্যাত অসমৰ চাহৰ জুতি ল’বলৈ টি ষ্টলখনলৈ ব্যাপক হাৰত মানুহৰ সমাগম ঘটে৷ দৈনিক প্ৰায় পাঁচ শ কাপ চাহ ৰাইজৰ মাজত পৰিৱেশন কৰিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰে নেটা পৰিয়ালে৷ উক্ত চাহৰ বিপণী স্থাপন কৰাৰ মূল লক্ষ্য আছিল ৰাইজক উৎকৃষ্ট গুণসম্পন্ন অসমৰ চাহৰ সোৱাদ দিয়াৰ লগতে ভাৰতবৰ্ষৰ চাহ সেৱনকাৰীৰ জনমূৰি হাৰ বৃদ্ধি কৰা৷  উল্লেখনীয় যে ভাৰতীয় চাহ বোৰ্ডে মেচাৰ্ছ ডেল’ইট টাচ্ছ ত’হমাতচু ইণ্ডিয়া এল এল পি নামৰ সংস্থাটোৰ সৈতে চুক্তিবদ্ধ হৈ ভাৰতত মুঠ ঘৰুৱা চাহ সেৱনৰ এক সমীক্ষা চলাইছিল৷  সংস্থাটোৰ ২০১৮ চনৰ সমীক্ষা অনুসৰি ভাৰতত চাহ সেৱনৰ জনমূৰি হাৰ ০.৭৮ কিলোগ্ৰাম৷ যি তুৰস্ক,  মৰক্কো আনকি চুবুৰীয়া ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ জনমূৰি হাৰতকৈ যথেষ্ট কম৷ নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত ইণ্ডিয়া ইণ্টাৰনেচনেল ট্ৰেড ফেয়াৰত স্থাপন কৰা নেটাৰ বিশেষ চাহ বিপণীখনলৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম চৰকাৰৰ প্ৰধান সচিব ড॰ কে কে দ্বিবেদী,  প্ৰধান আৱাসিক আয়ুক্ত ৰাজীৱ চন্দ্ৰ যোশী,  কাৰ্টুনিষ্ট জগজিৎ ৰাণা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত হৈ অসমৰ চাহৰ সোৱাদ লয়৷