Logo
image

হত্যাৰ সাক্ষী আৰক্ষী

 থানাৰ পৰা ৩০০ মিটাৰ, এছপি বাংলোৰ পৰা ৪০০ মিটাৰ! কিয় ঘটনাস্থলী নাপালেহি স্মাৰ্ট পুলিচ

আমাৰ অসম, ১ ডিচেম্বৰঃআৰক্ষীৰ সন্মুখতে হত্যা কৰা হৈছিল আছু নেতা অনিমেষ ভূঞাক৷ যোৰহাটৰ মাজমজিয়াত এদল উন্মাদ লোকৰ জিঘাংসাৰ বলি হ’ল প্ৰতিভাৱান যুৱনেতাজন৷ অথচ সম্পূৰ্ণ নিৰাপদ দূৰত্বত অৱস্থান কৰি চকুৰ সন্মুখতে মানৱদৰদী যুৱকজনক ঘুচিয়াই-গুৰিয়াই হত্যা কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰি গ’ল যোৰহাট আৰক্ষীয়ে৷ আপুনি শুনিলে আচৰিত যেন ১৩ লাগিলেও যোৰহাট চহৰৰ এ টি ৰোডৰ মাৰোৱাৰীপট্টীত সংঘটিত নৃশংস হত্যাকাণ্ডৰ ঘটনাস্থলীৰ পৰা যোৰহাট সদৰ থানালৈ দূৰত্ব মাত্ৰ ৩০০ মিটাৰ৷ খোজ কাঢ়ি আহিলেও সময় লাগে মাত্ৰ ৫-১০ মিনিট৷ আনহাতে ঘটনাস্থলীৰ পৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ দূৰত্ব মাত্ৰ ৪০০ মিটাৰ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনিত থকা অঞ্চলটোত দিনৰ পোহৰতে ৫০-৬০ জনীয়া উন্মাদ লোকে তিনিজন যুৱকক গুৰুলা গুৰুলাকৈ বৰ্বৰভাৱে মাৰপিট কৰি থকাৰ পাছতো ঘটনাস্থলীৰ নাতিদূৰতে থকা থানাৰ পৰা আৰক্ষী আহি পাওঁতে সময় লাগিল সম্পূৰ্ণ আধা ঘণ্টা৷ উন্মত্ত লোকসকলে অমানুষিকভাৱে দুৰ্ভগীয়া অনিমেষসহ তিনিও যুৱকক প্ৰহাৰ কৰাৰ সময়ত ‘জনসেৱাৰ্থে’ প্ৰতিজ্ঞাবদ্ধ আৰক্ষীৰ পৰা কোনো সহায়েই নাপালে৷ কিয়নো ঘটনাৰ দিনা অৰ্থাৎ সোমবাৰৰ দিনটোত যোৰহাটৰ প্ৰায় সকলো আৰক্ষী জোৱান-বিষয়াই আছিল গৈ মাজুলীৰ মুখ্যমন্ত্ৰীৰ সভাৰ নিৰাপত্তাৰ দায়িত্বত৷ সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰা দুখন সভাত যোৰহাটৰ সকলো থানা খালী কৰি ব্যস্ত আছিল অধিকাংশ আৰক্ষী বিষয়া-জোৱান৷ সোমবাৰে ঘটনাস্থলীত উপস্থিত থকা যান-বাহন আৰক্ষীৰ এজন জোৱানেই অসহায়ভাৱে– মুখ্যমন্ত্ৰীৰ দুখন সভাত যোৰহাটৰ অধিকাংশ আৰক্ষী বিষয়া-জোৱান ব্যস্ত থকাৰ কথা স্বীকাৰ কৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা মাৰপিটৰ ঘটনাৰ ভিডিঅ’ত এটা কথা স্পষ্ট হৈ পৰিছে উন্মত্ত লোকসকলে অনিমেষক আক্ৰমণ কৰাৰ সময়ত দৰ্শক হৈ থিয় দি আছিল চ্ছ্ৰ-প্ত জন যান-বাহন আৰক্ষী৷ কৰ্তব্যৰত তেওঁলোক যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্বত থাকিলেও বাস্তৱত প্ৰতিজন যান-বাহন আৰক্ষীয়েই হৈছে পেছাগতভাৱে একো একোজন প্ৰশিক্ষণপ্ৰাপ্ত সশস্ত্ৰ আৰক্ষী বিষয়া-জোৱান৷ কিন্তু ভাইৰেল ভিডিঅ’ত স্পষ্ট হোৱা মতে যান-বাহন আৰক্ষী কেইজনক উন্মত্ত লোকৰ দলটোক নিয়ন্ত্ৰণৰ বাবে কোনো বিশেষ চেষ্টা কৰা দেখা  যোৱা নাই৷ কতৰ্ব্যৰত যান-বাহন আৰক্ষী কেইজনে তাৎক্ষণিকভাৱে থানা বা শীৰ্ষ আৰক্ষী বিষয়াক অথবা কণ্ট্ৰ’ল ৰূমত ঘটনাৰ বিষয়ে অৱগত কৰাত কিয় পলম কৰিলে সেয়া এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে৷ স্বাভাৱিকতেই সোমবাৰে শিহৰণকাৰী ঘটনাৰ সময়ত যোৰহাট আৰক্ষীৰ ভূমিকা যে শূন্য আছিল, সেয়া নকলেও স্পষ্ট হৈ পৰিছে৷ যাৰ বাবে যোৰহাট আৰক্ষী এতিয়া ৰাইজৰ ক্ষোভৰ কাৰণ হৈ পৰিছে৷ আনকি ক্ষুব্ধ হৈ পৰা একাংশ লোকে মঙলবাৰে হত্যাকাণ্ডৰ ঘটনাস্থলীত উপস্থিত হোৱা উজনী অসমৰ ডি আই পি মৃদুলানন্দ শৰ্মাকো দুঃব্যৱহাৰ কৰা দেখা গ’ল৷ ৰাইজৰ ক্ষোভ দেখি ঘটনাস্থলী এৰি আঁতৰি যাবলৈ বাধ্য হয় শীৰ্ষ বিষয়াজনে৷ আনকি ডি আই জি শৰ্মাৰ সন্মুখতে ‘যোৰহাট আৰক্ষী গ’ বেক’, ‘অসম আৰক্ষী হায় হায়’ আদি শ¡’গান দিয়ে ক্ষোভিত একাংশ লোকে৷ আনকি মঙলবাৰে অভিযুক্তসকলক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱা সময়তো একাংশ লোকে অভিযুক্ত কেইজনক  প্ৰহাৰ কৰিবলৈ উদ্যত হোৱা দেখা গৈছিল৷ স্মাৰ্ট অসম আৰক্ষীয়ে শ্ৰেষ্ঠতাৰ পদকৰ ফটা-ঢোল কোবাই প্ৰচাৰ চলালেও যোৰহাটৰ কাণ্ডই স্মাৰ্ট আৰক্ষী দৈন্য স্বৰূপ উদঙাই দেখুৱালে৷ অসম আৰক্ষীৰ এনে স্বৰূপে নি(য়কৈ অপৰাধী সকলে এতিয়া যেন সাহস লাভ কৰিছে৷ সোমবাৰৰ ঘটনাৰ সন্দৰ্ভত যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে  আৰক্ষীৰ ওপৰত ক্ষোভ ব্যক্ত কৰি কয়– ঘটনাস্থলী এছ পি বাংলোৰ পৰা মাত্ৰ ৪০০মিটাৰ দূৰত্বত আৰু যোৰহাট সদৰ থানাৰ পৰা মাত্ৰ ৩০০ মিটাৰ দূৰত্বত৷ কিন্তু ইয়াৰ পাছতো এজন যুৱকক কেনেকৈ একাংশ গুন্দা প্ৰকৃতিৰ লোকে প্ৰহাৰ কৰি হত্যা কৰিব পাৰিলে? যদিহে ঘটনাৰ সময়ত কৰ্তব্যত আৰক্ষীয়ে অৱহেলা কৰিছে, তেওঁ লাগে যিমানে ডাঙৰ আৰক্ষী বিষয়া নহওঁক একচন হ’বই লাগিব৷ মই এই কথা মুখ্যমন্ত্ৰীকো কৈছো৷ তেওঁ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে৷ মই আৰক্ষীক কৈছো– বেয়া মানুহ পালে, তেওঁ লাগে  মোৰ ভাইটি হ’লেও গ্ৰেপ্তাৰ কৰক৷ হত্যাকাণ্ডৰ ঘটনাৰ সময়ৰ ভিডিঅ’ত দেখিছো এজন আৰক্ষীয়ে মাৰিপিট এৰুৱাই আছে৷ মোৰ কথা হ’ল পুলিছজনে মাৰপিট এৰুৱাবলৈ টনা-টনি কৰি থকাতকৈ তেওঁৰ প্ৰাথমিক কৰ্তব্য আছিল আৰক্ষীৰ শীৰ্ষ কতৃৰ্পক্ষক খবৰ দিয়াহে৷ সেয়েহে মোৰ সন্দেহ হয়– মাৰপিট কৰাসকলক সুৰক্ষা দিয়াত আৰক্ষীৰ কিবা হাত আছে নেকি?  ইপিনে, এই হত্যাকাণ্ডৰ মূল অভিযুক্ত মদাহী মোহন দাসে সোমবাৰে অনিমেষ হতে মাৰপিট কৰি তেজ উলিয়াই দিয়া বুলি চিঞৰ বাখৰ কৰাৰ বাবে হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছিল৷ কিন্তু মঙলবাৰে আদালতত অভিযুক্ত মোহন দাসে গাড়ীৰ পৰা পৰিহে মূৰৰ পৰা তেজ ওলোৱা বুলি স্বীকাৰ কৰে৷