Logo
image

২২ হাজাৰ শিক্ষকৰ নিযুক্তি শীঘ্ৰে

আমাৰ অসম, ৩০নৱেম্বৰ ঃ ‘আগন্তুক বৰ্ষৰ ১০ মে’ৰ পূৰ্বেই ৰাজ্যত ২২ হাজাৰ নতুন শিক্ষকৰ নিযুক্তি দিয়া হ’ব৷ ৰাজ্য চৰকাৰে ৰ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি অনুসৰি এই বৃহৎ নিযুক্তি দিয়া হ’ব৷ ৰাজ্যৰ আৰু ৭০০খন হাইস্কুলক হায়াৰ ছেকেণ্ডাৰী স্কুললৈ উন্নীত কৰা হ’ব৷’– এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মাধ্যমিক আৰু উচ্ছ শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত ৭২৩গৰাকী শিক্ষক তথা শিক্ষা বিভাগৰ অন্যান্য পদৰ নিযুক্তি অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– বৰ্তমানৰ চৰকাৰখনে স্বচ্ছ নিয়োগৰ ব্যৱস্থাৰে ৰাজ্যখনৰ উচ্ছ আৰু মাধ্যমিক শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজ্যখনৰ নৱ প্ৰজন্মই যাতে অপাৰদৰ্শী শিক্ষকৰ দ্বাৰা শিক্ষাদানেৰে নিজৰ উৎকৰ্ষ সাধনত ব্যাঘাতৰ সন্মুখীন নহয় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ সমাজত উচ্ছ আদৰ্শ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত শিক্ষকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষকসকলে ৰিমছ্‌ এপৰ জৰিয়তে কৰ্তব্যত উপস্থিতিৰ নিৰীক্ষণ ব্যৱস্থাত আপত্তি কৰাটো উচিত নহয় বুলি মন্তব্য কৰে৷ এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে সমাজত নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতাৰ উদাহৰণ দাঙি ধৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ যথেষ্ট কৰণীয় আছে৷ ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যখনত আৰু অধিক বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ দিশত পদক্ষেপ লৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ অনুসৰি মহাবিদ্যালয়সমূহৰ পৰা উচ্ছতৰ মাধ্যমিকৰ শ্ৰেণীসমূহ পৃথক কৰাৰ দিশত পদক্ষেপ লৈ আছে৷ ইয়াৰ লগতে বিদ্যালয়সমূহত পৰ্যাপ্ত বিজ্ঞান শিক্ষক উপলব্ধ কৰোৱাটো নিশ্চিত কৰাৰ দিশতো পদক্ষেপ লৈ থকা হৈছে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰ সৈতে সংগতি ৰাখি এই ক্ষেত্ৰত উৎকৰ্ষৰ নিদৰ্শন দাঙি ধৰা অন্যান্য ৰাজ্যসমূহৰ আৰ্হিলৈ পৰিগাঁথনি, শিক্ষনৰ পদ্ধতি [পেডাগোগি] আৰু পাঠ্যক্ৰম প্ৰস্তুত কৰা হ’ব৷ ৰাজ্যখনৰ উচ্ছ মাধ্যমিক আৰু নিম্ন বুনিয়াদি শিক্ষাখণ্ডত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিয়োগ কৰা হৈছে যদিও ইয়াৰ মানদণ্ড নিম্নগামী হৈছে বুলি উল্লেখ কৰি আগন্তুক বৰ্ষত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ পাৰদৰ্শিতা নিৰূপণৰ বাবে ‘গুণোৎসৱ’ৰ আয়োজন কৰা হ’ব বুলি তেওঁ কয়৷ শিক্ষকৰো ‘এপটিটিউট’ পৰীক্ষাৰ সময় আহি পৰিছে বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে৷ এলেহুৱা শিক্ষকক ভি আৰ এছ দিয়াৰ ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মহাবিদ্যালয়সমূহৰ শিক্ষক বাচনিৰ বাবে এক বিশেষ কেন্দ্ৰীয় নিয়োগ কমিটী গঠন কৰা হ’ব৷ তেওঁ লগতে কয় যে সকলো চৰকাৰী মহাবিদ্যালয়ে ২০২২ চনৰ ভিতৰত নেশ্বনেল এছেচমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কাউন্সিলৰ মূল্যাঙ্কনৰ ব্যৱস্থা কৰিব লাগিব৷ ইয়াৰ অন্যথা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহা কৰ্তনকে ধৰি অন্যান্য ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ কয়৷ আগন্তুক বৰ্ষৰ জানুৱাৰী মাহত ৰাজ্যত চাৰি বছৰীয়া স্নাতকৰ পাঠ্যক্ৰমৰ জাননী জাৰি হ’ব বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০২৩ বা ২৪১ পৰা ৰাজ্যত এই ব্যৱস্থা সম্পূৰ্ণৰূপে বলৱৎ হ’ব৷ উল্লেখ্য, আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে মহাবিদ্যালয়ৰ ১৩০ গৰাকী সহকাৰী প্ৰৱক্তা, ১৬ গৰাকী তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী, ১৭ গৰাকী অনুকম্পামূলক আৰু ৮৮ খন প্ৰাদেশীকৃত উচ্ছতৰ মাধ্যমিক  বিদ্যালয়ৰ ৫৬০ গৰাকী শিক্ষকক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰে৷ আজিৰ এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধায়ক মানৱ ডেকা, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড॰ ননীগোপাল মহন্তৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷ আজিৰ অনুষ্ঠানতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অচিৰেই সদ্য অনুষ্ঠিত টে’টৰ ফলাফল প্ৰকাশ পাব বুলি ঘোষণা কৰে৷