Logo
image

অনুষ্ঠান আধাতে সামৰি দিল্লীলৈ উভতিল অসুস্থ সঞ্জয়

আমাৰ অসম,১ ডিচেম্বৰঃ অৰুণাচল প্ৰদেশৰ সোণালী জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা বলিউডৰ ছুপাৰষ্টাৰ সঞ্জয় দত্ত হঠাৎ অসুস্থ হৈ পৰিল৷ সোমবাৰে ডিব্ৰুগড় বিমানবন্দৰহৈ হেলিকপ্টাৰযোগে অৰুণাচল প্ৰদেশলৈ যোৱাৰ পাছত আজি পুনৰ দিল্লীলৈ উভতি যায় বলিউডৰ অভিনেতাজন৷ উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ মেচুকাত অনুষ্ঠিত হৈ থকা সোণালী জয়ন্তীবৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অৰুণাচললৈ যাত্ৰা কৰিছিল বলীউডৰ অভিনেতাজন৷ অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেছাডৰ সঞ্জয় দত্তই অৰুণাচলৰ সোণালী জয়ন্তীবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিছিল মুন্নাভাই সঞ্জয় দত্ত৷ ইয়াৰ লগে লগে আকাশমাৰ্গেৰে নিজৰ ব্যক্তিগত জেট বিমানেৰে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হয় অভিনেতা সঞ্জয় দত্ত৷ ডিব্ৰুগড় বিমানবন্দৰতে ডিব্ৰুগড় স্বাস্থ্য বিভাগৰ চিকিৎসকৰ এটা দলে বলিউডৰ অভিনেতাজনক চিকিৎসা কৰোৱাৰ পাছতে দিল্লীলৈ লৈ যোৱা হয় অভিনেতাজনক৷ উল্লেখ্য যে, অভিনেতাজন অৰুণাচলত দুদিন কটোৱাৰ কথা আছিল৷ অৰুণাচললৈ যাত্ৰাৰ সময়ত অভিনেতা সঞ্জয় দত্তৰ সৈতে আছিল সঞ্জয় দত্তৰ বন্ধু তথা ব্ৰেণ্ড এডভাইজৰ ৰাহুল মিত্ৰ আৰু অজয় অৰোৰা, ফটোগ্ৰাফাৰ মনোজ কেশ্বৰৱানী, কষ্টিউম ডিজাইনাৰ আহমেদ আলি আদম শ্বেইখ, ড্ৰেচমেন মহঃ শ্বাৰিক, মেক্‌আপ আৰ্টিষ্ট সুশীল কুমাৰ স্বামী, স্পট বয় সুনীল ঝংকাৰ সিং৷ মুম্বাইৰ পৰা ব্যক্তিগত বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰলৈ অহাৰ পাছত হেলিকপ্টাৰৰ জৰিয়তে ৰাওনা হৈছিল প্ৰকৃতিৰ ভূ-স্বৰ্গ অৰুণাচল প্ৰদেশৰ মেচুকালৈ৷