Logo
image

সৰিয়হৰ ডুলিতে ভূত

ড্ৰাগ্‌ছৰ গোচৰত অভিযুক্তক আত্মীয়সহ ফৰেনছিকত নিযুক্তি

আমাৰ অসম,১ ডিচেম্বৰঃ ৰাজ্যৰ ফৰেনছিক বিজ্ঞানাগাৰৰ নিযুক্তি কেলেংকাৰিৰ এতিয়া কেঁচু খান্দোতে ওলাইছে সাপ৷ পুলিচ ভেৰিফিকেচন অবিহনে ড্ৰাগ্‌ছ সৰবৰাহত অভিযুক্ত এজন ‘বিশেষ’ প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ল ফৰেনছিক বিজ্ঞানাগাৰৰ কনিষ্ঠ সহায়ক পদত৷ বিজ্ঞানাগাৰৰ নিযুক্তি বাছনি ব’ৰ্ডৰ অধ্যক্ষৰ নিকটাত্মীয় অভিযুক্ত প্ৰাৰ্থীজনক পুলিচ ভেৰিফিকেচন অবিহনে নিযুক্তি দিয়া ঘটনাই নতুন মোৰ লৈছে৷ ড্ৰাগ্‌ছ সৰবৰাহৰ গোচৰত কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হোৱাৰ দুমাহৰ পাছতে ফৰেনছিক বিজ্ঞানাগাৰত নিযুক্তি লাভ কৰা এইগৰাকী ‘সৌভাগ্যৱান’ প্ৰাৰ্থী হৈছে ৰাজীৱ ৰাজবংশী৷ চলিত বৰ্ষৰ ১৩ আগষ্টৰ নিশা গুৱাহাটীৰ নুনমাটি আৰক্ষীয়ে ১৬ গ্ৰাম ড্ৰাগ্‌ছসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল এইজন ৰাজীৱ ৰাজবংশীক৷ কিন্তু আৰক্ষীয়ে সময়মতে অভিযোগনামা দাখিল কৰিব নোৱাৰাত ৬০ দিনতে জামিন লাভ কৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিছিল ধৃত ৰাজীৱে৷ ড্ৰাগ্‌ছৰ গোচৰত অভিযুক্ত ৰাজীৱ ৰাজবংশীয়ে চলিত বৰ্ষৰ অক্টোবৰৰ মাজভাগত ফৰেনছিক বিজ্ঞানাগাৰৰ কনিষ্ঠ সহায়কৰ সংৰক্ষিত পদত নিযুক্তি লাভ কৰিছিল৷ অক্টোবৰৰ শেষৰ সপ্তাহত চাকৰিত যোগদান কৰিছিল ৰাজবংশীয়ে৷ ‘কুকুৰৰ নেজ কেতিয়াও চিধা নহয়’ শীৰ্ষক আপ্তবাক্যশাৰীৰ দৰেই যেন চাকৰিত যোগদান কৰিও পূৰ্বৰ ড্ৰাগ্‌ছ সৰবৰাহৰ বৃত্তি এৰিব বিচৰা নাছিল ৰাজীৱ ৰাজবংশীয়ে৷ ফৰেনছিকৰ কনিষ্ঠ সহায়ক ৰাজীৱ ৰাজবংশীক পুনৰ দেওবাৰে নুনমাটি আৰক্ষীয়ে নাৰেংগীৰ ফৰেষ্টগেটত অভিযান চলাই ড্ৰাগ্‌ছ সৰবৰাহৰ অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে ৰাজীৱৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰা বুলিও জানিবলৈ দিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, এইজন ৰাজীৱ ৰাজবংশী চলিত বৰ্ষৰ ১৩ আগষ্টত প্ৰথমবাৰ গ্ৰেপ্তাৰ হৈ কাৰাগাৰলৈ গৈছিল যদিও ফৰেনছিক সঞ্চালকালয়ে কনিষ্ঠ সহায়কৰ পদত কিয় পুলিচ ভেৰিফিকেচন অবিহনে কেৱল এখন শপতনামা লৈয়ে অক্টোবৰৰ শেষৰ সপ্তাহত নিযুক্তি দিলে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে৷ উল্লেখ্য, ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগে চলিত বৰ্ষৰ ১৮ নৱেম্বৰতহে এটা নিৰ্দেশনাযোগে চৰকাৰী চাকৰি লাভ কৰা প্ৰাৰ্থীসকলক পুলিচ ভেৰিফিকেচনৰ পৰিৱৰ্তে নিজৰ নিজৰ বিৰুদ্ধে কোনো অপৰাধজনিত গোচৰ চলি নথকাৰ শপতনামা লৈ নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু পাৰ্চনেল বিভাগে আনুষ্ঠানিকভাৱে জাৰি কৰা নিৰ্দেশনাৰ পূৰ্বেই অক্টোবৰতে ফৰেনছিক সঞ্চালকালয়ে পুলিচ ভেৰিফিকেচন নোহোৱাকৈ কেৱল শপতনামাৰ ভিত্তিত ৰাজীৱ ৰাজবংশীসহ চাৰিজন সন্দেহজনক প্ৰাৰ্থীক নিযুক্তি দিয়াৰ আঁৰত যে ভয়ংকৰ নেক্সাছ জড়িত আছে সেয়া স্পষ্ট হৈ পৰিছে৷ অভিযোগ অনুসৰি ৰাজীৱ ৰাজবংশীৰ সৈতে কনিষ্ঠ সহায়কৰ অ’বিচি সংৰক্ষিত পদত আন এজন প্ৰাৰ্থীয়ে বাচনি লাভ কৰিছিল৷ অ’বিচি কোটাত নিযুক্তি লাভ কৰা এই দুয়োজন সৌভাগ্যৱান প্ৰাৰ্থী হৈছে সম্বন্ধত ভিনিহী-খুলশালি৷ আ(ৰ্যজনক বিষয়টো হৈছে সংশ্লিষ্ট প্ৰাৰ্থী দুজন ফৰেনছিকৰ নিযুক্তি বাছনি সমিতিৰ অধ্যক্ষৰ দায়িত্বত থকা এজন যুটীয়া সঞ্চালকৰ নিকটাত্মীয়ৰ পুতেক আৰু জোঁৱায়েক৷ ফৰেনছিকৰ নিযুক্তি কেলেংকাৰি ইমানতে অন্ত পৰা নাই, সঞ্চালকালয়তে কৰ্মৰত চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীয়েও কনিষ্ঠ সহায়কৰ পদলৈ বাছনি কৰাত বিজ্ঞানাগাৰৰ ভিতৰচ’ৰাতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷