Logo
image

অমিক্ৰনৰ পদাৰ্পণ

চৰকাৰৰ পৰামৰ্শ ঃ বন্ধ কোঠাত নাথাকিব, মাস্ক নেৰিব

আমাৰ অসম, ৩ ডিচেম্বৰ ঃ অৱশেষত ভাৰততো প্ৰৱেশ ঘটিল কৰ’নাৰ নতুন প্ৰজাতি ‘অমিক্ৰন’ৰ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লৱ আগৰৱালাই সাংবাদিকক জনোৱা মতে কৰ্ণাটকত দুজন কৰ’না আক্ৰান্ত লোকৰ দেহত অমিক্ৰনৰ অস্তিত্ব বিচাৰি পোৱা গৈছে৷ যুটীয়া সচিবগৰাকীয়ে উল্লেখ কৰা মতে আক্ৰান্ত দুয়োজনেই পুৰুষ আৰু তেওঁলোকৰ বয়স ক্ৰমে ৬৬ আৰু ৪৬ বছৰ৷ ইয়াৰে এজন  দক্ষিণ আফ্ৰিকাৰ পৰা বেংগালুৰুলৈ আহিছিল৷ অৱশ্যে আক্ৰান্ত লোক দুজনৰ পৰিচয় ৰাজহুৱা কৰাৰ পৰা স্বাস্থ্য মন্ত্ৰণালয় বিৰত আছে৷ কিন্তু উদ্বেগৰ বিষয় যে অমিক্ৰনত আক্ৰান্ত লোক দুজনৰ এজন পাঁচ দিন পূৰ্বে ভাৰত এৰি সংযুক্ত আৰৱ আমীৰশ্বাহী অভিমুখে উৰা মাৰে৷ ইয়াকে লৈ বেংগালুৰুৰ স্বাস্থ্য বিভাগ বিপাঙত পৰিছে৷ বেংগালুৰুৰ পৌৰ প্ৰশাসনে লাভ কৰা তথ্য মতে যোৱা ২৭ নৱেম্বৰত বেংগালুৰু এৰি যোৱা ৬৬ বছৰীয়া লোকজন ২৪ জন লোকৰ সংস্পৰ্শলৈ আহিছিল৷ উল্লেখ্য যে কৰ’নাৰ নতুন প্ৰজাতি অমিক্ৰনক অত্যন্ত বিপজ্জনক বুলি ইতিপূৰ্বেই বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী শুনাই থৈছিল৷ ভাৰতত এই নতুন প্ৰজাতিৰ সংক্ৰমণ যাতে ঘটিব নোৱাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ তৎপৰতা অৱলম্বন কৰিছিল৷ কিন্তু তাৰ পাছতো অমিক্ৰনৰ প্ৰৱেশ ঘটিল দেশখনত৷ অৱশ্যে ভাৰতত প্ৰৱেশ ঘটিলেও অমিক্ৰনক লৈ নাগৰিকক আতংকিত নহ’বলৈ আহ৩ান জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিবগৰাকীয়ে৷ তেওঁ এই সময়ত মাস্ক পৰিধান কৰি থকাটো উচিত বুলি উল্লেখ কৰাৰ লগতে সকলোকে মুকলি পৰিৱেশত থাকিবলৈ আহ৩ান জনায়৷ যুটীয়া সচিবগৰাকীয়ে লগতে কয়– ‘শীতৰ সময়ত আমি সকলোৱে দুৱাৰ-খিৰিকি বন্ধ কৰি থাকো৷ কিন্তু এই সময়ত ঘৰৰ ভিতৰত বতাহ চলাচল কৰিবলৈ দিয়াটো অত্যন্ত জৰুৰী৷’ স্মৰ্তব্য যে অমিক্ৰনৰ প্ৰথম সন্ধান ওলাইছিল দক্ষিণ আফ্ৰিকাত৷ ইয়াৰ পাছতে আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশলৈ কৰ’নাৰ নতুন প্ৰজাতিবিধৰ সংক্ৰমণ ঘটে অতি দ্ৰুতগতিত৷ বিশেষজ্ঞসকলৰ মতে কৰ’না ভাইৰাছৰ ডেŒI×া ভেৰিয়েণ্টতকৈও অতি দ্ৰুতগতিত সংক্ৰমণ হয় অমিক্ৰনৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান টেড্ৰছ আদানম গেব্ৰিয়েছে বৃহস্পতিবাৰে প্ৰকাশ কৰা মতে সম্প্ৰতি বিশ্বৰ ২৯খন দেশলৈ বিয়পি পৰিছে অমিক্ৰন৷ তেওঁ লগতে অতি সোনকালেই আৰু বহু দেশলৈ অমিক্ৰনৰ সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে৷