Logo
image

কেবিচিত অসমৰ কিশোৰীয়ে জিনিলে ৫০ লাখ টকা

আমাৰ অসম, ৩ ডিচেম্বৰঃ প্ৰখ্যাত অভিনেতা অমিতাভ বচ্ছন পৰিচালিত জনপ্ৰিয় টেলিভিশ্বন অনুষ্ঠান ‘কৌন বনেগা ক্ৰোড়পতি’ত ৫০ লাখ টকা জিকিবলৈ সক্ষম হ’ল গুৱাহাটীৰ ১৪ বছৰীয়া কিশোৰী ৰাজনন্দিনী কলিতাই৷ ৰাজনন্দিনী কলিতাক প্ৰথমবাৰৰ বাবে কৌন বনেগা ক্ৰোড়পতিৰ ছাত্ৰ বিশেষ সপ্তাহত দেখুওৱা হৈছিল য’ত যুৱ প্ৰতিযোগীগৰাকীৰ অনুপ্ৰেৰণামূলক ভাষণে বিগ বি অমিতাভ বচ্ছনক আকৰ্ষিত কৰে৷ কৌন বনেগা ক্ৰোড়পতি অনুষ্ঠানত ভাষণ দিয়াত ৰাজনন্দিনীৰ আগ্ৰহ আৰু প্ৰতিভা দেখি বলীউড মহানায়ক অমিতাভ বচ্ছনে তেওঁক ভাষণ দিয়াৰ সুযোগ প্ৰদান কৰে৷ এই সুযোগৰ সদ্‌ব্যৱহাৰ কৰি ৰাজনন্দিনীয়ে ভাষণত কয়– মই এনে এখন ভাৰতৰ সপোন দেখো য’ত প্ৰতিজন নাগৰিক শিক্ষিত, প্ৰতিজন নাগৰিকেই মুক্ত মনেৰে বিচৰণ কৰিব পাৰে৷ ৰাজনন্দিনীৰ এনে তত্বগধূৰ ভাষণ শুনাৰ পিছত অমিতাভ বচ্ছনে মন্তব্য কৰিছিল, ১৪ সাল কে উমৰ মে এইচা ভাষন দিয়া হে বড়ে বড়ে নেতা ভি নহয় দে পাতে’’ [চৈধ্য বছৰ বয়সত এনেকুৱা ভাষণ দিছা, যিটো বিশিষ্ট-বিশিষ্ট শীৰ্ষ ৰাজনৈতিক নেতাসকলেও দিব নোৱাৰে]৷ নলবাৰী জিলাৰ দহকাউনীয়া গাঁৱৰ নিবাসী, গুৱাহাটী পৌৰ নিগমৰ কনিষ্ঠ অভিযন্তা হেমন্ত কুমাৰ কলিতা আৰু ৰীতামনি কলিতাৰ দ্বিতীয় কন্যা ৰাজ নন্দিনী কলিতাই দহকাউনীয়া গাঁৱৰ লগতে সমগ্ৰ অসমৰ বৌদ্ধিক ক্ষেত্ৰখনলৈ এক আনন্দ কঢ়িয়াবলৈ সক্ষম হৈছে৷ অন্তিম শ্ব’টোৰ জৰিয়তে গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী ৰাজনন্দিনী কলিতাই প্ৰতিযোগিতা সমাপ্ত কৰি নিজৰ পাৰদৰ্শিতা অসম তথা দেশবাসীক দেখুৱাই দিয়ে৷ তেওঁৰ এনে সাফল্যত উৎসাহিত হৈ পৰিছে তেওঁৰ জন্মস্থান গুৱাহাটীৰ কাহিলিপাৰা, পিতৃৰ জন্মস্থান দহকাউনীয়া গাঁওকে ধৰি টিহু, বৰমা অঞ্চল তথা নলবাৰী জিলাবাসী৷ অসমৰ পৰা গৈ অমিতাভ বচ্ছনৰ মেগা শ্ব’ত অংশগ্ৰহণ কৰি সফলতা আজুৰিবলৈ সক্ষম হোৱা ৰাজনন্দিনীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছে গাঁওবাসীয়ে৷