Logo
image

ভাৰতক ‘হিন্দু ৰাষ্ট্ৰ’ ঘোষণা কৰি বিৰোধীৰ ৰোষত হিমন্তবিশ্ব

আমাৰ অসম ,৪ ডিচেম্বৰঃ নতুন দিল্লীৰ এক অনুষ্ঠানত ভাৰত হিন্দু ৰাষ্ট্ৰ বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ৷ মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ এনে মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীক জেললৈ প্ৰেৰণ কৰিবলৈও দাবী জনাই বিধায়ক গগৈয়ে কয়–মুখ্যমন্ত্ৰীৰ বক্তব্য ৰাষ্ট্ৰ বিৰোধী৷ এই ৰাষ্ট্ৰ বিৰোধী বক্তব্যৰ কাৰণে তেওঁ নিশ্চিতভাৱে জেললৈ যোৱা উচিত৷ ভাৰতবৰ্ষৰ সংবিধানত স্পষ্ট ৰূপত দেশখন ধৰ্ম নিৰপেক্ষ বুলি ঘোষণা কৰা হৈছে৷ এই ধৰ্ম নিৰপেক্ষতা অনাদি অনন্তকালৰ পৰা ভাৰতত চলি আহিছে৷ আধুনিক ভাৰতৰ নিৰ্মাতা আৰু সংবিধান প্ৰণেতা সকলে ৩ বছৰ ধৰি কৰা আলাপ আলোচনাৰ মাধ্যমৰে ভাৰতৰ সংবিধানক গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষক হিচাপে স্বীকৃতি দিছিল৷ সেই সংবিধানৰ নামত শপত লৈ যি জন মানুহে মুখ্যমন্ত্ৰী হৈছে, তেওঁ ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ নহয় বুলি কোৱাটো আৰু ভাৰতক হিন্দু ৰাষ্ট˜ কৰাৰ হুংকাৰ দিয়াটো ৰাষ্ট˜ বিৰোধী আৰু সংবিধান বিৰোধী৷ সেয়ে তেওঁ শীঘ্ৰে গ্ৰেপ্তাৰ কৰা উচিত৷ নাগপুৰক সন্তুষ্ট কৰিবলৈ তেওঁ এনে ধৰণৰ তৰল মন্তব্য কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰীৰ এই বক্তব্য বিপদৰ সংকেট৷ আনহাতে মুখ্যমন্ত্ৰীৰ ভাষ্যৰ তীব্ৰ বিৰোধিতা কৰিছে এ আই ইউ ডি এফ দলৰ বিধায়ক ৰফিকুল ইছলামে৷ তেওঁ কয়–বিজেপিৰ হাতত ভাৰতৰ সংবিধান সুৰক্ষিত নহয়৷ গণতন্ত্ৰ আজি বিপদাপন্ন হৈ পৰিছে৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত আনকি আদিত্য নাথেও এনেধৰণৰ আপত্তিজনক, তৰল, যুক্তিহীন, অৰ্থহীন আৰু সংবিধান বিৰোধী মন্তব্য কৰা নাই৷ প্ৰজ্ঞা ঠাকুৰ, মহাৰাজ আদি লোকৰ দৰে মন্তব্য এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিবলৈ আৰম্ভ কৰিছে৷ অসমৰ বাবে এইটো অতি দুৰ্ভাগ্যজনক৷ প্ৰধানমন্ত্ৰীৰ চকীৰ প্ৰতি লালায়িত হৈছে ড॰ হিমন্ত বিশ্ব শৰ্মা৷ তেওঁ যদি ভাবিছে যে এনে ধৰণৰ বিষাক্ত মন্তব্য দি ৰাষ্ট˜পতি বা প্ৰধানমন্ত্ৰীৰ চকীৰ দখল কৰিব, তেন্তে সেয়া সম্ভব নহয়৷ আনহাতে এ আই ইউ ডি এফৰ অন্য এজন বিধায়ক আমিনুন ইছলামে [জ্যেষ্ঠ] কয়–বাৰে বাৰে ধৰ্মৰ নামত ব্লেকমেইল কৰি থকাটো বেছিদিন নচলিব৷ বহু হিন্দু লোকেও মুখ্যমন্ত্ৰীৰ মন্তব্য ভাল পোৱা নাই৷ মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ কথা কোৱাটো বাদ দিব লাগে৷ উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কৈছিল–ধৰ্ম নিৰপেক্ষ ১৯৪৭ চনৰ পৰাহে আৰম্ভ হৈছে৷ ইয়াৰ পূৰ্বে আমি কি আছিলো৷ সম্পূৰ্ণ ৫-৬ হাজাৰ বছৰ ধৰি এইখন হিন্দু দেশ আছিল৷ আৰু এই খন হিন্দুৰ দেশ হৈ থাকিব৷ ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াত মুছলমান নাথাকিব৷ কিন্তু দেশখনৰ ওপৰত হিন্দুৰ প্ৰথম অধিকাৰ আছে৷ বাবৰ অহাৰ পূৰ্বে ইয়াত সকলো হিন্দু আছিল৷