Logo
image

অমিক্ৰনৰ শক্তিক লৈ সন্দেহ, স্বস্তিও

বিশ্বত অমিক্ৰনত এজনৰো মৃত্যু হোৱা নাই

আমাৰ অসম, ৪ ডিচেম্বৰঃ  ন’ভেল কৰ’না ভাইৰাছৰ নতুন অৱতাৰক লৈ বিশ্বজুৰি আতংক উদ্ভৱ হোৱাৰ সময়তে ‘হু’ অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে, এই পৰ্যন্ত বিশ্বত অমিক্ৰন নামৰ ক’ভিডৰ নতুন ভেৰিয়েণ্টত আক্ৰান্ত হোৱা কোনো ব্যক্তিৰে মৃত্যু হোৱা নাই৷ ক’ভিডৰ শেহতীয়া অৱতাৰ ডেল্টা, ডেল্টা প্লাছ আৰু বিটাতকৈ অমিক্ৰন ৩গুণ অধিক সংক্ৰামক বুলি সমীক্ষাত ধৰা পৰিছে যদিও এই ভেৰিয়েণ্ট পূৰ্বৰ আন ভেৰিয়েণ্ট বা প্ৰজাতিতকৈ অধিক মাৰাত্মক বুলি কোনো প্ৰমাণ পোৱা নাই৷ অৱশ্যে সমীক্ষাৰ ফলাফলৰ এতিয়াও পূৰ্ণ বিশ্লেষণ হোৱা নাই৷ তথাপি ‘হু’ৱে এতিয়ালৈকে অমিক্ৰনত সংক্ৰমিত লোকৰ মৃত্যুৰ খবৰ বিশ্বৰ কোনো ৰাষ্ট্ৰৰ পৰা নোপোৱা বুলি জনোৱাটোৱে আতংকৰ মাত্ৰা হ্ৰাস কৰিবলৈ সমৰ্থ হৈছে৷ বিশ্বজুৰি আতংকৰ মাত্ৰা হ্ৰাস হ’লেও অমিক্ৰনক লৈ ভাৰতত তীব্ৰ আতংক আৰু প্ৰচণ্ড ভুল বুজাবুজিৰ উদ্ভৱ হৈছে৷ এই পৰ্যন্ত ভাৰতত দুজন লোক ক’ভিডৰ নতুন অৱতাৰ অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি কেন্দ্ৰীয় চৰকাৰে নিশ্চিত কৰিছে৷ পিছে তাৰে এজনে অৰ্থাৎ দক্ষিণ আফ্ৰিকাৰ পৰা অহা অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত নাগৰিকজনে ভুৱা তথ্যৰ জৰিয়তে ভাৰত এৰি পলায়ন কৰা আৰু তেওঁৰ সংস্পৰ্শলৈ অহা অসংখ্য লোকৰ সন্ধান নোপোৱাত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই চাঞ্চল্য অব্যাহত থকাৰ মাজতে শেহতীয়া দুটা দিনত বিদেশৰ পৰা অহা যাত্ৰী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা ৪৫ জন লোক ক’ভিডত সংক্ৰমিত হোৱা বুলি নিশ্চিত হোৱাত দেশৰ ঠায়ে ঠায়ে আতংক বিৰাজ কৰিছে৷ শেহতীয়াকৈ দুদিনত বিদেশৰ পৰা আহি হায়দৰাবাদত নমা ১৩জন, দিল্লীত ১২জন, মুম্বাইত ৯জন, ৰাজস্থানত জ্ঝজন আৰু তামিলনাডুত ২জন যাত্ৰীৰ দেহত ক’ভিডৰ উপস্থিতি নিশ্চিত হৈছে৷ এওঁলোকৰ অধিকাংশই ভাৰতে বিপজ্জনক বুলি চিহ্নিত কৰা ৰাষ্ট্ৰৰ পৰা অহা যাত্ৰী আৰু তেনে লোকৰ সংস্পৰ্শলৈ আহি ক’ভিড পজিটিভ হোৱা বুলি সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ এই ৪৫জন ক’ভিড আক্ৰান্তৰ মাজত বেংগালুৰুৰ অমিক্ৰনত আক্ৰান্ত দুজনক ধৰা হোৱা নাই৷ কিয়নো এই ৪৫জন ক’ভিডত আক্ৰান্ত হ’লেও তেওঁলোক যে অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হৈছে, সেয়া স্বাস্থ্য বিভাগে নিশ্চিত কৰা নাই৷ স্বাস্থ্য বিভাগে সংক্ৰমিত প্ৰত্যেকৰে নমুনা ‘জিনম িছুকুৱেন্স’ৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে, য’ত তেওঁলোক কোন প্ৰজাতিৰ দ্বাৰা সংক্ৰমিত হৈছে, সেয়া নিশ্চিত হ’ব৷ ‘জিনম ছিকুৱেন্স’ৰ ফলাফল অহালৈকে অপেক্ষা কৰাৰ পৰিৱৰ্তে দেশৰ গৰিষ্ঠসংখ্যক সংবাদ মাধ্যমে ভাৰতত বৃহৎ হাৰত অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা প্ৰকাশ কৰাত স্বাভাৱিকতে আতংকজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ এই আতংক আৰু সন্দেহ সৃষ্টি হোৱা অতি স্বাভাৱিক, কিয়নো বিদেশৰ পৰা অহা যি ৪৫জন ক’ভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে, তাৰ অধিক সংখ্যকেই ভাৰতে বিপজ্জনক হিচাপে চিহ্নিত কৰা দেশৰ পৰা অহা যাত্ৰী৷ সেই বাবেই সংশ্লিষ্ট ৰাজ্যই এই ক’ভিড আক্ৰান্তক পৃথকভাৱে ৰাখি চিকিৎসা কৰিছে৷ ৰাজস্থানৰ জয়পুৰত ক’ভিড পজিটিভ হোৱা ৯জন একে পৰিয়ালৰ, য’ৰ ৪জন দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিছিল৷ সেই পৰিয়ালৰ ১৪জনৰ নমুনা পৰীক্ষা কৰা হ’লেও ৫জনৰ ফলাফল নিগেটিভ৷ দিল্লীত লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হাস্পতালত আছুতীয়াকৈ ভৰ্তি আৰু চিকিৎসা কৰা ১২জনেই ভিন ভিন বিপজ্জনক ৰাষ্ট্ৰৰ পৰা অহা৷ তামিলনাডুৰ দুজনৰ এজন ব্ৰিটেইনৰ আৰু আনজন ছিংগাপুৰৰ পৰা আহিছিল৷ তাৰে দুজন ব্ৰিটেইন, এজনকৈ ফ্ৰান্স আৰু নেডাৰলেণ্ডছৰ পৰা আহিছিল৷ মুম্বাইৰ ৯জন পজিটিভ আৰু হায়দৰাবাদৰ ১৩জনো আহিছিল বিপজ্জনক হিচাপে চিহ্নিত ৰাষ্ট্ৰৰ পৰা৷ ফলত অমিক্ৰনক লৈ সৃষ্টি হোৱা সন্দেহ আৰু আতংকত তেনে অস্বাভাৱিকতা দেখা নাই কেন্দ্ৰীয় চৰকাৰেও৷ সেয়ে শুকুৰবাৰে লোকসভাত এই আক্ৰান্ত আৰু পলাতক যাত্ৰী তথা অমিক্ৰনৰ স্থিতিক লৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই বিস্তৃত তথ্য দাঙি ধৰাৰ লগতে স্পষ্টীকৰণো আগবঢ়ায়৷ প্ৰসংগতঃ কেন্দ্ৰীয় চৰকাৰে ব্ৰিটেইন, দক্ষিণ আফ্ৰিকা, ব্ৰাজিল, বৎছোৱানা, চীন, মৰিছাছ, নিউজিলেণ্ড, জিম্বাব’ৱে, ছিংগাপুৰ, ইজৰাইল আৰু হংকঙক অমিক্ৰনৰ ক্ষেত্ৰত বিপজ্জনক ৰাষ্ট্ৰ হিচাপে চিহ্নিত কৰিছে৷

কৰ্ণাটকৰ বেংগালুৰুৰ বিমান বন্দৰৰ পৰা মুঠতে ১০জন যাত্ৰীয়ে পলায়ন কৰাৰ ঘটনাই আতংক বিয়পাইছে৷ তেওঁলোক প্ৰত্যেকেই বিপজ্জনক হিচাপে চিহ্নিত কৰা দেশৰ পৰা আহিছিল৷ তেওঁলোকৰ সংস্পৰ্শলৈ কমেও ২৪০জন লোক আহিছিল৷ প্ৰাথমিক সংস্পৰ্শ আৰু দ্বিতীয় সংস্পৰ্শলৈ অহা কেইবাজনো লোকৰ সন্ধান কতৃৰ্পক্ষই উলিয়াইছে৷ পলাতক যাত্ৰীকেইজনৰ সন্ধান অচিৰেই উলিয়াব বুলি কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰীয়ে শুকুৰবাৰে নিশ্চিতি প্ৰদান কৰিছে৷ উল্লেখ্য, এই পৰ্যন্ত যি দুজন ব্যক্তি অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত বুলি নিশ্চিত হৈছে তাৰে এজন দক্ষিণ আফ্ৰিকাৰ নাগৰিক৷ তেওঁ ইতিমধ্যে বেংগালুৰুৰ এখন ব্যক্তিগত ক্লিনিকৰ পৰা ক’ভিড নিগেটিভ প্ৰমাণপত্ৰ উলিয়াই ডুবাই হৈ পলায়ন কৰাৰ ঘটনাই আতংকৰ সৃষ্টি কৰিছে৷ তেওঁ বেংগালুৰুৰ ছাংগ্ৰিলা নামৰ যিখন হোটেলত আছিল, তাত অনেকেই তেওঁৰ সংস্পৰ্শলৈ আহিছিল৷ হাতত ক’ভিড নিগেটিভ প্ৰমাণপত্ৰ লৈ ভাৰতত প্ৰৱেশ কৰিলেও বেংগালুৰুত বিমানৰ পৰা নমাৰ পাছতে কৰা পৰীক্ষাত তেওঁৰ ক’ভিড পজিটিভ ধৰা পৰে৷ তেতিয়া কতৃৰ্পক্ষই তেওঁক হোটেলতে আইছ’লেশ্বনত থাকিবলৈ নিৰ্দেশ দিয়ে৷ তেতিয়ালৈকে দক্ষিণ আফ্ৰিকাৰ নাগৰিকজন অমিক্ৰনত আক্ৰান্ত বুলি নিশ্চিত হোৱা নাছিল৷ ‘জিনম ছিকুৱেন্স’ৰ পাছত যেতিয়া তেওঁ অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত বুলি নিশ্চিত হ’ল, তেতিয়া স্থানীয় কতৃৰ্পক্ষই তেওঁক গৈ হোটেলত বিচাৰি নাপালে৷ ইতিমধ্যে তেওঁ বেংগালুৰুৰ এটা ক্লিনিকৰ পৰা ক’ভিড নিগেটিভ প্ৰমাণপত্ৰ উলিয়াই পলায়ন কৰিছিল৷ মাজৰ কেইটাদিনত তেওঁ হোটেলৰ বাহিৰৰো অনেকৰ সংস্পৰ্শলৈ আহিছিল৷ বেংগালুৰু আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছে আৰু দক্ষিণ আফ্ৰিকাৰ দূতাবাসত আপত্তি দাখিল কৰিছে৷ ভৱিষ্যতে তেওঁ ভাৰতীয় ভিছাৰ ক্ষেত্ৰত ‘ব্লেক লিষ্টেড’ কৰা হ’ব পাৰে৷ উল্লেখ্য যোৱা ২৪ ঘণ্টাত ভাৰতত ৯,২১৬জন নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে আৰু  ৩৯১জনৰ মৃত্যু হৈছে৷ দেশত এতিয়া সক্ৰিয় ক’ভিড আক্ৰান্ত আছে ৯৯,৯৭৬জন৷