Logo
image

পথে-ঘাটে জব্দ হৈছে ড্ৰাগ্‌

মুখ্যমন্ত্ৰীৰ টুইটত আহিছে খবৰ

আমাৰ অসম,৪ ডিচেম্বৰ ঃ চৰকাৰ গঠনৰ পিছৰে পৰা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ সৰ্বত্ৰে যুদ্ধকালীন তৎপৰতাৰে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান৷ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিয়মীয়াভাৱে পৰ্যবেক্ষণ কৰি আহিছে ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোণে আৰক্ষীয়ে চলোৱা অভিযান৷ কেৱল নিৰন্তৰ পৰ্যবেক্ষণে নহয় ড্ৰাগ ব্যৱসায়ীৰ বিৰুদ্ধে চলোৱা অভিযানত যেতিয়াই আৰক্ষীয়ে সফলতা লাভ কৰে তেতিয়াই মুখ্যমন্ত্ৰীয়ে নিজৰ ফেচবুক পেজ বা টুইটাৰযোগে এই বিষয়ে ডাৰৰ বাতৰি ডাৰে ডাৰে ৰাজ্যবাসীক জনাই আহিছে৷ অভিযানত আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছৰ আলোকচিত্ৰ, ভিডিঅ’ আদি নিয়মীয়াভাৱে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টযোগে আপলোড কৰি আহিছে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে এনে কাৰ্যৰ দ্বাৰা এহাতে অসম আৰক্ষীক উৎসাহিত কৰিছে ড্ৰাগছ বিৰোধী অভিযান অধিক সক্ৰিয়তাৰে চলোৱাৰ ক্ষেত্ৰত আনহাতে ড্ৰাগছ ব্যৱসায়ী সকলোলৈ যেন কঠোৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে৷ নিয়মীয়া ছ’চিয়েল মিডিয়া আপডেটত মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক সময়ে সময়ে প্ৰশংসাও কৰি আহিছে৷ সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ লোক পৰ্যন্ত এতিয়া সকলোৰে যেন আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ এনে টুইটসমূহ৷ মুখ্যমন্ত্ৰীৰ নিয়মিয়া টুইটৰ খবৰে যেন আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ সফলতাৰ বতৰা কঢ়িয়াই আনে ৰাজ্যবাসীলৈ৷

নলবাৰীত ড্ৰাগছসহ দুজনক আটক

আমাৰ অসমঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো ড্ৰাগ্‌ছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে৷ এনে অভিযানৰ অংশ হিচাপে আজি নলবাৰী আৰক্ষীয়ে কিছু পৰিমাণৰ ড্ৰাগ্‌ছ জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে এই সন্দৰ্ভত দুজন যুৱকক আটক কৰিছে৷ নলবাৰীৰ চ’ক বজাৰত নিয়মীয়া তালাচীত ৯টা ড্ৰাগ্‌ছৰ কণ্টেইনাৰসহ আৰক্ষীয়ে যুৱকদ্বয়ক আটক কৰে৷ আটকাধীন ড্ৰাগ্‌ছ সৰবৰাহকাৰী দুটা হৈছে নলবাৰী জয়মংলাৰ ধন আলী আৰু মুন আলী৷ ধন-মুন দীৰ্ঘদিন ধৰি এই ব্যৱসায়ৰ লগত জড়িত বুলি আৰক্ষীয়ে প্ৰকাশ কৰে৷ নলবাৰী আৰক্ষীয়ে সদৰ থানাত অভিযুক্তদ্বয়ক সোধা-পোছা অব্যাহত ৰাখিছে৷