Logo
image

‘নিৰীহ’ক এনকাউণ্টাৰ মন ছাৰখাৰ

উগ্ৰপন্থী সন্দেহত সেনাৰ গুলীত নিহত ১৪ , সেনা শিবিৰ, যান-বাহনত জুই

আমাৰ অসম,৬ ডিচেম্বৰ ঃ সন্ত্ৰাসবাদী বুলি সন্দেহ কৰি নাগালেণ্ডৰ মন জিলাত সশস্ত্ৰ নিৰাপত্তা বাহিনীয়ে ১৪জনকৈ গাঁওবাসীক শনিবাৰে বিয়লি গুলীয়াই হত্যা কৰাৰ ঘটনাই  সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই অভাৱনীয় ঘটনাৰ ফলত নাগালেণ্ডত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে আৰু তাৰ পৰিণতিত ক’হিমাত চলি থকা বিশ্বখ্যাত হৰ্ণবিল মহোৎসৱ আধাতে বন্ধ কৰি দিয়া হ’ব পাৰে৷ পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকাত মন জিলাৰ লগতে নাগালেণ্ডৰ অধিকাংশ স্থানত চৰকাৰে ইণ্টাৰনেটৰ সংযোগ বিচ্ছিন্ন কৰি দিছে আৰু একেলগে সৰহকৈ প্ৰেৰণ কৰিব পৰা ম’বাইলৰ মেছেজৰ ব্যৱহাৰ বন্ধ কৰি দিছে৷ গাঁওবাসীৰ প্ৰত্যাক্ৰমণত এজন নিৰাপত্তা বাহিনীৰ জোৱানৰো মৃত্যু হোৱা বুলি সেনাবাহিনী আৰু আছাম ৰাইফলছ উভয়ে প্ৰকাশ কৰিছে৷ এই ঘটনা এককভাৱে  সেনাবাহিনীয়ে সংঘটিত কৰিলে নে আছাম ৰাইফলছে কৰিলে সেই সন্দৰ্ভত এতিয়াও কোনো পক্ষই স্পষ্ট কৰা নাই৷ অৱশ্যে একাংশ সংবাদ মাধ্যমৰ মতে এনএছচিএনৰ উগ্ৰপন্থীৰ বিৰুদ্ধে এয়া যুটীয়া অভিযান আছিল৷ ভাৰতীয় সেনা বাহিনীৰ নাগালেণ্ডস্থিত ৩ ক’ৰ আৰু আছাম ৰাইফলছ উভয়ে ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দাঙি ধৰালৈ চাই এই অভিযান যুটীয়া আছিল বুলি ধাৰণা কৰা হৈছে৷ নিৰাপত্তা বাহিনীয়ে ১৪ জনকৈ গাঁওবাসীক হত্যা কৰাৰ ঘটনাই সমগ্ৰ নাগালেণ্ডক অস্থিৰ কৰি তুলিব পাৰে বুলি আশংকা কৰা হৈছে৷ দেওবাৰে দিনত মন জিলাৰ মুখ্য কাৰ্যালয়ত স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰি বহুকেইটা চৰকাৰী কাৰ্যালয় জ্বলাই দিয়াৰ লগতে বহু কেইখন যানবাহনো জ্বলাই দিয়ে৷ মন জিলাৰ মুখ্য কাৰ্যালয়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অদ্ধৰ্সামৰিক বাহিনী নিয়োগ কৰা হৈছে আৰু নিশাৰ ভাগলৈ পৰিস্থিতি অধিক অৱনতি ঘটাৰ লগতে গুলীচালনাৰ ঘটনাও সংঘটিত হৈছে৷ এই ঘটনাৰ প্ৰতিক্ৰিয়া ৰাজ্যখনৰ আন আন স্থানলৈ বিয়পি পৰাৰ আশংকা কৰি প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ কিয়নো এই পৰ্যন্ত ৰাজ্যখনৰ কেইবাটাও সামাজিক সংগঠনে নিৰাপত্তা বাহিনীৰ হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু একাধিক সামাজিক সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ সৈতে চলি থকা শান্তি আলোচনাৰ পৰা নাম প্ৰত্যাহাৰ কৰিব বুলিও ঘোষণা কৰিছে৷ এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল শনিবাৰে বিয়লি চ্ছ্ৰ বজাত মন জিলাৰ অটিং নামৰ গাঁৱৰ সমীপত৷ নিৰাপত্তা বাহিনীৰ গুলীত মৃত্যুবৰণ কৰা প্ৰত্যেকজন লোকেই আছিল অটিং গাঁৱৰ৷ অটিং বস্তি হিচাপে জনাজাত গাঁওখনৰ একাংশ বাসিন্দাই ১৫ কিলোমিটাৰ দূৰৰ তিৰুত থকা কয়লাখনিত কাম কৰে৷ শনিবাৰে তেওঁলোক গাঁৱৰ ঘৰলৈ উভতি আহে আৰু পৰিয়ালৰ সৈতে কটাই সোমবাৰে পুনৰ কয়লাখনিলৈ উভতি যায়৷ শনিবাৰে গাঁওখনৰ শ্ৰমিকৰ এটা দল এখন টাটা ডি-আই গাড়ীত উঠি তিৰুৰ পৰা অটিং গাঁৱলৈ আহি আছিল৷ তিৰু আৰু অটিঙৰ মাজ পথতে নিৰাপত্তা বাহিনীৰ এটা বৃহৎ দলে এনএছচিএনৰ ইয়ুং-আং গোটৰ সদস্য সেইদিশে আহিব বুলি আগতীয়া খবৰ পাই খাপপিতি আছিল৷ কয়লা শ্ৰমিকৰ দলটোৰ গাড়ীখন নিৰাপত্তা বাহিনীয়ে খাপপিতি থকা স্থান পোৱাৰ লগে লগে তেওঁলোকলৈ নিৰাপত্তা বাহিনীয়ে নিৰ্বিচাৰভাৱে গুলীচালনা কৰে৷ শতাধিক নিৰাপত্তা বাহিনীৰ সদস্যৰ গুলীৰ আক্ৰমণত নূ্যনতম আত্মৰক্ষাৰো সুবিধা নাপাই গাড়ীৰ ভিতৰতে ছজনকৈ শ্ৰমিকৰ মৃত্যু হয় আৰু বাকী কেইজন গুৰুতৰভাৱে আহত হয়৷ পাছত আন আঠজন শ্ৰমিকৰো মৃত্যু হয়৷ সেনা বাহিনী আৰু আছাম ৰাইফলছৰ ভাষ্য এইক্ষেত্ৰত সামান্য পৃথক৷ তেওঁলোকে জনোৱা মতে গুলীচালনাৰ ক্ষন্তেক পাছতে নিৰাপত্তা বাহিনীয়ে এই দলটো যে সন্ত্ৰাসবাদী সংগঠনৰ সদস্য নহয় সেয়া উপলব্ধি কৰি নাগালেণ্ড আৰক্ষীৰ সৈতে যোগাযোগ কৰে৷ তেওঁলোকে নাগালেণ্ড আৰক্ষীৰ দল আহি পোৱালৈ ঘটনাস্থলতে অপেক্ষা কৰি থকাৰ সময়তে গাঁওবাসীয়ে এই ঘটনাৰ বিষয়ে জানিব পাৰি হাতত দা, যাঠি লৈ ওলাই আহি নিৰাপত্তা বাহিনীৰ দলটোক ঘেৰি ধৰি আক্ৰমণ কৰে৷ তেতিয়া আত্মৰক্ষাৰ বাবে নিৰাপত্তা বাহিনীয়ে আক্ৰমণকাৰী গাঁওবাসীলৈ গুলীচালনা কৰে আৰু সাতজন আক্ৰমণকাৰীৰ তেতিয়াহে মৃত্যু হয়৷ গাঁওবাসীক আক্ৰমণত এজন জোৱানৰো মৃত্যু হয় বুলি সেনা বাহিনী আৰু আছাম ৰাইফলছে বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে৷ 

বিয়লি ৪ বজাত ঘটনা সংঘটিত হোৱাৰ পাছৰ পৰা নিশা দেৰিলৈকে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনা ঘটি থাকে৷ গাঁওবাসীয়ে ঘেৰি ধৰি নিৰাপত্তা বাহিনীক আক্ৰমণ কৰে আৰু আছাম ৰাইফলছৰ ২-৩ খন বাহন জ্বলাই দিয়ে৷ বৃহৎ আৰক্ষীৰ দল আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত পৰিস্থিতি সামান্য নিয়ন্ত্ৰণলৈ আহে৷ অৱশ্যে গাঁওবাসীয়ে নিৰাপত্তা বাহিনীৰ এই অন্যায় হত্যাৰ বিৰুদ্ধে বিচাৰ নোপোৱালৈকে মৃতকৰ দেহ চমজি নোলোৱাত আজিও উত্তেজনাই বিৰাজ কৰি আছে৷ স্থানীয় একাধিক সংগঠনে দোষীৰ বিৰুদ্ধে তাৎক্ষণিক বিচাৰ দাবী কৰিছে আৰু তেওঁলোকে ন্যায় নাপালে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ সংগঠনৰ ওচৰলৈ যাব বুলি ভাবুকি দিছে৷ এই ঘটনাৰ প্ৰতিবাদত ‘ইষ্টাৰ্ণ নাগালেণ্ড পিপ’লছ অৰ্গেনাইজেশ্বনে’ [এনপো] ক’হিমাৰ সমীপৰ কিছামাত চলি থকা হৰ্ণবিল মহোৎসৱৰ পৰা ৬ টাকৈ জনজাতীয় সংগঠনে নাম প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে৷ অৱশ্যে ইয়াৰ পাছতে চৰকাৰীভাৱে হৰ্ণবিল মহোৎসৱ বন্ধ কৰা হ’ব পাৰে বুলি চৰ্চা হৈছে৷

 এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নাগালেণ্ড চৰকাৰে৷ শনিবাৰে দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে আলোচনাত মিলিত হোৱা নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ই ততালিকে ক’হিমালৈ উভতি আহে৷ তেওঁ নিৰাপত্তা বাহিনীয়ে আগবঢ়োৱা বক্তব্য সঠিক হয় নে নহয় সেয়া নিশ্চিত কৰা নাই৷ তদুপৰি ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ৱাই পেটনে ৰাষ্ট˜ীয় সংবাদ মাধ্যমৰ আগত কয় যে, নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থী বুলি ভুল কৰি  গাঁওবাসীৰ ওপৰত গুলীচালনা কৰাৰ কথা ক’লেও সেয়া নিশ্চিত কৰিব পৰা নাই৷ ইপিনে মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ই এই ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠনৰ নিৰ্দেশ দিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাত দুখ প্ৰকাশ কৰি সৰ্বোচ্ছ পৰ্যায়ৰ তদন্তৰ জৰিয়তে দোষীক আইনগত শাস্তি প্ৰদান কৰিব বুলি আশ্বাস দিছে৷ আনহাতে, সামৰিক বাহিনীৰ দ্বাৰা নিৰ্দোষী লোকক হত্যাৰ প্ৰতিবাদ কৰিছে নাগা ষ্টুডেণ্টছ ফেডাৰেশ্বন আৰু নৰ্থ-ইষ্ট ষ্টুডেণ্টছ অৰ্গেনাইজেশ্বন বা নেছ’ৱে৷ নাগা ষ্টুডেণ্টছ ফেডাৰেশ্বনে আজি মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ নেছ’ৱে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ এই বৰ্বৰোচিত কাৰ্যক গৰিহণা দি দোষী নিৰাপত্তা বাহিনীৰ বিষয়া-জোৱানক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী কৰিছে৷ তদুপৰি নাগালেণ্ডত চলি থকা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বা আফস্পা প্ৰত্যাহাৰৰ দাবী পুনৰ তীব্ৰ হৈছে৷ এই আইন চলি থকাৰ বাবে নিৰাপত্তা বাহিনীয়ে উত্তৰ-পূবৰ সাধাৰণ ৰাইজক নিৰ্বিচাৰে হত্যা কৰিব পাৰে বুলি নাগালেণ্ডৰ একাধিক সংগঠনে আজি মন জিলাকে ধৰি বিভিন্ন স্থানত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য এই আইনৰ অধীনত থকাৰ ফলত উত্তৰ পূবত নিৰাপত্তা বাহিনীৰ অত্যাচাৰ দেশৰ আন ঠাইৰ তুলনাত অধিক৷ এই আইনৰ ফলতেই এনেদৰে নিৰ্দোষী লোকক হত্যা কৰিও নিৰাপত্তা বাহিনীৰ লোক সাৰি যাব পাৰে৷

উগ্ৰপন্থী সন্দেহত সেনাৰ গুলীত নিহত ১৪

আমাৰ অসম, ঃ চৰাইদেউ জিলাৰ পাশ্বৰ্ৱতী নাগালেণ্ডৰ মন জিলাৰ টিজিত অঞ্চলৰ তিৰু আৰু অটিং বস্তিৰ মাজত যোৱা নিশা নগা আৰু সেনাৰ ২১ পেৰা কামাণ্ডো জোৱানৰ মাজত সংঘটিত হোৱা এক ভয়ংকৰ সংৰ্ঘষত ১৪জন নগা লোক নিহত হোৱাৰ বিপৰীতে ১১জন নগা আহত হয়৷ সমান্তৰালভাৱে সংৰ্ঘষত এএজন সেনা নিহত হোৱাৰ বিপৰীতে ২০জন সেনা জোৱান আহত হোৱাৰ সংবাদ পোৱা গৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি টিজিত অঞ্চলৰ কয়লা খনিৰ পৰা এখন জীপত কেইজন মান নগালোক তীব্ৰ গতিত গৈ থকা সেনাৰ এটা টহলদাৰী দলে প্ৰত্যক্ষ কৰি জীপত থকা দলটোক ৰ’বলৈ কয়৷  জীপখনে সেনাৰ কঠোৰ আদেশ অমান্য কৰাত সেনাই নগা উগ্ৰপন্থী বুলি সন্দেহ কৰি গুলীচালনা কৰাত ১৪জন নগালোক ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে ১১জন নগা আহত হয়৷ ঘটনাৰ সম্ভেদ পাই সমীপৰ বস্তিৰ পৰা শ শ নগা হাতে হাতে দা, জাঠী-জোং, মাৰণাস্ত্ৰ লৈ ঘটনাস্থলীত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সেনাৰ দুখন গাড়ীত অগ্নিসংযোগ কৰাৰ লগতে সেনাৰ দলটোৰ সৈতে ভয়ংকৰ সংৰ্ঘষত লিপ্ত হয়৷ নগাৰ আক্ৰমণত এজন সেনা জোৱান নিহত হোৱাৰ বিপৰীতে নিৰাপত্তা বাহিনীৰ ২০জন আহত হয়৷ নিৰাপত্তাবাহিনীৰ দলটোৱে পৰিস্থিতি নিমন্ত্ৰণ কৰাৰ বাবে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল৷ স্থানীয় ৰাইজে জনোৱা মতে নিৰীহ নগা লোকক নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদহে কৰিছিল৷ অঞ্চল দুটা সম্প্ৰতি নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰি ৰাখিছে৷ নিৰাপত্তাৰ খাতিৰত কোনো যান-বাহন অসমৰ পৰা নাগালেণ্ড অভিমুখে যোৱা নাই৷ ইফালে নগাৰ আক্ৰমণত নিহত জোৱানজনৰ নাম গৌতম লাল বুলি প্ৰকাশ৷ লালৰ ঘৰ উত্তৰাখণ্ডত৷ আহত সেনা জোৱান ক্ৰমে পংকজ নাগ, সুভাষ ৰঘুৰাজন, অজয় তুৰাত, দীতাৰাম বাঘেল, অজয় সিং, সুভাষ বসুমাতাৰীৰ নাম পোৱা গৈছে৷ প্ৰশাসনে তৎকালে বলৱৎ হোৱাকৈ সমগ্ৰ মন জিলাৰ পৰা ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে৷ ইফালে মন জিলাত সংঘটিত ঘটনাৰ পাছত চৰাইদেউ জিলা প্ৰশাসনে কেতবোৰ সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷