Logo
image

মহিলাই সহানুভূতি নহয় অধিকাৰ সাব্যস্ত কৰক

বিজেপিৰ মহিলা মৰ্চাৰ সভাত মুখ্যমন্ত্ৰী

আমাৰ অসম,৫ ডিচেম্বৰ ঃ অসমত ভৱিষ্যতে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী মহিলা হ’ব বুলি কৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰা ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাক মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাৰন্তৰে যেন সকীয়নিহে দিলে৷ মহিলা মুখ্যমন্ত্ৰী সন্দৰ্ভত আঙুৰলতা ডেকাই কৰা মন্তব্যক তেওঁৰ সন্মুখতে নস্যাৎ কৰি মুখ্যমন্ত্ৰী  শৰ্মাই দেওবাৰে স্পষ্টভাৱে কয়– ‘সহানুভূতি নহয়, অধিকাৰ সাব্যস্ত কৰিব লাগে মহিলাই৷ হিমন্ত বিশ্ব শৰ্মাতকৈ অজন্তা নেওগ বাইদেউ জালুকবাৰী সমষ্টিৰ বাবে বেছি শক্তিশালী প্ৰাৰ্থী– তেনেকুৱা কৰ্মজোৱাৰৰ প্ৰতি আমি ব্ৰতী হ’ব লাগে৷ যোগ্যতাক লৈ অধিক শক্তিশালী বুলি প্ৰতিপন্ন কৰিব লাগে মহিলাসকলে৷’ উল্লেখ্য, শনিবাৰে তেজপুৰত অনুষ্ঠিত মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই কৈছিল আগন্তুক দিনত মহিলাই দখল কৰিব অসমৰ মুখ্যমন্ত্ৰীৰ আসন৷ নিৰ্বাচনত মহিলাৰ বাবে ৫০ শতাংশ আসনৰো দাবী কৰে বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে৷ আঙুৰলতা ডেকাৰ এনে মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই তেজপুৰত অনুষ্ঠিত মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকতে সকীয়নি দিয়াতো অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে৷