Logo
image

ৰঞ্জন দৈমাৰীক মূলসুুতিলৈ অনাৰ যো-জা চৰকাৰৰ

আমাৰ অসম, ৬ ডিচেম্বৰ ঃ ‘ৰঞ্জন দৈমাৰীক মুকলি আকাশৰ তললৈ আনিবলৈ প্ৰক্ৰিয়া অব্যাহত আছে৷ বিটিআৰ শান্তি চুক্তি স্বাক্ষৰৰ পাছত কেতবোৰ আইনী ৰেহাই দি ৰঞ্জন দৈমাৰীক জে’লৰ পৰা মুকলি কৰি আনিব পাৰি নেকি, ইয়াৰ বাবে আলোচনা কৰি থকা হৈছে৷ তেখেতক মুকলি কৰিব পৰা যাব বুলি আমি আশাবাদী৷’– এই মন্তব্য বিটিআৰপ্ৰধান প্ৰমোদ বড়োৰ৷ দেওবাৰে অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত তামুলপুৰত  মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবিৰ ১১০৫জন কেডাৰক চাৰি লাখ টকাৰ সাহায্য প্ৰদান কাৰ্যসূচীত উপস্থিত থাকি প্ৰমোদ বড়োৱে কয়–‘২০২০ চনত বিটিআৰ চুক্তি স্বাক্ষৰৰ সময়ৰে পৰাই এক নতুন দিশ আৰম্ভ হৈছে৷ মানৱ জাতি সদায় শান্তিত থাকিব বিচাৰে৷ বিভিন্ন কাৰণত বিভিন্ন সময়ত সংগ্ৰাম হয়৷ সেই বিলাকৰো এটা সময়ত পৰিসমাপ্তি হয়৷ কিন্তু ইয়াৰ আগৰ বহুখিনি ঘটনাত কেতিয়াবা মানুহৰ জীৱন যাব পাৰে, সম্পত্তি নষ্ট হ’ব লগা হয়৷ ইয়াৰ বিনিময়ত কেতিয়াবা কোনোবাই কিবা পায়, কিবা নাপায়৷ বড়ো সংগ্ৰামৰ ইতিহাসত এতিয়ালৈকে যিমানখিনি আমাৰ লষ্ট হৈছে, বড়োসকলে কিবা নহয় কিবা পাইছে৷ এবাৰ বিটিচি পালে, এতিয়া বিটিআৰ পালে৷ বিটিআৰ চুক্তি ৰূপায়ণ হোৱাৰ পাছত যিখিনি দফা ৰূপায়ণ কৰিব লাগিছিল, সেইখিনি বহু ক্ষিপ্ৰতাৰে ৰূপায়ণ হৈ আছে৷ ক’ভিড হোৱাৰ পাছতো, দুই-তিনিবাৰ নিৰ্বাচন হোৱাৰ পাছতো যথেষ্ট পৰিমাণে চুক্তিৰ দফা ৰূপায়ণ হৈছে৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো৷ মই আশা কৰিছো বাকী থকা দফাসমূহো শীঘ্ৰে ৰূপায়ণ হ’ব৷ এনডিএফবিৰ কেডাৰসকল কিছুমানে হয়তো চাকৰি পাব৷ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আমাৰ এটা দাবী আছিল যে যিসকল যোগ্য তেওঁলোকক বয়সৰ ঊধবৰ্সীমা ৰেহাই দি হ’লেও আৰ্মী, চি আৰ পি এফত চাকৰি দিব লাগে৷ যিসকলৰ বয়স বহুত বেছি হৈ গ’ল, তেওঁলোকক সংস্থাপন দিব লাগে৷ সংস্থাপনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে৷ আগত ১৪০০ক সংস্থাপন দিলে আজি আৰু কাইলৈ ২৭০০ক দিয়া হ’ব৷ ইয়াৰ পাছত যিখিনি ৰৈ যাব অহা এমাহ দুমাহৰ ভিতৰত সকলোকে দিয়া হ’ব৷ ইতিমধ্যে বহুতো গোচৰ প্ৰত্যাহাৰ হ’ল৷ ৪২৭টা গোচৰৰ ভিতৰৰ ২৭৪টা গোচৰ প্ৰত্যাহাৰ হ’ল৷ বাকীখিনিও প্ৰত্যাহাৰ কৰাৰ পথত আছে৷ কিন্তু চুক্তিৰ আগত যিখিনি দোষী সাব্যস্ত হ’ল এনে গোচৰ প্ৰত্যাহাৰ কৰাত আইনী বাধা আছে৷ কিন্তু এনে গোচৰ প্ৰত্যাহাৰৰ বাবেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় এটা ইতিবাচক ভূমিকা গ্ৰহণ কৰি আহিছে৷ গতিকে আমি আশা কৰিছো এনে গোচৰসমূহো প্ৰত্যাহাৰ হ’ব আৰু বহুতে জে’লৰ পৰা ওলাই আহিব পাৰিব৷ সোনকালে মুকলি আকাশৰ তললৈ আহি সমাজ গঠনৰ প্ৰক্ৰিয়াত ভাগ ল’ব৷’ ইফালে, ৰঞ্জন দৈমাৰীৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি বড়োৱে লগতে কয়– ‘ৰঞ্জন দৈমাৰী বিটিআৰ চুক্তিৰ চুক্তিকাৰী কিন্তু, তেওঁ দেশৰ আইনৰ ঊধবৰ্ত নহয়৷ ‘ল অৱ দ্যা লেণ্ড’ সকলোৱে মানি চলিব লাগিব৷ কিন্তু ইয়াৰ মাজতো ৰঞ্জন দৈমাৰী ডাঙৰীয়া মুকলি আকাশৰ তললৈ অহাটো বিচাৰো৷ তেখেতৰো বহুত চিন্তা আছিল বড়ো জনগোষ্ঠীক লৈ৷’ ইফালে, ৰঞ্জন দৈমাৰীৰ মুকলিৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– আমি বিটিআৰ শান্তি চুক্তি স্বাক্ষৰ কৰাৰ আগতেই বিষয়টো ন্যায়পালিকাৰ হাতলৈ গুচি গ’ল৷ গতিকে এতিয়া যি হ’ব ন্যায় পালিকাৰ মাধ্যমেৰেই হ’ব৷’

১১০৫জন কেডাৰক চাৰিলাখকৈ টকা

আমাৰ অসমঃ অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত আজি তামুলপুৰ মহকুমাৰ বৰখাটা দুৰ্গামন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা বাগ্‌সা, ওদালগুৰি জিলাকে ধৰি বাৰখন জিলাৰ এনডিএফবিৰ ১১০৫জন কেডাৰক চাৰিলাখকৈ টকাৰ সাহায্য প্ৰদান কৰা হয়৷ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,  মন্ত্ৰী অশোক সিংহাল, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো উপস্থিত থাকে৷ সভাৰ আৰম্ভণিতে অসম চৰকাৰৰ গৃহ বিভাগৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক হীৰেন নাথ সভাখনৰ লক্ষ্য আৰু উদ্দেশ্য বহলৰই কোৱাৰ উপৰি বিটিআৰৰ বিশেষ শাখাৰ আৰক্ষী সঞ্চালক এল আৰ বিষ্ণই আদৰণিৰ ভাষণ ৰাখে৷ সভাত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব নীৰজ বাৰ্মাই  ঐতিহাসিক বড়ো চুক্তিৰ আধাৰত আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি কয়৷ সভাত বি টি আৰৰ চীফ প্ৰমোদ বড়োই কয় যে আমি বড়ো আন্দোলন চলাই থকাৰ বাবেই আজি পৃথিবীত নিজস্ব ভাষা- সংস্কৃতি লৈ বড়োসকলে সন্মান সহকাৰে জীয়াই থাকিব পাৰিছে৷ আমি এই চুক্তিৰ এশ শতাংশ হোৱাটো বিচাৰো৷ সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক বড়ো চুক্তিৰ আশীৰ্বাদ দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহক কৃতজ্ঞতা জনায়৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মকো ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বড়োভূমিৰ উন্নয়নৰ বাবে হাতত অস্ত্ৰ লোৱা সকলে আজি বহু পৰিবৰ্তন দেখিছে আৰু সময়ৰ লগে লগে মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হয়৷ ১৯৭৯-৮০-৮৩ চনৰ সেই ধাৰণা আজি সলনি হৈছে৷ সেই সময়ৰ বড়ো আৰু অসমীয়াৰ মাজত ভুল বুজাবুজি পাহৰি এতিয়া হাতে হাত ধৰি নতুন মানসিকতাৰে আগবাঢ়িছে৷  আজি বিটিআৰৰ সফলতাই প্ৰমাণ কৰিছে যে অসমৰ ভিতৰতে থাকিও বড়ো সকলৰ উন্নতি হৈছে,  উন্নয়ন সম্ভৱ৷ আজি বড়ো ভাষাই এটা পৰ্যায় পাইছে৷ বড়োভাষাত প্ৰশ্নকাকত চপাবলৈ চিন্তা-চৰ্চা চলিছে৷  এনডিএফবিৰ লগত শান্তি চুক্তিৰ পাছত বাকী সকলোৰে দুখ আৰু বেদনা নোহোৱা হৈছে৷  বিগত নিৰ্বাচন সমূহত বড়োভূমিত ভয় নোহোৱাকৈ ভোট প্ৰদান কৰিব পৰা এক সুন্দৰ গণতান্ত্ৰিক পৰিৱেশৰ সৃষ্টি হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ পুনৰ কয় বাৰখন জিলাৰ ১১০৫জন এনডিএফবিৰ কেডাৰক আজি চাৰি লাখকৈ প্ৰদান কৰা হৈছে৷ কাইলৈ কোকৰাঝাৰতো এনডিএফবিৰ সদস্যক প্ৰদান কৰা হব পুনঃসস্থাপনৰ বাবে চাৰিলাখ টকা৷ তেওঁ দৃঢ়তাৰে কয় যে এনডিএফবিৰ প্ৰত্যেকজন সদস্যই পাব পুনঃসস্থাপনৰ সুবিধা৷ শেষত বড়ো আন্দোলনৰ সময়ত মৃত্যুবৰণ কৰা ভাৰতীয় সেনালৈ কৃতজ্ঞতা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে৷ চ্ছ জানুৱাৰীত তামুলপুৰ জিলাৰ পতাকাৰ উত্তোলন কৰাৰ হ’ব বুলি ড॰ শৰ্মাই কয়৷ কালি ঘোষণা কৰা বটাঁ সম্পৰ্কতো কয় যে ভাৰতবৰ্ষৰ বটাঁৰ লগত একে নহ’বলৈ এই বটাঁৰ নাম সলনি কৰা হৈছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷ ইপিনে প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বড়ো শান্তি চুক্তিৰ সকলো দফা পুৰণ হ’ব বুলি তেওঁ আশাবাদী৷ সেয়ে বিটিআৰৰ চুক্তি এখন সফল চুক্তি হব৷ আজিৰ সভাতে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই প্ৰমোদ বড়োৰ আন মন্ত্ৰী সকলৰ উপস্থিতিত জিলা উপায়ুক্ত আয়ুস গাৰ্গৰ তৎপৰতাত বাগ্‌সা জিলাৰ এখন ভিজন ডকুমেণ্ট মুকলি কৰে৷ আজিৰ সভা খনত বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী, বিটিআৰৰ ই এম সকল বিধায়ক লৰেন্স ইছলাৰী জলেন দৈমাৰী অসম চৰকাৰৰ উচ্ছপদস্থ বিষয়াসকল বাকসা জিলাৰ বিষয়াসকল তামুলপুৰৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰ আৰক্ষী বিষয়াসকল উপস্থিত আছিল৷