Logo
image

বিদেশ যাত্ৰীৰ বাবে কঠোৰ এছঅ’পি

 অমিক্ৰন সতৰ্কতা অসমতো

আমাৰ অসম,৬ ডিচেম্বৰ ঃ অমিক্ৰনৰ বাবে অসমতো অৱলম্বন কৰা হৈছে বিশেষ সতৰ্কতা৷ সেইবাবেই ৰাজ্য চৰকাৰে জাৰি কৰিছে কঠোৰ এছঅ’পি৷ দক্ষিণ আফ্ৰিকা, বটছুৱানা, ঘানা, হংকং, ইংলেণ্ড-ইটালীসহ ইউৰোপীয় দেশসমূহ, ইজৰাইল, জাৰ্মানী, কানাডা, পৰ্টুগাল আদিকে ধৰি বিশ্বৰ প্ৰায় ৩০খন দেশত শেহতীয়াকৈ উদ্বেগজনক হাৰত সংক্ৰমন ধৰা পৰা ক’ভিডৰ নতুন প্ৰজাতি অমিক্ৰনৰ ভাৰততো উপস্থিতি ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত অসমত ক’ভিড সম্পৰ্কীয় এক নতুন [এছঅ’পি] দেওবাৰে জাৰি কৰে ৰাজ্য চৰকাৰে৷ ভাৰত চৰকাৰৰ অমিক্ৰন সম্পৰ্কীয় শেহতীয়া প্ৰট’কলৰ আধাৰত অসমলৈ প্ৰৱেশ কৰা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব লগা নিয়মাৱলী সুনিৰ্দিষ্ট কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে দেওবাৰে বিতং এছঅ’পি প্ৰকাশ কৰে৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি নিশা এই কথা ঘোষণা কৰে৷ অমিক্ৰন সম্পৰ্কীয় এই এছঅ’পি অনুসৰি বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে ৰাজ্যৰ বিমান বন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণত নিগেটিভ হ’লেও নূ্যনতম জ্জ দিনৰ বাবে হোম কোৱাৰেণ্টিনত থাকিব লাগিব৷ ক’ভিড প’জিটিভ ওলালে নিৰ্দিষ্ট প্ৰট’কল অনুসৰি চিকিৎসাধীন হোৱাৰ লগতে তেনে যাত্ৰীৰ নমুনা জেন’মিক পৰীক্ষাৰ বাবে উপযুক্ত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব৷  বিমান বন্দৰত অৱতৰণৰ পাছতে বিদেশ ভ্ৰমণ কৰি অহা বা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী সকলো যাত্ৰীৰে ক’ভিডৰ আৰটি পিচিআৰ পৰীক্ষাও বাধ্যতামূলক কৰা হৈছে৷ বিমানবন্দৰত এই ক’ভিড পৰীক্ষাৰ পৰা প্ত বছৰৰ শিশু ভ্ৰমণকাৰীক ৰেহাই দিয়া হৈছে৷ অৱশ্যে এনে শিশু যাত্ৰীৰ শৰীৰত ক’ভিডৰ লক্ষণ পৰিলক্ষিত হ’লে তেওঁৰ ক’ভিড পৰীক্ষা কৰা হ’ব৷ বিমানবন্দৰ থকা ৰাজ্য প্ৰতিখন জিলা প্ৰশাসনক এনে যাত্ৰীক বিমানবন্দৰত অৱতৰণৰ পাছৰে পৰা নিৰন্তৰ নিৰীক্ষণত ৰখাৰ লগতে নিয়মীয়াকৈ যোগাযোগ ৰাখিবলৈও এছঅ’পিৰ জৰিয়তে দায়িত্ব ন্যস্ত কৰা হৈছে৷ ৰাজ্যত অমিক্ৰনৰ সংক্ৰমন প্ৰতিৰোধৰ উদ্দেশ্যে জাৰি কৰা নতুন এছঅ’পিখনৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ হৈছে অসম অভিমুখী বা অসমৰ পৰা যোৱা প্ৰতিজন বিমানযাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে বিমান যাত্ৰাৰ পূৰ্বেই বিগত ১৪ দিনৰ বিদেশ ভ্ৰমণ বৃত্তান্তসহ ‘এয়াৰসুবিধা’ প’ৰ্টেলত স্বঘোষণাপত্ৰ দাখিল কৰাৰ লগতে ভ্ৰমণৰ পূৰ্বৰ ৭২ঘণ্টাৰ ভিতৰত কৰা ক’ভিড আৰটিপিচিআৰ পৰীক্ষাৰ নিগেটিভ ৰিপোৰ্ট আপলোড কৰিব লাগিব৷ আৰটিপিচিআৰ পৰীক্ষাৰ সত্যতা নিশ্চিত কৰি স্ব-ঘোষণাও আপলোড কৰিহে বিমানত উঠাৰ অনুমতি লাভ কৰিব পাৰিব৷ বিমানত উঠাৰ পূৰ্বেই এয়াৰসুবিধা প’ৰ্টেলৰ জৰিয়তে বা এয়াৰলাইন্স কতৃৰ্পক্ষক, ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক বিমান যাত্ৰীয়ে ক’ভিড সন্দৰ্ভত গৃহ বা প্ৰতিষ্ঠানিক কোৱাৰেণ্টিনত থাকিবলৈ চৰকাৰী কতৃৰ্পক্ষই দিয়া নিৰ্দেশ পালনৰ সন্মতি জনাই স্বঘোষণা দাখিল কৰিব লাগিব৷ ইতিমধ্যে অমিক্ৰনৰ সংক্ৰমন ঘটা দেশসমূহৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত বিমানবন্দৰত অধিক কঠোৰ সতৰ্কতামূলক ব্যৱস্থাৰ লগতে বিশেষ ক’ভিড প্ৰট’কল অনুসৰণ কৰা হ’ব৷ বিমানবন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণৰ বাবে যাত্ৰীয়ে নমুনা দিব লাগিব৷ বিমানবন্দৰত অৱতৰণৰ পাছত নূ্যনতম শাৰীৰিক দূৰত্বকে ধৰি সকলো ক’ভিড প্ৰট’কল মানি যাত্ৰীয়ে বিমানৰ পৰা নামিব লাগিব৷

৩৮খন দেশলৈ বিয়পিছে অমিক্ৰন, ভাৰতত আক্ৰান্ত ২১

আমাৰ অসম, দেশত ক’ভিডৰ অমিক্ৰন প্ৰজাতিৰ দ্বাৰা সংক্ৰমিতৰ সংখ্যা ২১জনলৈ বৃদ্ধি পাইছে৷ দেওবাৰে এদিনত দেশত ১৭জন লোক অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হোৱাতো নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে৷ পুৱা দিল্লীত এজন বিদেশ ফেৰৎ ব্যক্তি অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হোৱাৰ খবৰ নিশ্চিত হৈছিল৷ বিয়লি মহাৰাষ্ট্ৰত জ্জজন আৰু জয়পুৰত জ্ঝজন ক’ভিড পজিটিভৰ দেহত অমিক্ৰনৰ উপস্থিতি ধৰা পৰে৷ মহাৰাষ্ট্ৰৰ প্তজন বিদেশৰ পৰা দেশলৈ উভটি অহা ব্যক্তি আৰু আন ২জন তেওলোকৰ ঘনিষ্ঠ সংস্পৰ্শলৈ আহিছিল৷ মহাৰাষ্ট্ৰৰ পুনেৰ সমীপৰ পিম্পড়ি-চিনছৱাড়ৰ এগৰাকী মহিলা, তেওঁৰ দুগৰাকী কন্যা আৰু ভ্ৰাতৃ নাইজেৰিয়াৰ পৰা অহাৰ পাছত ক’ভিড পজিটিভ হয় আৰু পাছত তেওঁলোক অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত বুলি নিশ্চিত কৰা হয়৷ ফিনলেণ্ডৰ পৰা অহা আন এজন ব্যক্তিৰ দেহতো অমিক্ৰণৰ প্ৰজাতিৰ উপস্থিতি নিশ্চিত হৈছে৷ আনহাতে, পুৱাৰ ভাগতে অমিক্ৰন সংক্ৰমিত হোৱা বুলি নিশ্চিত হোৱা দিল্লীৰ ৩৭ বছৰীয়া লোকজন টাঞ্জনিয়াৰ পৰা আহিছিল৷ তেওঁ ইতিপূৰ্বে দুয়োপালি প্ৰতিষেধক লৈছিল৷ নিশা জয়পুৰত জ্ঝজন ব্যক্তি অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ এওঁলোকৰ কেইবাজনো অলপতে বিদেশৰ পৰা ভাৰতলৈ আহিছিল৷ উল্লেখ্য, যোৱা বৃহস্পতিবাৰে বেংগালুৰুত দুজন বিদেশ ফেৰৎ ব্যক্তি অমিক্ৰনত সংক্ৰমিত হোৱা বুলি নিশ্চিত হোৱাৰ পাছত গুজৰাটৰ জামনগৰ আৰু মহাৰাষ্ট্ৰৰ এজনকৈ ব্যক্তি অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত বুলি নিশ্চিত হৈছিল৷

অমিক্ৰন নামৰ ন’ভেল কৰ’না ভাইৰাছৰ নতুন অতি সংক্ৰামক প্ৰজাতিবিধ যোৱা ২৫ নৱেম্বৰত দক্ষিণ আফ্ৰিকাত চিনাক্ত কৰা হৈছিল৷ দেশখনত এতিয়া অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা ৩০ লাখৰো অধিক৷ ‘হু’ অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই অমিক্ৰনক উদ্বেগজনক প্ৰজাতি হিচাপে চিহ্নিত কৰিলেও অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকৰ আজি পৰ্যন্ত কোনো দেশতে মৃত্যু হোৱা নাই বুলি ‘হু’ৱে জনাইছে৷ ইতিমধ্যে অমিক্ৰনে বিশ্বৰ ৩৮খন দেশলৈ বিস্তৃতি লাভ কৰিছে৷ অষ্ট্ৰেলিয়া হৈছে অমিক্ৰনৰ শেহতীয়া চিকাৰ, য’ত শুকুৰবাৰে প্ৰথমজন অমিক্ৰন সংক্ৰমিত চিহ্নিত হয়৷ অৱশ্যে অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত কোনো লোকৰে এতিয়াও মৃত্যু নোহোৱাৰ খবৰে সকলোকে সামান্য স্বস্তি প্ৰদান কৰিছে৷ এতিয়াও অমিক্ৰন সন্দৰ্ভত বিস্তৃত পৰীক্ষা হোৱা নাই, কিন্তু এই প্ৰজাতি পূৰ্বৰ কিছুসংখ্যক প্ৰজাতি যেনে ডেল্টা, ডেল্টা প্লাছ ইত্যাদিৰ দৰে মাৰাত্মক নহয় বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে অমিক্ৰন ডেল্টা তকৈ ৩ গুন অধিক সংক্ৰামক বুলি সমীক্ষাত ধৰা পৰিছে৷