Logo
image

চুইংগাম চোবাই পৰিত্ৰাণ পাওক ক’ভিডৰ পৰা

আমাৰ অসম, ৬ ডিচেম্বৰঃ আপুনি বাৰু চুইংগাম খাই নেকি? যদিহে চুইংগাম খাই তেনেহ’লে আপোনাৰ বাবে আছে এটা সুঃখবৰ৷ কিয়নো চুইংগাম খাই আপুনি মুখৰ ভিতৰতে ক’ভিড ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰিব৷ মুখৰ ভিতৰত লেলাৱটিৰ সৈতে বিশেষ ধৰণৰ এবিধ চুইংগাম চোবাই থাকিলে প্ৰতিৰোধ কৰিব পাৰে ক’ভিড ভাইৰাছ৷ শেহতীয়াকৈ এটা গৱেষণাত এই তথ্য প্ৰকাশ পাইছে৷ আন্তঃৰ্জাতিক বিজ্ঞান গৱেষণা পত্ৰিকা ‘মলিকিউলাৰ থেৰাপি’ত ক’ভিড প্ৰতিৰোধৰ এই গৱেষণামূলক অধ্যয়নৰ তথ্য প্ৰকাশ পাইছে৷ গৱেষণাটোত বিশেষ চুইংগামটো চোবোৱাৰ ফলত উৎপন্ন হোৱা লেলাৱটিয়ে আলফা, বিটা, ডেল্টাসহ কৰ’না ভাইৰাছৰ প্ৰতিটো ভেৰিয়েণ্টকে প্ৰতিৰোধ কৰিব পাৰে বুলি দাবী কৰিছে৷ অৱশ্যে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা অমিক্ৰন ভাইৰাছক বিশেষ চুইংগামে প্ৰতিৰোধ কৰিব পাৰে নে নোৱাৰে এই সন্দৰ্ভত বৰ্তমানেও কোনো অধ্যয়ন হোৱা নাই বুলিও গৱেষণা পত্ৰখনত প্ৰকাশ পাইছে৷ পূৰ্বৰ গৱেষণাত প্ৰকাশ পোৱা অনুসৰি কৰ’না ভাইৰাছৰ সংক্ৰমণ ঘটিলে মানুহৰ লেলাৱটিত প্ৰচুৰ পৰিমাণে থাকে চাৰ্চ ক’ভ-২ ভাইৰাছ৷ আমেৰিকাৰ গৱেষকৰ মতে চুইংগাম হৈছে স্বাস্থ্যৰ বাবে উপকাৰী৷ চুইংগামত কেলচিয়াম আৰু বাইকাৰ্বনেটকে ধৰি নানাধৰণৰ পদাৰ্থ থাকে৷ সেয়ে মুখগহ৩১ৰ বাবে অতিকৈ উপকাৰী চুইংগাম৷ কিয়নো চুইংগামে মুখৰ ভিতৰত ক্ষতিকাৰক বেক্টেৰিয়াৰ পৰিমাণ হ্ৰাস কৰে৷ অৱশ্যে পূৰ্বতে চুইংগামে যে ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে তাৰ কোনো গৱেষণা হোৱা নাছিল৷ গৱেষকে অভিনৱ উপায়েৰে এই বিশেষ চুইংগামবিধ প্ৰস্তুত কৰিছে৷ উক্ত চুইংগামত প্ৰচুৰ পৰিমাণে মিহলি কৰা হৈছে উদ্ভিদৰ পৰা প্ৰস্তুত কৰা এ চি ই-২ ৰিচেণ্টৰ প্ৰ’টিন৷ এই গৱেষণা সম্পূৰ্ণ কৰাৰ বাবে আমেৰিকাৰ গৱেষকে ক’ভিড আক্ৰান্ত ব্যক্তিৰ লেলাৱটি লৈছিল৷ এই লেলাৱটিত বিশেষ প্ৰকাৰৰ চুইংগাম মিহলি কৰিছিল, য’ত মিহলি হৈ আছিল এ চি ই-২ ৰিচেপ্টৰ প্ৰ’টিন৷ একেদেৰে ক’ভিড আক্ৰান্ত নোহোৱা ব্যক্তিৰ লেলাৱটিতো একেদৰে পৰীক্ষা কৰিছিল৷ উক্ত পৰীক্ষাৰ ফলাফলত দেখা গৈছিল যে চুইংগাম মিহলি লেলাৱটিয়ে ক’ভিড ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল৷