Logo
image

সেনাৰ বিৰুদ্ধে হত্যাৰ গোচৰ

 ৰাষ্ট্ৰ সন্ত্ৰাসৰ বিৰুদ্ধে উত্তৰ-পূবত বিদ্ৰোহ 

বিস্ফোৰক মুখ্যমন্ত্ৰী ৰিঅ’

কনৰাডো ক্ষুব্ধ

আমাৰ অসম, ৭ ডিচেম্বৰঃ সমগ্ৰ দেশ উত্তাল কৰি তোলা নাগালেণ্ডৰ নিৰ্দোষী গাঁওবাসীক হত্যা কৰাৰ ঘটনা সংঘটিত কৰা ভাৰতীয় সেনাবাহিনীৰ ২১ এলিট পেৰা স্পেচিয়েল ফ’ৰ্চৰ বিৰুদ্ধে নাগালেণ্ড চৰকাৰে হত্যাকাণ্ডৰ গোচৰ তৰিছে৷ যোৱা শনিবাৰে নাগালেণ্ডৰ তিৰু-অ’টিং পথত ভাৰতীয় সেনাবাহিনীৰ ২১ এলিট পেৰা স্পেচিয়েল ফ’ৰ্চে সন্ত্ৰাসবাদী বুলি সন্দেহ কৰি ১৪ জন নগা যুৱকক  হত্যা কৰিছিল৷ প্ৰকৃততে তেওঁলোক  তিৰুৰ এটা কয়লাখনিৰ পৰা নিজ গাঁও অ’টিঙলৈ বন্ধৰ দুটা নিশা কটাবলৈ আহিছিল৷ ভাৰতীয় সেনাবাহিনীৰ ২১ এলিট পেৰা স্পেচিয়েল ফ’ৰ্চে শ্ৰমিকৰ এই দলটোক সন্ত্ৰাসবাদী বুলি সন্দেহ কৰি ভুলতে গুলীয়াই হত্যা কৰা বুলি স্বীকাৰোক্তি দিলেও নাগালেণ্ড চৰকাৰে সেই কথা বিশ্বাস কৰা নাই৷ সেয়ে নাগালেণ্ড আৰক্ষীয়ে হত্যালীলা সংঘটিত কৰা ২১ এলিট পেৰা স্পেচিয়েল ফ’ৰ্চৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে৷ সোমবাৰে টিজিত আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উবি পছেহ’ কেজ’ৱে স্বতঃপ্ৰণোদিতভাৱে ২১ এলিট পেৰা স্পেচিয়েল ফ’ৰ্চৰ বিৰুদ্ধে  হত্যাকাণ্ড সংঘটিত কৰা বুলি গোচৰ তৰে৷ আৰক্ষী বিভাগে এই সন্দৰ্ভত কয় যে, সেনাবাহিনীৰ ২১ এলিট পেৰা স্পেচিয়েল ফ’ৰ্চৰ প্ৰকৃততে নিৰ্দোষী গাঁওবাসীক হত্যা কৰাটোৱেই উদ্দেশ্য আছিল৷ আৰক্ষীয়ে জনোৱা মতে, এই অভিযান চলোৱাৰ সময়ত উক্ত বাহিনীয়ে স্থানীয় আৰক্ষীক কোনো খবৰ দিয়া নাছিল আৰু পথপ্ৰদৰ্শনৰ বাবেও তেওঁলোকৰ সহায় লোৱা নাছিল৷ ২১ এলিট পেৰা স্পেচিয়েল ফ’ৰ্চ এই অঞ্চল সন্দৰ্ভত বিশেষ জ্ঞাত নাছিল আৰু সেয়ে তেওঁলোকে যিকোনো অভিযানত চিৰাচৰিত নিয়ম অনুসৰি আৰক্ষীক খবৰ দিয়া আৰু স্থানীয় আৰক্ষীক পথ প্ৰদৰ্শক হিচাপে ব্যৱহাৰ কৰাটো অপৰিহাৰ্য আছিল৷ নাগালেণ্ড আৰক্ষীৰ মতে নিৰ্দোষী গাঁওবাসীক হত্যা কৰাৰ অভিপ্ৰায় থকাৰ বাবেই সেনাবাহিনীয়ে আৰক্ষীক কোনো খবৰ দিয়া নাছিল৷ তদুপৰি ঘটনাৰ পাছত ২১ এলিট পেৰা স্পেচিয়েল ফ’ৰ্চে গুলীচালনাত নিহত গাঁওবাসীৰ দেহ পলিথিনত মেৰিয়াই আঁতৰাই লৈ যাবলৈ উদ্যত হৈছিল৷ আৰক্ষী গৈ পোৱাৰ  পূৰ্বেই সেনাৰ এটা দলে আহত দুজনক লৈ অসমৰ ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে আঁতৰাই নিছিল৷ এই সকলোবোৰ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি সেয়ে নাগালেণ্ড আৰক্ষীয়ে ২১ এলিট পেৰা স্পেচিয়েল ফ’ৰ্চৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে৷ 

ইপিনে স্বাধীনতাৰ পাছত এইটোৱেই নিৰীহ গাঁওবাসীক হত্যা কৰাৰ ঘটনাৰ ক্ষেত্ৰত চোৰাংচোৱাৰ সৰ্ববৃহৎ ব্যৰ্থতা হিচাপে পৰিগণিত হৈছে৷ কিয়নো ইতিমধ্যে সেনাবাহিনী, আছাম ৰাইফলছ আৰু খোদ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে চোৰাংচোৱাৰ নিশ্চিত তথ্যৰ ওপৰত ভিত্তি কৰি এই অভিযান চলোৱা বুলি মন্তব্য কৰিছে৷ তেওঁলোকৰ এই মন্তব্যই দেশৰ চোৰাংচোৱা বিভাগৰ সৰ্ববৃহৎ ব্যৰ্থতা উদঙাই দেখুৱাইছে৷ কিয়নো চোৰাংচোৱা বিভাগৰ তথ্য শুদ্ধ হোৱা হ’লে সেনাবাহিনীৰ ২১ এলিট পেৰা স্পেচিয়েল ফ’ৰ্চে শনিবাৰে নিৰস্ত্ৰ গাঁওবাসীক এনেদৰে গুলীয়াই হত্যা নকৰিলেহেঁতেন৷ প্ৰকৃততে কেৱল এই ঘটনাতে দেশৰ চোৰাংচোৱা বিভাগ ব্যৰ্থ হোৱা নাই৷ এই ঘটনাৰ পৰা প্ৰায় ২১ দিন পূৰ্বে ১৩ নৱেম্বৰত মণিপুৰৰ চুড়াচান্দপুৰ জিলাৰ ম্যানমাৰৰ সীমান্তৱৰ্তী অঞ্চলৰ ছেকান গাঁৱত উগ্ৰপন্থীৰ আক্ৰমণত সেনাবাহিনীৰ  কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীৰ পৰিয়ালসহ মৃত্যু ঘটিছিল, য’ত আন চাৰিজন জোৱানেও প্ৰাণ হেৰুৱাইছিল৷ ২১ দিনৰ ব্যৱধানত উত্তৰ-পূবৰ লগালগিকৈ থকা দুখন ৰাজ্যত দুটাকৈ ভয়ংকৰ এম্বুশ্বৰ ঘটনাৰ ক্ষেত্ৰত চোৰাংচোৱাই দিয়া খবৰ মিছা প্ৰমাণিত হোৱাটোৱেই গৃহ মন্ত্ৰণালয়ৰ চৰম ব্যৰ্থতা উদঙাই দেখুৱাইছে৷ এই দুটা ঘটনাৰ এটা সংঘটিত কৰিছিল উগ্ৰপন্থীয়ে আৰু আনটো স্বয়ং সেনাবাহিনীয়ে৷ দুয়ো ঘটনাৰ ক্ষেত্ৰতে চোৰাংচোৱাই ভুল তথ্য প্ৰদান কৰাটো এতিয়া সকলোৰে বক্তব্যত মুকলি হৈ পৰিছে৷ শনিবাৰৰ ঘটনাৰ ক্ষেত্ৰত¸ চোৰাংচোৱাৰ ব্যৰ্থতা স্বাধীনতাৰ পাছত আটাইতকৈ ডাঙৰ ব্যৰ্থতা হিচাপে পৰিগণিত হৈছে৷ এই ক্ষেত্ৰত সেনাবাহিনীৰ দলটোৱে স্থানীয় আৰক্ষীক আৰু অঞ্চলটোৰ বিষয়ে অভিজ্ঞ আছাম ৰাইফলছক মুঠেই নজনোৱাৰ ঘটনা ৰহস্যজনক বিবেচিত হৈছে৷

সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাৰ বিষয়ে সংসদত বিবৃতি দি ভুল স্বীকাৰ কৰিছে৷ তেওঁ ভুল বুজাবুজিৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি লোকসভাত বিবৃতি দিলেও বিৰোধী দলৰ সকলো সদস্যই এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক প্ৰত্যক্ষভাৱে দোষাৰোপ কৰে৷ ইপিনে সেনাবাহিনীৰ এই হত্যালীলাৰ পাছত উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ লগতে নাগালেণ্ডত বলৱৎ হৈ থকা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন অবিলম্বে প্ৰত্যাহাৰৰ বাবে জোৰদাৰ দাবী উঠিছে৷ সোমবাৰে মনত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই অবিলম্বে নাগালেণ্ডৰ পৰা এই ক’লা আইন প্ৰত্যাহাৰ কৰিব লাগে বুলি দাবী কৰে৷ তেওঁ মনত শোকসভাত ভাগ লয় আৰু তাতেই তেওঁ কয় যে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বিশদভাৱে আলোচনা কৰিছে আৰু আফস্পা প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনাইছে৷ উত্তৰ-পূবৰ আন এখন ৰাজ্যৰ মুৰব্বী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰিঅ’ৰ সুৰতে সুৰ মিলাই উত্তৰ-পূবৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰাৰ দাবী জনায়৷

নাগালেণ্ড আৰক্ষীয়ে সেনাবাহিনীৰ বিৰুদ্ধে হত্যাকাণ্ডৰ গোচৰ তৰাৰ উপৰি এই ঘটনাৰ  কেইবাটাও তদন্ত হোৱাটো নিশ্চিত হৈছে৷ নাগালেণ্ড চৰকাৰে ইতিমধ্যে তদন্তৰবাবে এটা পাঁচজনীয়া বিশেষ তদন্তকাৰী গোট গঠন কৰিছে৷ এই গোটত আছে– ৰাজ্যৰ আই জি পি লিমাছুনেপ জমিৰ, ডি আই জি ৰূপা এম, এছ পি মনোজ কুমাৰ, এছ পি কিলাং ৱালিং আৰু  নাগালেণ্ড বেটেলিয়নৰ ডেপুটি কামাণ্ডেণ্ট ৰেলো আয়ে৷ আনহাতে কেন্দ্ৰীয় চৰকাৰেও এই ঘটনাৰ তদন্ত গৃহমন্ত্ৰণালয়ৰ অতিৰিক্ত সচিবৰ দ্বাৰা কৰিবলৈ সিদ্ধান্ত লৈ বিষয়াজনক নাগালেণ্ডলৈ প্ৰেৰণ কৰিছে৷ তেওঁক সহায় কৰিব নাগালেণ্ডৰ মুখ্য সচিবে৷ তদুপৰি সেনাবাহিনীয়ে এই ঘটনাৰ পৃথকে সৰ্বোচ্ছ স্তৰত তদন্ত কৰিব বুলি ইতিপূৰ্বে প্ৰকাশ কৰিছে৷  উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে এই ঘটনাত নিহতৰ আত্মীয়লৈ ১১ লাখকৈ টকা আৰু ৰাজ্য চৰকাৰে ৫ লাখকৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে৷ 

মনত ১৪৪ ধাৰা, আফস্পা বাতিলৰ দাবীত ধৰ্ণা

আমাৰ অসম ঃ নাগালেণ্ডৰ মন জিলাৰ টিজিত মহকুমাৰ অ’টিঙত  ৪ডিচেম্বৰৰ নিশা সেনাৰ ২১নং পেৰা কামাণ্ডো বাহিনীয়ে নগা উগ্ৰপন্থী সন্দেহ কৰি ১৪ নগা নিৰীহ যুৱকক হত্যা কৰাত সমগ্ৰ মন জিলা উত্তপ্ত হৈ আছে৷ দেওবাৰে নিশা শ শ প্ৰতিবাদী নগাই আছাম ৰাইফলছৰ শিবিৰ আক্ৰমণ কৰি অগ্নি সংযোগ কৰে৷ পৰিস্থিতি গুৰুতৰ হোৱাত আছাম ৰাইফলছে নিৰ্বিচাৰ গুলীচালনা কৰে৷ নগালোকে মন চহৰৰ বিভিন্ন ঠাইত অগ্নি সংযোগ কৰে৷ ইফালে মন জিলা প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ জিলাতে ১১৪ ধাৰা বলৱৎ কৰিছে৷ ১৪ নিৰীহ যুৱকক অ’টিঙত সেনাই হত্যা কৰাৰ প্ৰতিবাদত টিজিত এৰিয়া ©ু†ডেণ্ট ইউনিয়নে সোমবাৰে ১২ ঘণ্টীয়া মন জিলা বন্ধ ঘোষণা কৰে৷ বন্ধৰ ফলত সমগ্ৰ জিলাৰ জনজীৱন স্তব্ধ হৈ পৰে৷ নগা ৰাইজে হত্যাৰ প্ৰতিবাদ আৰু বিচাৰৰ দাবী জনাই জিলাৰ বিভিন্ন ঠাইত পোষ্টাৰিং কৰিছে৷ নগা ৰাইজে বন্ধৰ সময়ত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ আজি ১৪ মৃত নগা যুৱকৰ অন্তে্যষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ অন্তে্যষ্টিক্ৰিয়াত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু উপ-মুখ্যমন্ত্ৰী ৱাই পেট্ৰনসহ ডিজিপি আৰু জিলা উপায়ুক্ত উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে৷ মন জিলাৰ ঠায়ে ঠায়ে নগাসকলে ১৪জন যুৱকৰ মৃত্যুত মম জলাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ লগতে প্ৰতিবাদী নগা ৰাইজে আফস্পা বাতিলৰ দাবীত জিলাখনৰ বিভিন্ন ঠাইত ধৰ্ণা দিয়ে৷  নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী, ডি জি পি মন চহৰত বাহৰ পাতি আছে৷