Logo
image

ৰঞ্জন দৈমাৰী হ’ব মুক্ত! ঘোষণা মুখ্যমন্ত্ৰীৰ

 এনডিএফবিৰ সকলো গোচৰ হ’ব প্ৰত্যাহাৰ

আমাৰ অসম ৭ ডিচেম্বৰ ঃ বি টি আৰৰ মুৰব্বী প্ৰমোদ বড়োৰ পাছত ৰঞ্জন দৈমাৰীক শীঘ্ৰেই মুকলি কৰি দিয়াৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ সোমবাৰে কোক্‌ৰাঝাৰত এটা অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়– কোনো এটা বিষয় যেতিয়া আদালতত থাকে তেতিয়া চৰকাৰৰ কৰিবলগীয়া কম থাকে৷ কিন্তু আমিও বিচাৰোঁ ৰঞ্জন দৈমাৰী কাৰাগাৰৰ পৰা ওলাই আহক৷ তেওঁ মুকলি হৈ অহাৰ বাবে আদালতত যি ক’ব লাগে আমি কৈছোঁ৷ সেয়া আদালতে সিদ্ধান্ত ল’ব৷ আদালতৰ সিদ্ধান্তৰ ওপৰত আমাৰ ক’বলগীয়া একো নাই৷ এন ডি এফ বিৰ সদস্যৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰা হৈছে৷ শীঘ্ৰে কে এল অ’ আৰ আলফাৰ সৈতে শান্তি আলোচনা সম্ভৱ হ’ব৷ আলফাৰ সৈতে শান্তি আলোচনাৰ বাবে পৰিৱেশ ৰচনা কৰিবলৈ চেষ্টা চলাই থকা হৈছে৷ এন ডি এফৰ সদস্যক পুনঃসংস্থাপনৰ অনুদান প্ৰদান কৰি বড়ো শান্তি চুক্তিৰ এটা দফা ৰূপায়ণ কৰা হৈছে৷ তেওঁ আৰু কয়– অসম আৰু বড়োভূমিত একে-৪৭, পিষ্টলৰ বিপৰীতে এক নতুন অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিব লাগিব৷ উল্লেখ্য, অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত মূল সুঁতিলৈ প্ৰত্যাবৰ্তন কৰা কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১,৬৬৯ জন পূৰ্বৰ এনডিএফবি সদস্যসকলক আগবঢ়োৱা চাৰি লাখকৈ টকাৰ ফিক্সড ডিপোজিত চেকৰ আনুষ্ঠানিকভাৱে বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি তেওঁ এইদৰে মন্তব্য কৰে৷ তেওঁ ভাষণ প্ৰসংগত ২০২০ চনৰ ২৭ জানুৱাৰীত এনডিএফবিৰ চাৰিটা গোট আৰু এবচুৱে স্বাক্ষৰিত কৰা ঐতিহাসিক বিটিআৰ চুক্তি খনৰ জৰিয়তে বড়োভূমিত স্থায়ী শান্তি অহা বুলি দাবী কৰে৷ তেওঁ উক্ত চুক্তি স্বাক্ষৰ হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে ৰাইজে মুক্ত মনেৰে ভোট দিয়া কথা সদৰি কৰি উক্ত চুক্তি খনৰ পিছত বড়োভূমিত হত্যা হিংসাৰ অভিযোগ নোহোৱা হৈ পৰিছে আৰু আমি স্থায়ী শান্তিৰ দিশে অগ্ৰসৰ হৈছোঁ বুলি দাবী কৰে৷ তেওঁ কয়– শান্তি চুক্তিৰ সমান্তৰাল ভাৱে আজি বড়োভূমিত এটা নতুন অৰ্থনৈতিক সংগ্ৰামৰ সূচনা হৈছে৷ উদয়াচল আন্দোলনৰ পৰা ২০২০ চনৰ ২৭ জানুৱাৰী লৈ হাজাৰ হাজাৰ যুৱক আৰু তাৰ সমান্তৰাল কৈ নিৰাপত্তা বিভাগৰ জোৱানেও মৃত্যুক সাৱটি ল’ব লগীয়া হৈছিল৷ এই পৰিপ্ৰেক্ষিতত এবচুৱে হত্যা হিংসাৰ পৰিবৰ্তে বড়োভূমিত শান্তি আহিব লাগে আৰু এক নতুন শৈক্ষিক আৰু অৰ্থনৈতিক আন্দোলন হব লাগে৷ বিটিআৰৰ ৰাইজে এতিয়া হত্যা-হিংসা নিবিচাৰে কাৰণ বহু মাতৃৰ বুকু শুদা হ’ল এতিয়া সকলোৱে বিচাৰে৷ শান্তি আৰু সমন্বয়ৰ পৰিৱেশ ঘূৰি আহিব লাগে৷ বড়ো চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ কাম দূৰন্ত গতিত চলি আছে বুলি সদৰি কৰি সম্প্ৰতি বড়োভূমিত সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়, ভাতৃত্ব বোধ গঢ় লৈ উঠিছে যাৰ বাবে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নাম স্মৰণ কৰি তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে৷ এনডিএফবিৰ সদস্য সকলে জাতিৰ কাৰণে এদিন ম্যানমাৰত আছিল৷ এতিয়া তেওঁলোক মূলসুঁতিলৈ উভতি আহি বড়োভূমিত এতিয়া এক নতুন অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিব লাগিব৷ তদুপৰি মাছ কনী শাকপাচলিকে ধৰি বিভিন্ন সামগ্ৰী আন ৰাজ্যৰ পৰা অনাব লগীয়া কাৰ্যৰ তীব্ৰ সমালোচনা কৰিআমি পৰ নিৰ্ভৰশীল জাতিত পৰিণত হৈছোঁ৷ সেয়ে কৰ্ম উদ্যোগেৰে নতুন অসম নতুন বড়োভূমি গঢ়াৰ বাবে নিজকে উৰ্চগা কৰিব লাগিব বুলি দোহাৰে৷ উল্লেখ্য, কোক্‌ৰাঝাৰ চহৰৰ চান্দমাৰিস্থিত বডোফা সাংস্কৃতিক ক্ষেত্ৰত আজি আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত মূল সুঁতিলৈ প্ৰত্যাবৰ্তন কৰা কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১,৬৬৯ জন এনডিএফবিৰ কেডাৰক অসম চৰকাৰৰ তৰফৰ পৰা চাৰিলাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷ চেকযোগে আৰ্থিক সাহায্য প্ৰদান কৰা উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়ো, ৰাজ্যৰ ভূমি সংৰক্ষণ, হস্ততাঁত আৰু অন্যান্য পিচপৰা জাতি উন্নযন বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে বহু কেইগৰাকী বিধায়ক, বিটিআৰৰ কাৰ্যবাহী সদস্য উপস্থিত থাকে৷ উল্লেখ্য, আজিৰ চেক বিতৰণ অনুষ্ঠানত ৰ,৬৬৯জন পূৰ্বৰ এনডিএফবি সদস্যৰ ভিতৰত কোকৰাঝাৰ জিলাৰ ১,১২২জন, চিৰাং জিলাৰ ৫১৩জন আৰু গোৱালপাৰা জিলাৰ ৩৪জন৷