Logo
image

আত্মৰক্ষাৰ্থে গুলী! গৃহমন্ত্ৰীৰ ব্যাখ্যা, সেনাই বিচাৰিলে ক্ষমা

আমাৰ অসম, ৭ ডিচেম্বৰ ঃ নাগালেণ্ডৰ মনত সংঘটিত গণহত্যাৰ পাছত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ বিৰুদ্ধে সংসদৰ ভিতৰে-বাহিৰে বিষোদগাৰ চলি থকাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে সংসদৰ মজিয়াত সেনা বাহিনীৰ পক্ষ লৈ সমগ্ৰ ঘটনাৰ বাবে কেৱল দুখ ব্যক্ত কৰি নিহতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ অমিত শ্বাহৰ মতে, ৫ ডিচেম্বৰৰ সন্ধিয়া মনত সেনা বাহিনীয়ে গুলীচালনা কৰিবলৈ বাধ্যহে হৈছিল৷ শ্বাহৰ মতে, সম্পূৰ্ণ ভুল পৰিস্থিতিৰ [মিছটেকেন আইডেণ্টিটী] বাবেই অত্যন্ত দুৰ্ভাগ্যজনক এই ঘটনা সংঘটিত হৈছিল৷ সেনা বাহিনীৰ পক্ষলৈ শ্বাহৰ বক্তব্য— ২১ নং পেৰা কমাণ্ডোৱে দৰাচলতে সিদিনা গুলীচালনা কৰিবলৈ বাধ্য হৈছিল৷ ৪ ডিচেম্বৰৰ সন্ধিয়া সংঘটিত এম্বুছৰ বিস্তাৰিত তথ্য দাঙি ধৰি শ্বাহে কয় যে, সেনাৰ ওচৰত মন জিলাৰ তিৰু এলেকাত উগ্ৰপন্থীৰ উপস্থিতি সন্দৰ্ভত চোৰাংচোৱাৰ সুনিৰ্দিষ্ট তথ্য আছিল৷ সেই অনুসৰি, সেনা বাহিনীয়ে নিৰ্দিষ্ট স্থানত খাপ পিটি আছিল৷ সেই সময়ত সংশ্লিষ্ট এলেকাইদি গৈ থকা এখন গাড়ীক ৰ’বলৈ সেনাৰ তৰফৰ পৰা সংকেত প্ৰদান কৰা হৈছিল৷ পিছে চালকে গাড়ীখন ৰখোৱাৰ পৰিৱৰ্তে পলোৱাৰহে চেষ্টা কৰে৷ সন্দেহৰ বশৱৰ্তী হৈ সেনাই গুলী চলাবলৈ বাধ্য হয় বুলি গৃহমন্ত্ৰীয়ে বিবৃতি প্ৰদান কৰে৷ সেনাৰ গুলীত বাহনখনত থকা ৮ জন শ্ৰমিকৰ ৬জনৰেই থিতাতে মৃত্যু হয়৷ পাছত সমগ্ৰ ঘটনাটো ‘ভুল পৰিস্থিতি’ৰ [মিছটেকেন আইডেণ্টিটী] ফলত হোৱা বুলি পোহৰলৈ আহে৷ গুলীত আহত আন দুই ব্যক্তিক সেনা বাহিনীয়েই নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়৷ সমগ্ৰ ঘটনাৰ খবৰ পাই স্থানীয় গাঁওবাসীয়ে সেনা বাহিনীৰ ইউনিটটোক ঘেৰি ধৰে আৰু সেনাৰ দুখন বাহন জ্বলাই দিয়ে৷ স্থানীয় গাঁওবাসীৰ মাজত হোৱা সংঘৰ্ষত এজন সেনা জোৱানৰ মৃত্যু ঘটে আৰু আন বহুকেইজন জোৱান আহত হয়৷ আত্মৰক্ষাৰ বাবে পাছত সেনাৰ তৰফৰ পৰা পুনৰ গুলীচালনা কৰা হয় য’ত আন ৭ জন গাঁওবাসীৰ মৃত্যু ঘটে৷ স্থানীয় প্ৰশাসন আৰু আৰক্ষীয়ে পৰিস্থিতি স্বাভাৱিক কৰি তুলিবলৈ চেষ্টা চলাই থকাৰ সময়ত পাছত মন চহৰত প্ৰায় ২৫০জন উত্তেজিত জনতাই আছাম ৰাইফলছৰ ‘কোম্পানী অপাৰেটিং বেছ’ৰ সা-সম্পত্তি লণ্ড-ভণ্ড কৰাৰ লগতে ছাউনীটোত জুই লগোৱাৰ চেষ্টা কৰে৷ সেইসময়ত উত্তেজিত জনতাক ছত্ৰভংগ দিবলৈ আছাম ৰাইফলছৰ জোৱানে গুলীচালনা কৰিবলৈ বাধ্য হয়৷ ইয়াৰ বাবে আন এজন সাধাৰণ লোকৰ মৃত্যু ঘটে৷ গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত প্ৰকাশ কৰা মতে, ভৱিষ্যতে এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনাৰ পুনৰাবৃত্তি যাতে নঘটে তাৰ বাবে সকলো নিৰাপত্তা বাহিনীক সতৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে৷ চৰকাৰে সমগ্ৰ ঘটনা সূক্ষ্মাতি-সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু অঞ্চলটোত শান্তি ওভতাই অনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি আছে৷ আনহাতে, বিশেষ তদন্তকাৰী গোটে [এছ আই টি] মনত সংঘটিত ঘটনাৰ তদন্ত কৰি থকাৰ কথা ব্যক্ত কৰি গৃহমন্ত্ৰীয়ে কয় যে, এমাহৰ ভিতৰত তদন্তৰ কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে৷ লোকসভাৰ পাছত এক হুলস্থূলীয়া পৰিৱেশৰ মাজত ৰাজ্যসভাতো কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে অনুৰূপ বিবৃতি প্ৰদান কৰে৷ মন কৰিব লগীয়া যে, নাগালেণ্ডৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদৰ কাম-কাজত আৰম্ভ হোৱাৰ পূৰ্বে পুৱাৰ ভাগত গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙকে ধৰি জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়৷ জানিব পৰা মতে, সেনা বাহিনীৰ মনোবল অক্ষুণ্ণ ৰাখি সংসদত নাগালেণ্ড ঘটনাৰ কিদৰে সন্মুখীন হ’ব লাগিব তাক লৈ ৰণনীতি প্ৰস্তুত কৰা হয়৷ ইপিনে লোকসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, মাণিক টেগৰ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ সাংসদ মনোজ কুমাৰ ঝাই সদন স্থগিতৰ প্ৰস্তাৱলৈ লোকসভাৰ অধ্যক্ষলৈ জাননী দাখিল কৰে৷ জাননীত গৌৰৱ গগৈয়ে সমগ্ৰ ঘটনা চোৰাংচোৱাৰ ভুল তথ্যৰ বাবে সংঘটিত হোৱা বুলি উল্লেখ কৰাৰ বিপৰীতে সাংসদ টেগৰে সমগ্ৰ ঘটনাটো হৃদয়বিদাৰক বুলি অভিহিত কৰে৷ নাগালেণ্ডৰ ঘটনাক লৈ পাছত সদনৰ শূন্য কালত ৰাজ্যৰ কংগ্ৰেছ সাংসদ প্ৰদু্যত বৰদলৈ, গৌৰৱ গগৈ, এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে মনৰ ঘটনাৰ প্ৰসংগ উত্থাপন কৰি চৰকাৰৰ কঠোৰ সমালোচনাত লিপ্ত হয়৷ গৌৰৱ গগৈয়ে ৰাজ্যখনৰ বাবে ৫ ডিচেম্বৰ এটা ক’লা দিন হিচাপে চহ্নিত হৈ ৰ’ব বুলি মন্তব্য কৰি নিৰীহ-নিৰস্ত্ৰ লোকক কট্টৰ উগ্ৰপন্থী বুলি কেনেকৈ ভাবি ল’ব পাৰি তাক লৈ বিষ্ময় ব্যক্ত কৰে৷ বৰদলৈয়ে মনত সংঘটিত ঘটনাৰ বাবে এজন ভাৰতীয় হিচাপে তেওঁৰ শিৰ লজ্জাত নত হৈ যোৱা বুলি মন্তব্য কৰি সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনখন [আফস্পা] পুনৰীক্ষণৰ দাবী জনায়৷ আনহাতে, নাগালেণ্ডৰ শাসকীয় এনডিপিপিৰ সাংসদ তখেহ য়েপথমিয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ লগতে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ য়েপথমিৰ বক্তব্য— নাগালেণ্ডত আফছা বলবৎ হৈ আছে৷ পিছে এই আইনখন নিৰীহ-নিৰস্ত্ৰ লোকক হত্যাৰ বাবে নহয়৷ আনহাতে, আজমলে ঘটনাত নিহত লোকসকলৰ উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী কৰে৷ এআইএমএমৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন অয়েছিয়ে পোনে পোনে আফসা বাতিলৰ দাবী জনায়৷ শূন্যকালত নাগালেণ্ডৰ ঘটনাৰ উচিত তদন্ত বিচাৰি বিএছপি সাংসদ ৰিতেশ পাণ্ডে, শিৱ সেনাৰ বিনায়ক ৰাউত, ডি এম কেৰ টি আৰ বালু, তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দোপাধ্যায়, এনচিপিৰ সুপ্ৰিয় চুলে, ৱাই এছ আৰ কংগ্ৰেছ পি ভি মিথুন ৰেড্ডীয়ে সোচ্ছাৰ হোৱা পৰিলক্ষিত হয়৷ লক্ষণীয়ভাৱে লোকসভাত গৃহমন্ত্ৰীৰ বিবৃতিৰ পাছত কংগ্ৰেছকে ধৰি ডিএমকে, বিএছপি, এনচিপিসহ অন্যান্য বিৰোধী দলৰ সদস্যসকলে সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে, ৰাজ্যসভাত কংগ্ৰেছ সাংসদ মল্লিকাজুৰ্ন খাগড়েই সদনত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰীৰ বিবৃতিৰ দাবী জনায়৷ সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিও দাবী জনোৱা হয় কংগ্ৰেছৰ তৰফত৷ পিছে হুলস্থূলীয়া পৰিৱেশৰ মাজত ৰাজ্যসভাৰ কাম-কাজ দুপৰীয়ালৈকে স্থগিত ৰখা হয়৷ জানিব পৰা মতে, সেনা বাহিনীৰ তৰফত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ওচৰত মনত সংঘটিত ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰা বুলি জানিব পৰা গৈছে৷ মেজৰ জেনেৰেল পৰ্যায়ৰ সেনা বিষয়াক সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে৷ গুলীচালনাৰ সৈতে জড়িত সেনা জোৱান কমাণ্ডাৰকো তদন্তৰ বাবে তলব কৰা হৈছে বুলি সূত্ৰত প্ৰকাশ পাইছে৷