Logo
image

পিকনিকলৈ নাযাব, বিয়া সবাহো প্ৰট’কল মানিহে

জিএমচিএইচৰ অধীক্ষকৰ সকীয়নি

আমাৰ অসম, ৭ ডিচেম্বৰঃ সমগ্ৰ দেশতে ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনে আতংকৰ সৃষ্টি কৰিছে৷ অমিক্ৰনৰ আতংকৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ যিকোনো ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে চিকিৎসক তথা স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু বুলি সদৰী কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই৷ অমিক্ৰনৰ সন্ত্ৰাস আৰম্ভ হ’লে প্ৰয়োজন সাপেক্ষে সৰুসজাই ক’ভিড হাস্পতাল পুনৰ মুকলি কৰা হ’ব বুলিও উল্লেখ কৰিছে অধীক্ষক ডাঃ শৰ্মাই৷ জি এম চি এইচৰ অধীক্ষকজনে ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাইজক ক’ভিড বিধি মানি চলিবলৈ পৰামৰ্শ দিয়াৰ লগতে নৱবৰ্ষৰ বনভোজৰ পৰা বিৰত থাকিবলৈও আহ্বান জনাইছে৷ আনকি বিবাহ অনুষ্ঠানসমূহতো চৰকাৰৰ ক’ভিড বিধি কঠোৰভাৱে পালন কৰিহে অংশ ল’বলৈ সকীয়নি প্ৰদান কৰিছে চিকিৎসা বিষয়াজনে৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত ক’ভিডৰ নতুন ভেৰিয়েণ্টক লৈ ৰাইজক সতৰ্ক কৰি দি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয়– ক’ভিড এতিয়াও শেষ হোৱা নাই৷ ক’ভিডৰ সংক্ৰমণ অব্যাহত আছে৷ অৱশ্যে কমকে আছে৷ মানুহে ভাবিছে সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে মাস্ক পৰিধান নকৰিলেও হ’ব৷ সেয়া মানুহৰ ভুল ধাৰণা৷ মাস্ক পিন্ধিবই লাগিব৷ ৰাইজে অধিক সাৱধানতাহে ল’ব লাগিব৷ অমিক্ৰনৰ প্ৰতিৰোধৰ বাবে আমি সাজু হৈ আছোঁ৷ জি এম চি এইচত ২০০ বেডযুক্ত আই চি ইউ প্ৰস্তুত আছে৷ প্ৰয়োজন হ’লে সৰুসজাই ক’ভিড চেণ্টাৰ খুলি দিয়া হ’ব৷ ২৪ ঘণ্টাৰ ভিতৰতে এই সকলো সাজু কৰিব পৰা যাব৷ বৰ্তমান ৰোগী নথকা বাবেহে ক’ভিড হাস্পতালসমূহ বন্ধ হৈ আছে৷ অমিক্ৰনত দেশত যি ১৭জন লোক আক্ৰান্ত হোৱা বুলি চিনাক্ত হৈছে, তেওঁলোকৰ জ্বৰ-কাহৰ দৰে সাধাৰণ লক্ষণহে দেখা পোৱা গৈছে৷ মই ভাবো অমিক্ৰমক প্ৰতিৰোধৰ বাবে নাগৰিকে মাস্ক পৰিধান কৰি, ছেনিটাইজাৰেৰে হাত ধুই সম্পূৰ্ণ ক’ভিড বিধি মানি চলিব লাগিব৷ সদায় এটা কথা কৈ আহিছোঁ ৰাইজে জনসমাগমৰ পৰা বিৰত থাকক৷ চৰকাৰে আন্তঃৰাষ্ট˜ীয় বিমান যাত্ৰীৰ ক্ষেত্ৰত নতুন এছ অ’ পি প্ৰকাশ কৰিছে৷ জি এম চি এইচত আমি ক’ভিডৰ দ্বিতীয় ঢৌক লৈ সমীক্ষা চলাইছিলোঁ৷ জি এম চি এইচত ভৰ্তি হোৱা প্ৰায় ৯,০০০ ক’ভিড ৰোগীৰ ভিতৰত ৮২৯জন ৰোগীৰ মৃত্যু হৈছে৷ দেখা গৈছে যে এই ৮২৯জন মৃত ৰোগীৰ ভিতৰত ভেক্‌চিন নোলোৱা ব্যক্তি ৮৩ শতাংশ৷ ভেক্‌চিন লোৱা ৰোগীসকল আন ৰোগৰ বাবে মৃত্যু হৈছে৷ অৱশ্যে ভেক্‌চিন ল’লে মৃত্যুৰ হাৰ কম হয়৷ সেয়েহে ৰাইজে ভেক্‌চিন ল’বলৈ আগবাঢ়ি আহিব লাগে৷ যিহেতু শিশুসকলৰ ভেক্‌চিন বৰ্তমানেও আৰম্ভ হোৱা নাই, সেয়ে বিশেষ প্ৰয়োজনীয়তা নাথাকিলে শিশুসকলক বাহিৰত ঘূৰা-ফুৰাৰ পৰা বিৰত ৰাখিব লাগে৷ এতিয়া যিহেতু বনভোজৰ বতৰ, আমাৰ আহ৩ান থাকিব বনভোজ পৰাও ৰাইজে বিৰত থাকক৷ বনভোজ অহা বছৰেও আয়োজন কৰিব পাৰিব৷ কিন্তু মানুহৰ স্বাস্থ্যৰ নিৰাপত্তা অধিক গুৰুত্বপূৰ্ণ৷ বনভোজৰ লগতে এতিয়া বিবাহৰো বতৰ৷ যিহেতু বিবাহস্থলীসমূহত অধিক মাত্ৰাত জনসমাগম হয়, সেয়েহে চৰকাৰৰ ক’ভিড বিধি মানিহে ৰাইজে বিবাহ অনুষ্ঠানত ভাগ ল’ব লাগে৷’– গুৰুত্বপূৰ্ণ কথাটো হৈছে, জি এম চি এইচৰ অধীক্ষক ডাঃ শৰ্মাই ক’ভিডক লৈ ৰাইজক সতৰ্ক হ’বলৈ আহ্বান জনালেও চৰকাৰী পক্ষক সাৱধানতাৰ সন্দৰ্ভত কোনো পৰামৰ্শ দিয়া দেখা নগ’ল৷ ৰাজ্যৰ মূল চিকিৎসালয়খনৰ অধীক্ষকজনে নাগৰিকক জনসমাগম অৰ্থাৎ ৰাজহুৱা স্থানত ভিৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালেও চৰকাৰী সভা-সমিতিসমূহতে ক’ভিড বিধি ভংগ কৰি ব্যাপক জনসমাগম পৰিলক্ষিত হৈ আহিছে৷ খোদ মুখ্যমন্ত্ৰীয়ে মাস্ক পৰিধান নকৰাকৈ নিতৌ দুই-তিনিখনকৈ ৰাজহুৱা সভাত অংশ লোৱাও দেখা গৈছে৷ আনকি নেতা-মন্ত্ৰীসকলে ৰাইজৰ গাত গা লগাই নাচ-গান কৰাৰ পৰা আৰম্ভ কৰি ছেল্‌ফি উঠাৰ পৰাও বিৰত থকা নাই৷ চিকিৎসা প্ৰতিষ্ঠানখনৰ মুৰব্বীজনে ৰাইজক সজাগ হোৱাৰ আহ্বান জনালেও নেতা-মন্ত্ৰীসকলৰ ক্ষেত্ৰত কোনো মন্তব্য দিয়া দেখা নগ’ল৷ স্বাভাৱিকতেই দৈনিক ২-৩ ঠাইত ৰাজহুৱা সমাগমৰ সৃষ্টি কৰা মুখ্যমন্ত্ৰীৰ সভাসমূহত ক’ভিড সংক্ৰমণ নহয় নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷