Logo
image

উৰিছে শব্দতকৈও বেগী যুঁজাৰু বিমান

আকাশী বিস্ফোৰণত বাৰে বাৰে কঁপি উঠিছে যোৰহাট

আমাৰ অসম, ৭ ডিচেম্বৰঃ আজি পুৱা প্ৰায় ৪.০০ বজাৰ আশে পাশে হোৱা এক ধাৰাবাহিক বিস্ফোৰণৰ শব্দত যোৰহাটৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চল কঁপি উঠে৷ স্থানীয় বাসিন্দাসকলে প্ৰকাশ কৰা মতে পুৱা ৪.১১ বজাৰ আশে পাশে চাৰিটা বিস্ফোৰণৰ শব্দ শুনা গৈছিল৷ আন একাংশৰ মতে সাতটা বিস্ফোৰণৰ শব্দ শুনা যায়৷ এই ধাৰাবাহিক বিস্ফোৰণৰ সময়ত অধিকাংশ লোক নিদ্ৰাৰত অৱস্থাত আছিল যদিও বিষ্ফোৰণৰ শব্দত বহু লোকে সাৰ পাই যোৱাৰ লগতে ঘৰ-দুৱাৰ কঁপি উঠে৷ কিন্তু এই বিস্ফোৰণৰ উৎস সম্পৰ্কে সঠিকভাৱে জানিব পৰা নাই৷ স্থানীয় এজন ব্যক্তিয়ে প্ৰকাশ কৰা মতে, যোৰহাটৰ ৰৰৈয়াস্থিত বায়ুসেনা বাহিনীৰ প্ৰশিক্ষণ অব্যাহত আছে৷ আজি পুৱা বায়ু সেনাৰ বিমানৰ প্ৰশিক্ষণৰ সময়তে এই শব্দ শুনা যায়৷ তেওঁ লগতে জনোৱা মতে, যোৰহাটবাসীয়ে মাজে মাজে এনে শব্দ শুনিবলৈ পায়৷ প্ৰায় এসপ্তাহ পূৰ্বেও সন্ধিয়া প্ৰায় ৮.৩০ বজাত এটা ভয়ংকৰ শব্দ হৈছিল৷ সেইদিনাও ঘৰ-দুৱাৰ কঁপি উঠাৰ লগতে বন্ধ হৈ থকা দুৱাৰ পৰ্যন্ত খোল খাই গৈছিল৷ সেয়ে এনে শব্দৰ সৈতে যোৰহাটবাসী অভ্যস্ত হৈ পৰিছে৷ এই সন্দৰ্ভত জিলাখনৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ সৈতে যোগাযোগ কৰাত কয় যে, তেওঁ নিজেও এই শব্দ শুনা পাইছিল৷ বায়ু সেনাবাহিনীৰ যুঁজাৰু বিমানৰ পৰা এই শব্দ হোৱা বুলি তেওঁ প্ৰকাশ কৰে৷ আৰক্ষী অধীক্ষকজনে প্ৰকাশ কৰা মতে, এনে বিস্ফোৰণক ছ’নিক ব’ম বুলি কোৱা হয়৷ শব্দৰ গতি বেগতকৈ বিমানৰ গতিবেগ বৃদ্ধি পালে এনে বিস্ফোৰণৰ শব্দ হয়৷ অৱশ্যে বায়ু সেনা বাহিনীয়ে আৰক্ষী প্ৰশাসনক এনে বিস্ফোৰণৰ শব্দ তথা অনুশীলনৰ বিষয়ে অৱগত কৰা নাই বুলি জিলাখনৰ আৰক্ষী প্ৰশাসনৰ মুৰব্বীজনে সদৰী কৰে৷ আনহাতে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনেও এই শব্দ যুঁজাৰু বিমানৰ পৰা হোৱা বুলি প্ৰকাশ কৰে৷ অৱশ্যে বায়ু সেনা বাহিনীয়ে এই সন্দৰ্ভত অসামৰিক প্ৰশাসনক কোনো কথা অৱগত কৰা নাই বুজি জিলা প্ৰশাসনৰ বিষয়াজনে জানিবলৈ দিছে৷ ইফালে একাংশই স্থানীয় বাসিন্দাই বায়ু সেনা বাহিনীৰ প্ৰশিক্ষণৰ সময়ত বোমা বিস্ফোৰণ ঘটোৱা বুলিও সন্দেহ কৰিছে৷ যোৰহাটত দিন দুপৰতে এজন ছাত্ৰ নেতাক উন্মত্ত লোকে হত্যা কৰা আৰু আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে এক পথ দুৰ্ঘটনাত এই হত্যাকাণ্ডৰ মূল অভিযুক্তৰ মৃত্যুৰ ঘটনাই যোৰহাটবাসীক শংকিত কৰি ৰখাৰ সময়তে এনে বিস্ফোৰণৰ শব্দই আতংক বৃদ্ধি কৰিছে৷ অৱশ্যে এনে শব্দৰ বাবে যোৰহাটবাসীক আতংকিত নহ’বলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে৷ উল্লেখ্য জেট যুদ্ধবিমানে শব্দতকৈ অধিক বেগত গতি কৰিব পাৰে৷ সেই গতিক ছুপাৰছনিক গতি বুলি কোৱা হয়৷ একেখন জেট বিমানে শব্দতকৈ কম গতিতো কোনো সময়ত উৰিবলগীয়া হয়৷ ইয়াক ছাব-ছনিক গতি বুলি কোৱা হয়৷ যেতিয়া জেট যুদ্ধবিমান এখনে ছাব-ছনিক গতিৰ পৰা ছুপাৰছনিক গতি লয়, তেতিয়া সেই গতিৰ ব্যৱধানৰ সামান্য সময়ছোৱাত এটা বিৰাট শব্দৰ সৃষ্টি হয়৷ সেই শব্দটোক ছনিক-বুম [Sonic Boom) বুলি কোৱা হয়৷ যোৰহাটত জেট যুজাঁৰু বিমানৰ নিয়মিত অনুশীলনৰ উৰণৰ সময়ত সেই শব্দই শুনিবলৈ পোৱা গৈছে বুলি বিশেষজ্ঞই প্ৰকাশ কৰিছে৷ পৰৱৰ্তী সময়ত ৰাজ্যৰ আন স্থানতো বায়ু সেনাবাহিনীয়ে তেনেদৰে নিয়মিত উৰণৰ অনুশীলন চলাব, য’ত অনুৰূপ ভয়ংকৰ শব্দৰ সৃষ্টি হ’ব৷