Logo
image

হৰ্ণবিল মহোৎসৱ বাতিল, আফস্পাৰ বিৰুদ্ধে জনজাগৰণ

আমাৰ অসম, ৮ ডিচেম্বৰঃ ভাৰতীয় সেনা বাহিনীয়ে নাগালেণ্ডত চলোৱা বৰ্বৰ হত্যালীলাৰ প্ৰতিবাদত নাগালেণ্ড চৰকাৰে ৰাজ্যখনৰ সৰ্ববৃহৎ পৰ্যটন কাৰ্যসূচী হৰ্ণবিল মহোৎসৱ আধাতে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ মঙলবাৰে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ নেতৃত্বত অনুষ্ঠিত জৰুৰী কেবিনেট বৈঠকত নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীসভাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ তদুপৰি জৰুৰী কেবিনেটে ৰাজ্যখনৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন [আফস্পা] প্ৰত্যাহাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ জৰুৰী পত্ৰ প্ৰেৰণৰো সিদ্ধান্ত গ্ৰহণ কৰে৷ জৰুৰী কেবিনেটত ঘাইকৈ এই দুটা সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে যোৱা চাৰি ডিচেম্বৰত সেনা বাহিনীয়ে সংঘটিত কৰা হত্যালীলাৰ ক্ষেত্ৰত এই পৰ্যন্ত নাগালেণ্ড চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে প্ৰকাশ কৰে৷ ইপিনে, দেশৰে বৃহত্তম বিদ্ৰোহী সংগঠন এনএছচিএনে সেনা বাহিনীৰ নিৰ্দোষী গাঁওবাসীক হত্যা  কৰাৰ ঘটনাৰ প্ৰতিশোধ ল’ব বুলি ভয়ংকৰ হুংকাৰ দিছে৷ সম্প্ৰতি যুদ্ধবিৰতিত থকা সশস্ত্ৰ সংগঠনটোৱে অচিৰেই এই ঘটনাৰ সমানেই বা ততোধিক ভয়ংকৰভাৱে প্ৰতিশোধ ল’ব বুলি প্ৰকাশ কৰা বিবৃতিয়ে উত্তৰ-পূৰ্বাঞ্চলক পুনৰ উত্তপ্ত কৰি তোলাৰ আশংকা সৃষ্টি কৰিছে৷ উল্লেখ্য যে, যোৱা চাৰি ডিচেম্বৰৰ বিয়লি সেনাবাহিনীৰ ২১ পেৰা স্পেচিয়েল ফ’ৰ্চে মন জিলাৰ অ’টিং নামৰ গাঁওখনত উগ্ৰপন্থী বুলি সন্দেহ কৰি ৬ জন কয়লা খনিৰ শ্ৰমিকক গুলীয়াই হত্যা কৰিছিল৷ ইয়াৰ পাছতে প্ৰতিবাদী গাঁওবাসীৰ সৈতে হোৱা সেনাৰ খনে খনে খণ্ড যুদ্ধত আৰু ৯ জন গাঁওবাসীৰ মৃত্যু হৈছিল৷ এই ঘটনাৰ পাছত বিগত চাৰিদিন সমগ্ৰ নাগালেণ্ড উত্তেজনাত তগবগাই আছে৷ কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ সৈতে জোঁট বান্ধি চৰকাৰ গঠন কৰা নাগালেণ্ড চৰকাৰে সেনাবাহিনীৰ এই কাণ্ডৰ বিৰুদ্ধে মুকলি প্ৰতিবাদ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে স্পষ্টভাৱে বিষোদগাৰ প্ৰকাশ কৰিছে৷ এনে পৰিস্থিতিত ৰাজ্যবাসীৰ পক্ষত থাকি ৰাজ্যৰ সৰ্ববৃহৎ পৰ্যটন মহোৎসৱ হৰ্ণবিল মহোৎসৱ বাতিল কৰি দিয়াৰ সিদ্ধান্ত অতি সাহসী হিচাপে পৰিগণিত হৈছে৷ কিয়নো দীৰ্ঘদিন ধৰি চলি থকা হৰ্ণবিল মহোৎসৱে বিশ্বখ্যাতি অৰ্জন কৰিছে৷ এই মহোৎসৱৰ জৰিয়তে নাগালেণ্ডৰ কৃষ্টি-সংস্কৃতি দেশৰ ভিন ভিন স্থানলৈ যোৱাৰ লগতে বিদেশলৈকো বিস্তৃত হৈছে৷ যোৱা এক ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এইবাৰৰ হৰ্ণবিল মহোৎসৱ দহ ডিচেম্বৰ পৰ্যন্ত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ চাৰি ডিচেম্বৰত সেনাই নিৰ্দোষী গাঁওবাসীক হত্যা কৰাৰ পিছদিনা হৰ্ণবিল মহোৎসৱত ভাগ লোৱা অধিকাংশ অংশগ্ৰহণকাৰীয়ে আশংকাজনক পৰিস্থিতিত নিজৰ ষ্টলসমূহ বন্ধ কৰি ৰাখিছিল৷ সেইদিনাই ৬ টাকৈ জনগোষ্ঠীয় সংগঠনে মহোৎসৱৰ পৰা আধাতে আঁতৰি পৰিছিল৷ তেওঁলোকে কৈছিল, ৰাজ্যৰ নিৰ্দোষী লোকক সেনাবাহিনীয়ে হত্যা কৰি তেজৰ নৈ বোৱাই দিয়াৰ সময়ত মহোৎসৱত তেওঁলোকে নাচ-গান কৰি থাকিব নোৱাৰে৷ সোমবাৰে ৰাজ্য চৰকাৰে মহোৎসৱৰ কাৰ্যসূচী বন্ধ ৰাখি মঙলবাৰৰ পৰা বাকীকেইদিন হৰ্ণবিল মহোৎসৱৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি ঘোষণা কৰিছিল৷ কিন্তু ৰাজ্য চৰকাৰে নাগালেণ্ডবাসীৰ মন আৰু বেদনা উপলব্ধি কৰি ৰাজ্যখনৰ বৃহত্তম পৰ্যটন মহোৎসৱ এইবাৰৰ বাতিল কৰাৰ সিদ্ধান্ত লয়৷ ৰাজ্য চৰকাৰৰ জৰুৰী কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কে প্ৰকাশ কৰি মন্ত্ৰী তথা মুখপাত্ৰ নেইবা ক্ৰনুৱে কয় যে, হৰ্ণবিল মহোৎসৱৰ উদ্যমিতাৰ কাৰ্যসূচী অব্যাহত থাকিব আৰু ১০ ডিচেম্বৰত সংক্ষিপ্ত সামৰণি অনুষ্ঠানেৰে এইবাৰৰ মহোৎসৱৰ সামৰণি পেলোৱা হ’ব৷ ইপিনে কেন্দ্ৰীয় চৰকাৰলৈ আফস্পা প্ৰত্যাহাৰ সন্দৰ্ভত চৰকাৰীভাৱে পত্ৰ প্ৰেৰণৰ সিদ্ধান্তৰ বিষয়ে জনাই তেওঁ কয় যে, নাগালেণ্ডবাসী আৰু ৰাজ্যখনত নিয়োজিত হৈ থকা অৰ্ধসামৰিক বাহিনী তথা সেনাবাহিনীৰ সৈতে সংঘাতৰ অৱসান ঘটোৱাৰ বাবেই এই ক’লা আইন প্ৰত্যাহাৰ কৰা উচিত বুলি কেবিনেটে সিদ্ধান্ত লৈছে৷ উল্লেখ্য, অশান্ত অঞ্চল হিচাপে ঘোষিত নাগালেণ্ডৰ লগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্যতে কেন্দ্ৰীয় চৰকাৰে আফস্পা বলৱৎ কৰি ৰাখিছে৷ ইয়াৰ ফলত সেনাবাহিনীয়ে সেই সেই অঞ্চলত কাৰো অনুমতি নোলোৱাকৈ যিকোনো সময়তে অভিযান চলাব পাৰে৷ এনে অভিযানত অসামৰিক লোকৰ ক্ষতি হ’লেও উক্ত আইনৰ সহায় লৈ সেনাবাহিনীয়ে সদায় ৰেহাই পায়৷ এনে পৰিস্থিতিৰ বাবেই নাগালেণ্ড চৰকাৰে এইবাৰ আফস্পা প্ৰত্যাহাৰৰ ক্ষেত্ৰত কঠোৰ স্থিতি ল’বলৈ আগবাঢ়িছে৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ উপৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমায়ো উত্তৰ পূবৰ পৰা আফস্পা প্ৰত্যাহাৰৰ বাবে দাবী উত্থাপন কৰিছে৷ একেই দাবী উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ ইপিনে, এনএছচিএনে সেনাবাহিনীৰ বিৰুদ্ধে প্ৰতিশোধৰ হুংকাৰ দিয়াত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল পুনৰ অস্থিৰ হৈ পৰাৰ আশংকাই দেখা দিছে৷ এনএছচিএনৰ ‘গৱৰ্ণমেণ্ট অব্‌ পিপ’ল্‌ছ ৰিপাব্লিক অব্‌ নাগালেণ্ড’ৰ [জিপিআৰএন] পৰা প্ৰকাশ কৰা বিবৃতিত কৈছে যে, তেওঁলোকে শান্তিৰ বাতাবৰণ সৃষ্টিৰ উদ্দেশ্যে দীৰ্ঘদিন ধৰি অস্ত্ৰ সম্বৰণ কৰি আছে৷ কিন্তু তেজপিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে নাগালেণ্ডৰ ভূমিত ৰক্তৰঞ্জিত ঘটনা সংঘটিত নকৰাকৈ থাকিব নোৱাৰে৷ সেয়ে তেওঁলোকে নিৰ্দোষী গাঁওবাসীক গুলীয়াই পুনৰ নাগালেণ্ডত তেজৰ ফাকু খেলিবলৈ সশস্ত্ৰ সংগঠনক আমন্ত্ৰণ জনাইছে৷ এনএছচিএনে ৰাজ্যখনৰ নিৰ্দোষী লোকক সেনাবাহিনীয়ে হত্যা কৰাৰ প্ৰতিশোধ ল’বই৷ যিকোনো মুহূৰ্ততে তেওঁলোকে সেনাবাহিনীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ অংগীকাৰ কৰিছে৷