Logo
image

পাঁচশ কোটি টকাৰ ২০৮ কেজি ড্ৰাগ্‌ জব্দ

আমাৰ অসম, ৮ ডিচেম্বৰঃ চুবুৰীয়া মণিপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে আছাম ৰাইফল্‌ছে৷ মণিপুৰ ম’ৰে চহৰত মঙলবাৰে আছাম ৰাইফল্‌ছ আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই ৫০০ কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰে৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ম্যানমাৰৰ এগৰাকী মহিলাৰ পৰা নিৰাপত্তা বাহিনীয়ে ১৫৪ কেজি মেথাস্ফেটামিন আৰু ৫৪ কেজি ব্ৰাউন চুগাৰ জব্দ কৰে৷ ৩,৭১৬টা চাবোনৰ বাকছত লুকুৱাই অনা ড্ৰাগৰ মুঠ পৰিমাণ হ’ব ২০৮ কেজি৷ ম’ৰে চহৰৰ শিৱগেটৰ এটা ভাড়াঘৰত  

এই বৃহৎ পৰিমাণৰ ড্ৰাগছসমূহ মজুত কৰি ৰাখিছিল ম্যানমাৰৰ মহিলাগৰাকীয়ে৷ মণিপুৰৰ পৰা অসম তথা উত্তৰ-পূবৰ আন আন ৰাজ্য কেইখনলৈ ড্ৰাগখিনি চালান দিয়াৰ সুযোগৰ সন্ধানত আছিল মহিলাগৰাকী৷ আছাম ৰাইফল্‌ছে দাবী কৰা অনুসৰি নিচাযুক্ত সামগ্ৰীখিনিৰ মূল্য ৫০০ কোটি টকাতকৈ অধিক হ’ব৷ আনহাতে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা মহিলাগৰাকী ম্যানমাৰৰ নাগৰিক যদিও অৱশ্যে তেওঁ বিবাহ হৈছে এজন চীনা নাগৰিকলৈ৷ ২০২০ চনৰ নৱেম্বৰতো মণিপুৰ আৰক্ষী আৰু আছাম ৰাইফল্‌ছে জিলাখনৰ পৰা ২,৩০০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিছিল৷ বিগত বৰ্ষত জব্দ হোৱা উক্ত ড্ৰাগছৰ পাছত সোমবাৰে দ্বিতীয় বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে৷ মণিপুৰ আৰক্ষীয়ে জব্দকৃত ড্ৰাগছখিনি ম্যানমাৰ নে চীনৰ পৰা সৰবৰাহ হৈছিল তাৰ অনুসন্ধান অব্যাহত ৰাখিছে৷

মৰিগাঁৱত ২ কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ

মৰিগাঁও আৰক্ষীৰ বৃহৎ সাফল্য৷ মৰিগাঁও আৰক্ষীয়ে মঙলবাৰে মিকিৰভেটা আৰক্ষী চকীৰ অন্তৰ্গত বৰিবজাৰৰ পেট্ৰ’লিং পোষ্টৰ অন্তৰ্গত শিলপুখুৰীৰ পৰা ৰ.প্ত কোটি টকাৰ পৰা ২ কোটি টকাৰ মূল্যৰ ড্ৰাগ্‌ছ জব্দ কৰিবলৈ সক্ষম হয়৷ মৰিগাঁও আৰক্ষীৰ এটা দলে বৰিবজাৰ অঞ্চলত অভিযান চলাই দক্ষিণ শিলপুখুৰী গাঁৱৰ মহম্মদ খাজাল উদ্দীনক [৪] ড্ৰাগ্‌ছসহ গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীৰ অভিযানত খাজাল উদ্দীনৰ ঘৰৰ পৰা ২০টা চাবোনৰ বাকচত মুঠ ২৮৯গ্ৰাম হেৰ’ইন, ১৫ পেকেট নিত্ৰাজিপাম জীপ, ১৯ পেকেট নিত্ৰাজিপাম নিত্ৰাকেয়াৰ টেবলেট জব্দ কৰে৷ তদুপৰি, ৯২টা খালী কণ্টেইনাৰ জব্দ কৰে৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত জব্দকৃত ড্ৰাগ্‌ছখিনি ডিমাপুৰৰ পৰা অনাৰ কথা স্বীকাৰ কৰিছে ধৃত খাজাল উদ্দিনে৷