Logo
image

কাক ধৰে ধৰক এতিয়া

কামাখ্যাক ঔৰংগজেৱৰ মাটি ঃ সাহিত্য সভা প্ৰকাশিত ড॰ মহেশ্বৰ নেওগৰ কিতাপৰ পৰাহে হেনো উদ্ধৃতি দিছিল আমিনুল

আমাৰ অসম, ৮ ডিচেম্বৰঃ কামাখ্যা মন্দিৰৰ বাবে মোগল সম্ৰাট ঔৰংজেৱে মাটি দান দিছিলে নেকি? এই সন্দৰ্ভত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ এক দাবীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ৷ বিধায়ক ইছলামে সংবাদ মাধ্যমৰ আগত দাবী কৰে যে ঔৰংজেৱে ভাৰতৰ কেবাশ মন্দিৰত মাটি দান দিছিল৷ তেওঁ বেনাৰসৰ জংগম মন্দিৰত ১৩৮ একৰ মাটিৰ দান দিছিলে৷ কামাখ্যা মন্দিৰক মাটি আবণ্টন দিয়াৰ ক্ষেত্ৰত সম্ৰাটৰ হুকুম এতিয়াও ব্ৰিটিছ মিউজিয়ামত মজুত আছে৷ ঔৰংজেৱে কোন মন্দিৰক কিমান মাটি, কোন পূজাৰীক কিমান মাটি দিছিল সেই কথা এলাহাবাদ পৌৰ নিগমৰ প্ৰাক্তন সভাপতি ডঃ বি এন পাণ্ডে নিজৰ কিতাপত বিস্তৃতভাৱে লিখিছে৷ ডঃ পাট্টা ভি সীতাৰামায়াই তেওঁৰ কিতাপ ‘দ্যা ফিগাৰ্ছ এণ্ড ষ্টোন’ এই সকলো উল্লেখ কৰিছে৷ ব্ৰিটিছ মিউজিয়ামত শ্বাহী ফৰমানবিলাক আছে৷ ‘সাতসৰীৰ অসম বুৰঞ্জী’ত এই কথাবিলাক উল্লেখ আছে৷ যেতিয়া মীৰজুমলাই অসম আক্ৰমণ কৰি জয় লাভ কৰি গড়গাঁৱলৈ দখল কৰিছিল৷ তাৰ পিছত হাদিৰাচকীত চুলতানগৰীয়াৰ মধ্যস্থতাত সন্ধি হৈছিল৷ সেই সন্ধি অনুসৰি আহোম ৰজাই এগৰাকী জীয়ৰীক মীৰজুমুৰ পুতেকলৈ বিয়া দিছিল৷ বহুতো যৌতুক উপঢৌকন দিছিলে৷ তেতিয়া মীৰজুমলাই তেওঁলোকৰ এজন শাসক গুৱাহাটীত দুবছৰমান থৈ গৈছিল৷ গুৱাহাটীত থকা ঔৰংজেবৰ চুবেদাৰজনে নীলাচৰৰ কামাখ্যা মন্দিৰ আৰু অন্য মন্দিৰত মাটি দানৰ ফৰমান দিছিলে৷ সেই ফৰমান বিলাক এতিয়াও আছে৷ বিচাৰিলে পোৱা যাব৷ ডঃ মহেশ্বৰ নেওগে লিখা পবিত্ৰ অসমৰ ২৬৬ নম্বৰ পৃষ্ঠাত লিখা আছে যে হাছান কান্দাহাৰী খা গুৱাহাটীৰ ছুবেদাৰ হৈ থাকোতে কামাখ্যা দেৱালয়ৰ নামত তুৰুক পাৰা মৌজাৰ ৯,৬৬৪ বিঘা লাখেৰাজ আৰু ৬,০১৭ বিঘা নিষ্পিখেৰাজ মাটি দিয়াৰ কথা উল্লেখ আছে৷ এই কথা কিমান সঁচা মই নাজানো৷ সেই কথা মহেশ্বৰ নেওগেহে জানিব৷ অসম সাহিত্য সভাই সেই কিতাপখন প্ৰকাশ কৰিছিল৷ যদি এই তথ্য ভুল তেন্তে অসম সাহিত্য সভা ইয়াৰ বাবে জগৰীয়া হ’ব ভুলকৈ কিতাপখন প্ৰকাশ কৰাৰ বাবে৷ মই কিতাপৰ কথাহে কৈছো৷ উল্লেখ্য যে পবিত্ৰ অসমৰ ২৬৬ পৃষ্ঠাত ডঃ মহেশ্বৰ নেওগে উল্লেখ কৰিছে– আউৰংজেবৰ শাসনৰ নৱম বছৰত পূৰ্বতে কামাখ্যাৰ নামত আল্লাহয়াৰ খা আৰু হাছান কান্দাহাৰী খা গুৱাহাটীৰ ফৌজদাৰ থাকোতে তুৰুকপাৰা মৌজাত দুজন পূজাৰিক দিয়া ভূমিদান পুনঃসংস্থাপন কৰা হয় [Annals of The Delhi Badshahate হ্ম ১৭] এই দেৱালয়ৰ লাখেৰাজ ৯,৬৬৪ বিঘা নিষ্পিখেৰাজ ৬,০১৭ বিঘা৷