Logo
image

বহু বাট চমুৱাই মাজুলী-ধূনাগুৰি নতুন দলং

আমাৰ অসম,৮ ডিচেম্বৰঃ মুকলি হ’ব মাজুলীৰে পশ্চিমৰ দুৱাৰ৷  ২৯ নৱেম্বৰত মাজুলীবাসীৰ বহু প্ৰতীক্ষিত যোৰহাট-মাজুলী সংযোগী ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণ আনুষ্ঠানিকভাৱে আৰম্ভ কৰি মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই অহা ছমাহৰ ভিতৰত মাজুলী-ধুনাগুৰি দলং নিৰ্মাণ আৰম্ভ কৰা হ’ব বুলি কৰা ঘোষণাৰ লগতে ডিচেম্বৰৰ প্ৰথম সপ্তাহত নিবিদা প্ৰকাশ হ’ব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল৷ আৰু আজি লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাই এই পথ আৰু দলঙৰ নিবিদাখন প্ৰকাশ কৰিছে৷ বহুদশক ধৰি দুয়োপাৰৰ ৰাইজ আৰু শেহতীয়াকৈ মাজুলী-ধুনাগুৰি দলং নিৰ্মাণ দাবী সমিতিয়ে নীৰৱিচ্ছিন্নভাৱে চৰকাৰৰ ওচৰত হেঁচা দি থকাৰ পৰিণতিত লাভ কৰা সফলতাত আজিৰ দিনটোত লখিমপুৰ আৰু মাজুলীত একপ্ৰকাৰ উচাহৰ বন্যা বৈছে৷ আজিৰ এই নিবিদা প্ৰকাশ হোৱাৰ হোৱাৰ পাছতেই মাজুলী-ধুনাগুৰি দলং নিৰ্মাণ দাবী সমিতিৰ সভাপতি ৰঞ্জিত দলে আৰু সম্পাদকদ্বয় কমল দত্ত আৰু অসীম কুমাৰ বৈদ্যই মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি জনাই এক প্ৰেছ বাৰ্তা প্ৰেৰণ কৰিছে৷ বাৰ্তাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ মুখ্য অভিযন্তা [ইএপি] পি ডব্লিউ আৰ ডি অসমৰ স্বাক্ষৰিত নিবিদামৰ্মে Packase no-ASত্মযত্নযট্টযRS-I ত Improvement and upgradation of road from Balichapori, Majuli to Bongalmora, Lakhimpur including constraction of two major bridges over Luit and Subonsiri river on EPট্ৰ mode - ৭৮৫.৩৬৪. -December ৬, ২০২১. ৩৬ মাহৰ ভিতৰত এই দলঙৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছে৷  উল্লেখ্য, নিৰ্বাচনৰ পূৰ্বত শাসনাধিস্থিত বিজেপি চৰকাৰে মাজুলীবাসীক দিয়া প্ৰতিশ্ৰুতিমৰ্মে চলিত নৱেম্বৰৰ পৰা দলং নিৰ্মাণ আৰম্ভ কৰি যি সদিচ্ছা প্ৰকাশ কৰিছে তাৰ দ্বাৰা স্বাধীনতাৰ দীৰ্ঘ বছৰত মাজুলী আৰু উত্তৰপৰীয়া ৰাইজ যিদৰে প্ৰতাৰিত আৰু প্ৰৱঞ্চিত হৈ আহিছিল তাৰ পৰা মুক্ত হ’ব বুলি পতিয়ন যোৱাৰ পৰিৱেশ সৃষ্টি হৈছে৷ উল্লেখ্য, ২৯ নৱেম্বৰত ঐতিহাসিক শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰৰ উপকণ্ঠত মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত মাজুলী সংযোগী দলঙৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰি দিয়া দীঘলীয়া ভাষণত দুয়োখন দলং ২০২৫ চনত ৰাইজৰ চলাচলৰ বাবে তেওঁ মুকলি কৰিব বুলিও দৃঢ়তাৰে ঘোষণা কৰিছিল৷ কথা আৰু কামৰ সংগতি ৰাখি আজি এই দলঙৰ নিবিদা মুকলি কৰিছে৷ মুখ্যমন্ত্ৰীজনৰ এই পদক্ষেপত ৰাইজ আশ্বস্ত হোৱাই নহয় মাজুলী হৈ উত্তৰপাৰ আৰু দক্ষিণপাৰৰ সংযোগ ঘটি যি সোণোৱালী যুগৰ সূচনা হ’ব তাত মুখ্যমন্ত্ৰীৰ লগতে শাসনাধিস্থিত দলটোৰ নাম চিৰযুগমীয়া হ’ব বুলি ৰাইজে ব্যক্ত কৰিছে৷ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই মাজুলী-ধুনাগুৰি দলং নিৰ্মাণ দাবী সমিতিৰ সভাপতি ৰঞ্জিত দলে আৰু সম্পাদকদ্বয় কমল দত্ত আৰু অসীম কুমাৰ বৈদ্যই মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি জনাইছে৷  মাজুলী-যোৰহাট সংযোগী দলঙে দক্ষিণ-পূব দুৱাৰ মুকলি কৰাৰ সমান্তৰালভাৱে মাজুলীৰ উত্তৰ- পশ্চিম দুৱাৰ মুকলি কৰিবলগীয়া মাজুলী-ধুনাগুৰি দলং নিৰ্মাণতো ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰতিশ্ৰুতি অনুসৰি, অসমমালা আঁচনিৰে যাৱতীয় প্ৰস্তুতি আগুৱাই নিয়া কাৰ্যত আনন্দিত হৈ পৰিছে মাজুলীবাসী৷ ইতিমধ্যে বিত্ত অনুমোদন, মাটি অধিগ্ৰহণ আদি কাম সম্পূৰ্ণ কৰিছে৷ সেয়ে উক্ত পথ আৰু দলং নিৰ্মাণৰ শুভাৰম্ভণিৰ কথা দক্ষিণপাটৰ পৰাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাত মাজুলী-ধুনাগুৰি দলং নিৰ্মাণ দাবী সমিতিৰ আৰু দুয়োখন জিলাৰ ৰাইজ উৎফুল্ল হৈ পৰিছে৷ উল্লেখ্য, মাজুলী বালিচাপৰিৰ পৰা ঐতিহাসিক আদি এলেঙী সত্ৰ হৈ বঙালমৰালৈকে থকা এই পথচোৱাৰ চেলেকঘাটৰ আনটো পাৰৰ পৰা লখিমপুৰ জিলাৰ অন্তৰ্গত৷ এই পথচোৱাৰ মাজত চেলেকত লোহিত সুঁতি আৰু ধুনাবাৰীৰ কাষেদি সোৱণশিৰি সুঁতি বৈ গৈছে৷ এই দুয়োটা সুঁতিত ক্ৰমে একেটা আঁচনিৰ অন্তৰ্গত দুখন পকী দলং নিৰ্মাণ হ’ব৷ ইতিমধ্যে দলঙৰ যাৱতীয় কাম-কাজ সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে৷ দলং নিৰ্মাণ দাবী সমিতিয়ে মুখ্যমন্ত্ৰী, গড়কাপ্টানিমন্ত্ৰী আৰু সংশ্লিষ্ট বিভাগৰ সকলো বিষয়া -কৰ্মচাৰী সকলোকে ধন্যবাদ জনোৱাৰ লগতে ইংৰাজী নতুন বছৰৰ পৰা যাতে পথ-দলং নিৰ্মাণ পূৰ্ণগতিত আৰম্ভ হয় তাৰ প্ৰতি আহ্বান জনাইছে৷ উল্লেখ্য, বালিচাপৰিৰ পৰা চেলেকঘাটলৈ সম্প্ৰসাৰণ হ’বলগীয়া পথচোৱাৰ অধিকাংশ মাটিয়েই চৰকাৰী হোৱাত এই অংশৰ লোকসকলৰ অস্থাৱৰ সম্পত্তিৰ প্ৰত্যক্ষ ক্ৰয়ৰ বাবে লগতে যিখিনি ম্যাদী মাটি আছে সেইখিনিৰ জৰীপ ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে ৰাজহ বিভাগৰ দ্বাৰা সম্পূৰ্ণ কৰিছে৷ ২৯ নৱেম্বৰৰ ঐতিহাসিক দিনটোৱে মাজুলী আৰু উত্তৰপাৰবাসীৰ উন্নয়নৰ নতুন সুৰুয উদয়ৰ প্ৰতিশ্ৰুতি বহন কৰিব বুলি আশাবাদী মাজুলীবাসী৷ উত্তৰ-পশ্চিমেৰে মাজুলীৰ সংযোগেৰে দুয়োপাৰৰ জীৱনলৈ আমূল সম্ভাৱনা কঢ়িয়াই আনিব৷ এই দলঙে জীৱন জীৱিকা, সংস্কৃতি-পৰ্যটনলৈ বিপুল সম্ভাৱনা কঢ়িয়াই অনাৰ সম্ভাৱনা আশা কৰিছে লোহিত-সোৱণশিৰীৰ দুয়োপাৰৰ ৰাইজে৷