Logo
image

দিল্লী পালেগৈ পৌৰ নিৰ্বাচনৰ আলোচনা

হিমন্তৰে গৃহমন্ত্ৰীৰ ৰুদ্ধদ্বাৰ বৈঠক



আমাৰ অসম, ৮ ডিচেম্বৰঃ নাগালেণ্ডৰ শেহতীয়া গণহত্যা কিম্বা বিতৰ্কিত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনক লৈ আলোচনাৰ বাবে নহয় অহাবছৰ অসমত অনুষ্ঠিত হ’বলগীয়া পৌৰসভা, পৌৰনিগম আৰু পৰিষদীয় নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰাৰ বাবেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হেনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জৰুৰীভাৱে দিল্লীলৈ তলব কৰিছে৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীজনে আজি বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাত কৰে৷ মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু সংগঠনৰ দায়িত্বত থকা ফণীন্দ্ৰ শৰ্মাইও বৈঠকত অংশগ্ৰহণ কৰে৷ বৈঠকত অসমত দলৰ পৰ্যৱেক্ষক বৈজয়ন্ত পাণ্ডাও উপস্থিত থাকে৷ দুদিনীয়া কাৰ্যসূচীৰে আজি দুপৰীয়া দিল্লীলৈ অহা মুখ্যমন্ত্ৰীজনে অমিত শ্বাহক সাক্ষাত কৰিবলৈ যোৱাৰ প্ৰাক্‌-মুহূৰ্তত আছাম হাউছত অপেক্ষাৰত সাংবাদিকসকলৰ ওচৰত স্পষ্ট কৰি দিয়ে যে কোনো চৰকাৰী কাৰ্যসূচী নহয় সাংগঠনিক বিষয়ত আলোচনাৰ বাবেই ৰাজ্যিক সভাপতি কলিতা আৰু সাধাৰণ সম্পাদক শৰ্মাৰ সৈতে তেওঁ শ্বাহক সাক্ষাত কৰিবলৈ গৈ আছে৷ বিয়লি চাৰি বজাৰ পৰা প্ৰায় ডেৰ ঘণ্টা ধৰি চলা বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে ৰাজ্যিক সভাপতিজনেই সাংবাদিকৰ মুখামুখি হয়৷ ভৱেশ কলিতাইও স্পষ্ট কৰি দিয়ে যে, বৈঠকখন কোনো চৰকাৰী বিষয়ত নহয় সাংগঠনিক বিষয়ত আলোচনাৰ বাবেই কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে তেওঁলোকক আমন্ত্ৰণ জনাইছিল৷ তেওঁ কয় যে, আগন্তুক বছৰটো হৈছে অসমত নিৰ্বাচনৰ বছৰ৷ ৮১খন পৌৰসভা, পৌৰ নিগমৰ উপৰি ঠেঙাল কছাৰী, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে৷ এপ্ৰিল-মে’ মাহত কাৰ্বি আংল স্বায়ত্তশাসিত পৰিষদৰো নিৰ্বাচন আছে৷ সেয়েহে ৰাজ্যৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে গৃহমন্ত্ৰীজনে আজিৰ বৈঠকত কিছু পৰামৰ্শ প্ৰদান কৰা বুলি কলিতাই সাংবাদিকক জানিবলৈ দিয়ে৷ অসমত সংগঠনৰ সালসলনি হ’ব নেকি এই প্ৰশ্নৰ উত্তৰত ৰাজ্যিক সভাপতিজনৰ বক্তব্য— ‘বেছি দিন হোৱা নাই মই দায়িত্ব লৈছোঁ৷ আৰু দায়িত্ব লৈ সাংগঠিনক কিছু সালসলনি ইতিমধ্যেই কৰিছোঁ৷ এতিয়া সালসলনিৰ কোনো কথা নাই৷ আগন্তুক বছৰটো নিৰ্বাচনৰ বছৰ হ’ব৷ বহুকেইটা নিৰ্বাচন আছে৷ অমিত শ্বাহে সংগঠনৰ ভেটি আৰু শক্তিশালী কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে৷’ কলিতাই লগতে এয়াও জনাই দিয়ে অমিত শ্বাহৰ আহ্বানমৰ্মেই আজিৰ এই বৈঠক অনুষ্ঠিত হৈছে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কলিতাই স্পষ্ট কৰি দিয়ে যে, বৈঠকত আফস্পা কিম্বা নাগালেণ্ডৰ কোনো ইছু্যৱেই নাছিল৷ পিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ সৈতে হোৱা আজিৰ বৈঠকত নাগালেণ্ডৰ শেহতীয়া হত্যাকাণ্ডকলৈ কোনো আলোচনা হোৱা নাই যদিও কাইলৈ ড॰   শৰ্মাই পুনৰ শ্বাহক সাক্ষাত কৰিব পাৰে৷ উক্ত বৈঠকত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জটিলতা সন্দৰ্ভত শ্বাহে ড॰  শৰ্মাৰ সৈতে আলোচনা কৰিব পাৰে বুলি এটা সূত্ৰই জানিবলৈ দিছে৷