Logo
image

হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ প্ৰথম সেনা সৰ্বাধিনায়ক ৰাৱাট প্ৰয়াত


পত্নী মধুলিকা, ব্ৰিগেডিয়াৰ, কৰ্নেলসহ নিহত ১৩


আমাৰ অসম, ৯ ডিচেম্বৰঃ তামিলনাডুৰ নীলগিৰি পৰ্বতমালাৰ অৰণ্যৰ মাজত সংঘটিত এটা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ প্ৰথমজন সামৰিক বাহিনীৰ সৰ্বাধিনায়ক অথবা চিফ অব ডিফেন্স ষ্টাফ নিহত হৈছে৷ বুধবাৰে দিনৰ ১২.২০ বজাত কইম্বাটুৰ জিলাৰ কুনুড়ৰ ওচৰত সংঘটিত এই হেলিকপ্টাৰ দুৰ্ঘটনাত চিফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ পত্নী আৰু সেনাবাহিনীৰ বিষয়া-জোৱান তথা হেলিকপ্টাৰখনৰ পাইলটসহ মুঠতে ১৩জন নিহত হৈছে৷ দুৰ্ঘটনাৰ ১০ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো অলৌকিকভাৱে জীৱিত হৈ আছে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ আৰোহী, সেনাবাহিনীৰ গ্ৰুপ কেপ্টেইন বৰুন সিং৷ গুৰুতৰভাৱে আহত অৱস্থাত তেওঁ চিকিৎসাধীন হৈ আছে৷ দেশৰ প্ৰথমজন চিফ অব ডিফেন্স ষ্টাফ [চিডিএছ] বিপিন ৰাৱাটক লৈ যোৱা ভাৰতীয় বায়ু সেনাবাহিনীৰ সৰ্বোৎকৃষ্ট এম আই-১৭ হেলিকপ্টাৰ এখন তামিলনাডুৰ নীলগিৰি পৰ্বতমালাৰ দুৰ্গম অৰণ্যৰ মাজত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়৷ বুধবাৰে দিনৰ ঠিক ১২ বজাৰ পাছত তামিলনাডুৰ নীলগিৰি জিলাৰ কুনুড়ৰ ওচৰত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈ মাটিত আছাৰ খাই পৰাৰ পূৰ্বেই অগ্নিপিণ্ডত পৰিণত হয়৷ নীলগিৰি জিলাৰ উপায়ুক্তই বায়ু সেনাবাহিনীৰ হেলিকপ্টাৰখনত থকা মুঠ ১৪জন আৰোহী আৰু চালকৰ ভিতৰত ১৩জনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে৷ ইয়াৰে কেইবাজনৰো ঘটনাস্থলীতে মৃত্যু হয় আৰু বাকীকেইজনৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত অথবা চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়৷ চিফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ স্থিতি সন্দৰ্ভত প্ৰতিৰক্ষা বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰে বিয়লি পৰ্যন্ত কোনো তথ্য প্ৰকাশ কৰা নাছিল৷ এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত তেওঁৰ পৰিণতি কি হ’ল অথবা তেওঁৰ আঘাত কিমান গুৰুতৰ সেই সন্দৰ্ভত চৰকাৰ আৰু প্ৰতিৰক্ষা বিভাগ প্ত ঘণ্টাধৰি তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছিল৷ তাৰ মাজতে বিয়লি দুৰ্ঘটনাস্থলৰ উদ্ধাৰকাৰ্য চলাই থকাৰ এটা ভিডিঅ’ ইতিমধ্যে প্ৰকাশ হয়, য’ত চিডিএছ বিপিন ৰাৱাটক সেনাৰ উদ্ধাৰকাৰীয়ে এখনকাপোৰৰ সাঙী তৈয়াৰ কৰি গুৰুতৰভাৱে আহত অৱস্থাত কঢ়িয়াই নিয়া দেখা যায়৷ কাপোৰ-কানি ফাটি যোৱা, সমগ্ৰ শৰীৰ ৰক্তাক্ত হৈ পৰা অৱস্থাতো বিপিন ৰাৱাটে লৰচৰ কৰি থকা দেখা গৈছিল৷ অৱশ্যে এই ভিডিঅ’টোৰ তথাৰ্থতা নিৰূপণ কৰা হোৱা নাই৷ অৱশেষত ভাৰতীয় বায়ু সেনাবাহিনীয়ে ৰাৱট নিহত হোৱাতো নিশ্চিত কৰে৷

ভাৰতীয় বায়ু সেনাবাহিনীৰ জিম্মাত থকা সবাটোকৈ অত্যাধুনিক আৰু সৰ্বোৎকৃষ্ট হেলিকপ্টাৰ এম আই-১৭ ভিপ্তত আৰোহণ কৰি চিফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে, তেওঁৰ পত্নী মধুলিকা ৰাৱাটসহ তামিলনাডুৰ কইম্বাটুৰৰ ছুলুৰৰ পৰা উড়াগামান্দালাম বা উটিৰ ৱেলিংটনলৈ যাত্ৰা কৰিছিল৷ হেলিকপ্টাৰখনত চিপ অব ডিফেন্স ষ্টাফৰ ছিকিউৰিটী কমাণ্ডো, ডিফেন্স এছিছটেণ্টসহ মুঠ জ্ঝজন যাত্ৰী আৰু পাইলটসহ মুঠ আৰোহী আছিল ১৪জন৷ হেলিকপ্টাৰখনে উৰা মাৰিছিল কইম্বাটুৰৰ ছুলুৰৰ ভাৰতীয় বায়ু সেনাৰ ঘাটিৰ পৰা বেলিংটনত থকা ভাৰতীয় সেনাবাহিনীৰ ‘ডিফেন্স ছিভিল ষ্টাফ কলেজ’ত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে বিপিন ৰাৱাট বুধবাৰে পুৱা নতুন দিল্লীৰ পৰা গৈ ছুলুৰত উপস্থিত হৈছিল৷ পিছে হেলিকপ্টাৰখনে উৰা মৰাৰ কিছু সময় পাছত নীলগিৰি পৰ্বতমালাৰ ওপৰত কুনুড় নামৰ ঠাইত বিকট শব্দ কৰি দুৰ্ঘটনাগ্ৰস্ত হয়৷ প্ৰত্যক্ষদৰ্শী কৃষ্ণস্বামীয়ে জনোৱা অনুসৰি এটা বিৰাট শব্দ কৰি হেলিকপ্টাৰখনে প্ৰথমে এজোপা গছত খুন্দা মাৰে আৰু লগে লগে হেলিকপ্টাৰখন অগ্নিবলয়ত পৰিণত হয়৷ তাৰ পাছতে উৰি থকা হেলিকপ্টাৰখনে আনকেইজোপামান গছত প্ৰচণ্ড গতিত খুন্দা মাৰি ঘন অৰণ্যৰ মাজত আছাৰ খাই পৰে৷ ভগা হেলিকপ্টাৰখন ভূপতিত হোৱাৰ পূৰ্বে কেইবাজনো আৰোহীয়ে তাৰ পৰা জঁপিয়াই ওলাবলৈ চেষ্টা কৰিলেও তেওঁলোকৰ শৰীৰ তেতিয়া জুয়ে আবৰি আছিল৷ উল্লেখ্য, কাটেৰী নামৰ এখন গাঁৱৰ বাসিন্দাই প্ৰথমে হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ আৰক্ষীক জনায় দুপৰীয়া ১২.২০ বজাত৷ অৱশ্যে প্ৰতিৰক্ষা বাহিনীৰ মতে দুপৰীয়া ১২.৪০ বজাত দুৰ্ঘটনাটো সংঘটিত হয়৷

নীলগিৰি পৰ্বতমালাৰ ঘন অৰণ্যবেষ্টিত দুৰ্ঘটনাস্থলৰ পৰা নিকটতম যান-বাহন চলাচল কৰিব পৰা পথৰ দূৰত্ব ১০ কিলোমিটাৰ৷ সেয়ে সেনা আৰু অন্যান্য উদ্ধাৰকাৰীয়ে পাহাৰ বগাই আহি ঘটনাস্থলীত উপস্থিত হওঁতে পলম হয়৷ গছ-বন কাটি উদ্ধাৰকাৰীয়ে মৃত আৰু অগ্নিদগ্ধ আৰোহীক প্ৰথমে স্থানীয় হাস্পতাল আৰু পাছত বেলিংটনৰ সামৰিক হাস্পতাললৈ নি চিকিৎসা প্ৰদান কৰে৷ হেলিকপ্টাৰখনৰ মুঠ ১৪জন আৰোহী তথা পাইলটসহ ১৩জনৰ মৃত্যু নিশ্চিত কৰাৰ পাছতো এজন আৰোহী এতিয়াও জীৱিত থকা বুলি জনাইছে প্ৰতিৰক্ষা বিভাগে৷ গুৰুতৰভাৱে আহত আৰু ৯০ শতাংশ অগ্নিদগ্ধ অৱস্থাত তেওঁক চিকিৎসা প্ৰদান কৰি থকা হৈছে৷

ইপিনে, ঘটনাৰ লগে লগে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সবিশেষ অৱগত কৰে৷ এই ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হতভম্ব হৈ পৰে৷ সামৰিক বিভাগৰ সৰ্বাধিনায়ক অথবা চিডিএছৰ মৃত্যুৰ পাছত কেন্দ্ৰীয় চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া স্থিৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত সন্ধিয়া কেবিনেট বৈঠকৰ আয়োজ কৰা হয়৷ উল্লেখ্য, বিপিন ৰাৱাট দেশৰ প্ৰথমজন সামৰিক বাহিনীৰ সৰ্বাধিনায়ক বা চিফ অব ডিফেন্স ষ্টাফ আছিল৷ ২০১৯ চনত নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই পদ সৃষ্টি কৰিছিল৷ বিপিন ৰাৱাটক চিফ অব ডিফেন্স ষ্টাফ হিচাপে নিয়োগ কৰা হৈছিল ২০০০ চনৰ ৰ জানুৱাৰীত৷ দেশৰ প্ৰথমজন চিডিএছৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে তিনি বছৰ ভাৰতীয় স্থলসেনা বাহিনীৰ মুৰব্বী অৰ্থাৎ জেনেৰেল পদত অধিষ্ঠিত আছিল ৰাৱাট৷ ২০১৬ চনৰ ৩১ জানুৱাৰীত জেনেৰেল হিচাপে নিযুক্তি লাভ কৰা ৰাৱাটে অৱসৰ গ্ৰহণ কৰিছিল ২০১৯ চনৰ ৩১ ডিচেম্বৰত৷ উত্তৰাখণ্ডৰ পৌৰিত ১৯৫৮ চনৰ ১৬ মাৰ্চত জন্মগ্ৰহণ কৰা ৰাৱাটে ১৯৭৮ চনৰ ১৬ ডিচেম্বৰত সেনাবাহিনীৰ গোৰ্খা ৰাইফল্‌ছত যোগদান কৰে৷ সেনাবাহিনীত ৰাৱাটৰ কেৰিয়াৰ আছিল বৰ্ণাঢ্য৷ সেইবাবেই দুজন শীৰ্ষ বিষয়াক অতিক্ৰম কৰি জেনেৰেল পদত অধিষ্ঠিত হৈছিল ৰাৱাট৷ সেনাবাহিনীৰ বিভিন্ন পদ অলংকৃত কৰি থকাৰ সময়ত তেওঁ দেশত, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু পাকিস্তান সীমান্তত সন্ত্ৰাস দমনত অতি গুৰুত্বপূৰ্ণ পালন কৰিছিল৷ ৰাৱাটসহ কেউজনৰ মৃত্যুত শোকস্তব্ধ ভাৰতবৰ্ষ৷ দেশৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো শ্ৰেণীৰ লোকে এই ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে৷ ৰাষ্ট˜পতি ৰাম নাথ ক’বিন্দ, উপৰাষ্ট˜পতি এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে এই ঘটনাত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে বিপিন ৰাৱাটৰ বৰ্ণিল কৰ্মজীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ প্ৰতিৰক্ষা বাহিনীৰ সূত্ৰই সদৰী কৰা মতে, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন চলাইছিল ভাৰতীয় বায়ু সেনাবাহিনীৰ উইং কমাণ্ডাৰ পৃথ্বি সিং চৌহানে৷ তেওঁ ১০৯ হেলিকপ্টাৰ ইউনিটৰ কমাণ্ডিং বিষয়াও আছিল৷ আৰোহী হিচাপে হেলিকপ্টাৰখনত চিডিএছ বিপিন ৰাৱাটৰ উপৰি আছিল তেওঁৰ পত্নী মধুলিকা ৰাৱাট, ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ, লেফটেনেণ্ট কৰ্নেল হৰজিন্দৰ সিং, নায়ক গুৰসেৱক সিং, নায়ক জিতেন্দ্ৰ কুমাৰ, লেন্স নায়ক বিবেক কুমাৰ, লেন্স নায়ক বি ছাই তেজা, হাবিলদাৰ সতপাল৷

পথৰুঘাটলৈ অহাৰ সপোন পূৰ্ণ নহ’ল ৰাৱাটৰ

আমাৰ অসমঃ দেশৰ তিনিটা সেনা বাহিনীৰ মুৰব্বী তথা ‘চিডিএছ’ বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাত হোৱা আকস্মিক, অকাল বিয়োগত দেশবাসীৰ লগতে মঙলদৈৰ সাংবাদিক সংগঠন ‘মঙলদৈ মিডিয়া চাৰ্কোল’ শোকসাগৰত বুৰ গৈছে৷ বিশেষকৈ দৰং জিলাৰ গৌৰৱোজ্বল পথৰুঘাট কৃষক বিদ্ৰোহৰ ইতিহাসক সঁচা অৰ্থত হৃদয়ংগম কৰা দেশপ্ৰেমীজনৰ বিয়োগত দৰংবাসীয়েও এজন আপোন মানুহক অকালতে হেৰুওৱা বুলি শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে, ১৮৯৪১ ২৮ জানুৱাৰীত পথৰুঘাটত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰি বগা বাঙালৰ বন্দুকৰ গুলীত সাতকুৰি হিন্দু-মুছলমান কৃষকে প্ৰাণআহুতি দিয়াৰ কাহিনী এটি এটা জীয়া অতীত৷ ১৯১৯১ জালিয়ানাৱালাবাগৰ গণহত্যাৰো ২৫বছৰ পূৰ্বে সংঘটিত এই ঘটনা বিৰলতম ঘটনা হোৱা স্বত্বেও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিও অৱহেলিত হৈ ৰ’ল৷ এই বঞ্চনাৰ বেদনা মঙলদৈ মিডিয়া চাৰ্কোলে এখন পত্ৰযোগে অৱগত কৰিছিল সেনাপ্ৰধানজনক৷ সেইমতে, তেওঁ অৰুণাচল প্ৰদেশলৈ এক ভ্ৰমণ কাৰ্যসূচীত অংশ লৈ মিডিয়া চাৰ্কোলৰ প্ৰতিনিধিৰ সৈতে মিলিত হ’বলৈ ৰঙিয়ালৈ আহিছিল৷  মিডিয়া চাৰ্কোলৰ উপদেষ্টা ভাৰ্গৱ কুমাৰ দাস, সভাপতি হিতেশ হাজৰিকা আৰু সম্পাদক ময়ূখ গোস্বামীৰ সৈতে ২০১৮ চনৰ ১০ জুনত হোৱা এই সাক্ষাৎকাৰত তেওঁ পথৰুঘাটৰ ইতিহাসক হৃদয়ংগম কৰি নিজেই পথৰুঘাট পৰিদৰ্শন কৰাৰ প্ৰবল আগ্ৰহ প্ৰকাশ কৰিছিল৷ সেই মতে, বিভিন্ন পৰ্যায়ৰ বিষয়াৰ দ্বাৰা পথৰুঘাটৰ তথ্য সংগ্ৰহ কৰিছিল৷ সেয়েহে পথৰুঘাটত অহাৰ প্ৰবল ইচ্ছা প্ৰকাশ কৰা জেনেৰেলজনৰ এনে অৱিশ্বাস্য বিয়োগত দৰংবাসীয়ে বহু হেৰুৱালে বুলি প্ৰকাশ কৰিছে মঙলদৈ মিডিয়া চাৰ্কোলে৷

বিপিন ৰাৱাটৰ মৃত্যুত এআইইউডিএফৰ বিধায়িনী দলৰ শোক

আমাৰ অসমঃ তামিলনাডুত বুধবাৰে হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী আৰু আন ১১জন সামৰিক বাহিনীৰ বিষয়া-জোৱানৰ মৃত্যুত সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ বিধায়িনী দলে গভীৰ শোক প্ৰকাশ কৰে৷ বিধায়িনী দলৰ দলপতি তথা বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক হাফিজ বচিৰ আহমেদ কাচিমীয়ে কয় যে জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যু দেশৰ সামৰিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি, প্ৰচুৰ অভিজ্ঞতা আৰু ৰণনীতিৰ প্ৰতীকক এনেদৰে দুৰ্ভাগ্যজনক দুৰ্ঘটনাত হেৰুৱাই আমি মৰ্মাহত হৈছোঁ৷ এই দুৰ্ঘটনাত নিহত হোৱা সকলৰ পৰিয়াল বৰ্গলৈও গভীৰ শ্ৰদ্ধাঞ্জলি আৰু সহমৰ্মিতা প্ৰকাশ কৰে বিধায়িনীদলৰ নেতাজনে৷