Logo
image

জ্ঞানপীঠজয়ী কবিক শুভেচ্ছা দিবলৈ ঘৰ পালেগৈ স্বাস্থ্যমন্ত্ৰী

আমাৰ অসম, ৯ ডিচেম্বৰ ঃ অসমীয়া কবিতাক স্বৰ্ণৰে অলংকৃত কৰি ‘জ্ঞানপীঠ’ লাভ কৰা বৰেণ্য কবি নীলমণি ফুকনক বিভিন্নজনে শুভেচ্ছাৰে উপচাই পেলাইছে৷ সুদীৰ্ঘ ২১ বছৰৰ মূৰত এজন অসমীয়াৰ নাম দেশৰ সাহিত্যৰ সৰ্বোচ্ছ সন্মান জ্ঞানপীঠ বঁটাৰ বাবে ঘোষণা হোৱাৰ পাছৰে পৰা ‘নৃত্যৰতা পৃথিৱী’ৰ কবিজনৰ বাসগৃহলৈ সোঁত বৈছে শুভাকাংক্ষীৰ লগতে সাহিত্যানুৰাগী৷ প্ৰিয় কবিজনৰ সন্মান প্ৰাপ্তিৰ মুহূৰ্তত আনন্দ কৰি শুভাকাংক্ষীসকলে মালিগাঁৱৰ নীলাচলপুৰ বেজবৰুৱা নগৰস্থিত বাসগৃহত এবাৰ দেখা কৰি কুশল বাৰ্তা বিনিময়   কৰিব বিচাৰিলেও ক’ভিড আৰু স্বাস্থ্য সুৰক্ষাজনিত কাৰণত নীলমণি ফুকনক সাক্ষ্যাৎ কৰিব পৰা নাই৷ কিয়নো কবি নীলমণি ফুকনৰ জ্যেষ্ঠ পুত্ৰ ক’ভিডত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টিনত আছে৷ যাৰ বাবে ঘৰৰ চৌহদৰ বাহিৰৰ পৰাই প্ৰিয় কবিজনলৈ শুভাকাংক্ষীয়ে মৰমতে অনা উপহাৰ গ্ৰহণ কৰিছে কবিজনৰ পত্নীয়ে৷ স্বাস্থ্য সৰ্তকতাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ পৰিয়ালটো কোৱাৰেণ্টিনত থকাত সংবাদ মাধ্যমে সাক্ষাৎ কৰিব পৰা নাই প্ৰথিতযশা কবিজনক৷ গেটৰ বাহিৰৰ পৰাই সংবাদ পৰিৱেশন কৰিছে সাংবাদিকসকলে৷ অৱশ্যে বুধবাৰে ৰাজ্য চৰকাৰৰ হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কবি নীলমণি ফুকনক জ্ঞানপীঠ বঁটাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷ স্বাস্থ্যমন্ত্ৰী মহন্তই নীলমণি ফুকনক ঘৰৰ ভিতৰতে সাক্ষাৎ কৰি গামোছা, চেলেং চাদৰ, ফুলৰ থোৰাই সন্মানিত কৰাৰ লগতে কুশল বাৰ্তা বিনিময় কৰে৷ চৰকাৰৰ হৈ মন্ত্ৰী কেশৱ মহন্তই জনোৱা সন্মানৰ সময়ত চাৰে চাৰি কুৰি ডেওনা পাৰ কৰা কবিজনে মনৰ ভাব প্ৰকাশ কৰাও দেখা যায়৷