Logo
image

পাঁচ ৰাজ্যত নষ্ট ১১ কোটি ভেকচিন

শীৰ্ষত উত্তৰ প্ৰদেশ, দ্বিতীয় স্থানত বংগ

আমাৰ অসম, ৯ ডিচেম্বৰঃ দেশৰ পাঁচখন ৰাজ্যত ১১ কোটিতকৈও অধিক কৰ’নাৰ প্ৰতিষেধক নষ্ট হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য৷ যি কেইখন ৰাজ্যত কৰ’নাৰ এই বৃহৎসংখ্যক প্ৰতিষেধক নষ্ট হৈছে তাৰ শীৰ্ষত আছে বিজেপি শাসনাধীন উত্তৰ প্ৰদেশ৷ আনহাতে দ্বিতীয় স্থানত থকা ৰাজ্যখন হৈছে পশ্চিমবংগ৷ বাকী তিনিখন ৰাজ্য হৈছে মহাৰাষ্ট্ৰ, বিহাৰ আৰু ৰাজস্থান৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰতিবেদনত উল্লেখ কৰা মতে উত্তৰ প্ৰদেশত ২.৯ কোটি কৰ’না প্ৰতিষেধক নষ্ট হৈছে৷ সেইদৰে পশ্চিমবংগত ২.৫ কোটি, মহাৰাষ্ট্ৰত ২.২ কোটি, বিহাৰত ১.৮০ কোটি আৰু ৰাজস্থানত ১.৪৩ কোটি ভেকচিন নষ্ট হৈছে৷ সেইদৰে তামিলনাডু আৰু মধ্য প্ৰদেশতো নষ্ট হৈছে বৃহৎ পৰিমাণৰ কৰ’না ভেকচিন৷ তামিলনাডুত ১.৩৫ কোটি আৰু মধ্য প্ৰদেশত ১.১ কোটি ভেকচিন নষ্ট হোৱাৰ তথ্য উল্লেখ হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰতিবেদনত৷