Logo
image

‘মাৰাত্মক’ নহয় অমিক্ৰন

আশংকাৰ মাজতে ‘হু’ৱে দিলে ভাল খবৰ

আমাৰ অসম, ৯ ডিচেম্বৰঃ কৰ’নাৰ নতুন প্ৰকাৰক লৈ বিশ্বজুৰি আশংকা বৃদ্ধি পাইছে৷ কাৰণ ইয়াৰ দ্বাৰাই কিছুমান দেশত কৰ’নাৰ তৃতীয় ঢৌ হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷ কিন্তু অমিক্ৰন প্ৰথম ধৰা পেলোৱা দক্ষিণ আফ্ৰিকাৰ চিকিৎসা বিজ্ঞানীয়ে স্পষ্ট কৰি দিছিল যে অমিক্ৰন অধিক মাৰাত্মক নহয়৷ ইয়াৰ দ্বাৰা মৃদু জ্বৰ হয় আৰু ঘৰত ৰাখিয়েই আক্ৰান্তৰ চিকিৎসা কৰিব পাৰি৷ ভাৰতীয় বিশেষজ্ঞয়ো এই দাবীয়েই কৰিছিল৷ কিন্তু কোনো কোনো বিশেষজ্ঞই দাবী কৰিছিল যে ডেল্টা নামৰ প্ৰকাৰটোতকৈও অমিক্ৰনে পাঁচগুণ দ্ৰুতবেগেৰে সংক্ৰমণ বঢ়াব পাৰে৷ কিন্তু এতিয়া বিশ্ব স্বাস্থ্য সংস্থায়ো [হু] অমিক্ৰনক লৈ সৃষ্টি হোৱা আশংকা খাৰিজ কৰিছে৷ মঙলবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন বিভাগৰ সঞ্চালক মাইকেল ৰায়ানে নিউজ এজেন্সী ‘এ এফ পি’ৰ আগত কয় যে অমিক্ৰন নামৰ নতুন প্ৰকাৰটো  অধিক দ্ৰুতবেগে সংক্ৰমণ হোৱা কৰ’না নহয়৷ তদুপৰি ডেল্টা প্ৰকাৰৰ দৰে অধিক মাৰাত্মক নহয়৷ বৰ্তমানে বিশ্বত ব্যৱহাৰ হৈ থকা ভেক্‌চিনেও এই নতুন প্ৰকাৰটোক ৰোধ কৰিব পাৰে বুলিও স্বাস্থ্য সংস্থাৰ শীৰ্ষ বিষয়াজনে কয়৷ এ এফ পিৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰায়ানে এই কথা স্পষ্ট কৰি কয় যে ডেল্টা বা আন আন প্ৰকাৰতকৈ অমিক্ৰন অধিক সংক্ৰামক বা অধিক মাৰাত্মক, তাৰ কোনো প্ৰমাণ নাই৷ গতিকে বৰ বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞই চলোৱা পৰীক্ষাতো অমিক্ৰন মাৰাত্মক নহয় বুলি পোৱা গৈছে৷ উল্লেখ্য, মঙলবাৰে মাৰ্কিন সংক্ৰামক ৰোগ বিশেষজ্ঞ এন্থনী ফাউচিয়েও এই কথা স্পষ্ট কৰি দিছিল যে অমিক্ৰনক লৈ সিমান চিন্তা কৰাৰ প্ৰয়োজন নাই৷ আমেৰিকাত অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সকলো তথ্য চালি-জাৰি চাই তেওঁ এই কথা প্ৰকাশ কৰে৷ ইপিনে, অমিক্ৰন প্ৰথম ধৰা পৰা দক্ষিণ আফ্ৰিকাৰো চিকিৎসকে ৰাজহুৱা কৰিছে যে অমিক্ৰনক লৈ কোনো চিন্তা কৰিব নালাগে৷ দক্ষিণ আফ্ৰিকাৰ চিকিৎসক ডাঃ এঞ্জেলিক কোৱেটজিয়ে এটা বিশেষজ্ঞ চিকিৎসকৰ দল লৈ অমিক্ৰনৰ সন্দৰ্ভত গৱেষণা কৰিছিল৷ তেওঁৰ নেতৃত্বৰ দলটোৱে কয় যে অমিক্ৰনক লৈ চিন্তাৰ কোনো প্ৰয়োজন নাই৷ ডেল্টাৰ দৰে ভয়ংকৰ নহয় অমিক্ৰন৷ গতিকে ভাৰতৰ কোটি কোটি লোকে স্বস্তিৰ নিশ্বাস পেলোৱা খবৰ এয়া৷