Logo
image

বিদ্যালয়ত ১৭ ছাত্ৰীক যৌন নিৰ্যাতন, মেনেজাৰক গ্ৰেপ্তাৰ

আমাৰ অসম, ৯ ডিচেম্বৰঃ দেশৰ সবাতোকৈ বৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ এখন বিদ্যালয়ৰ এটা ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে৷ ৰাজ্যখনৰ মুজাফৰনগৰৰ এখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু তেওঁৰ এজন ঘনিষ্ঠ সহযোগীয়ে দশম শ্ৰেণীৰ ১৭জনী ছাত্ৰীক যৌন উৎপীড়ন চলায়৷ নৱেম্বৰ মাহৰ ১৭ তাৰিখে এই ভয়ংকৰ ঘটনা ঘটে যদিও এতিয়াহে এয়া পোহৰলৈ আহিছে৷ প্ৰকাশিত বাতৰি অনুসৰি দশম শ্ৰেণীৰ ছাত্ৰীসকলক ১৭ নৱেম্বৰত বিদ্যালয়লৈ মাতি পঠিওৱা হৈছিল চি বি এছ ইৰ প্ৰেক্টিকেল পৰীক্ষাৰ প্ৰতিশ্ৰুতিৰে৷ দিনতে অহা ছাত্ৰীকেইজনীক ৰাতিও থাকিবলৈ কোৱা হয়৷ প্ৰেক্টিকেল পৰীক্ষাৰ বাবে প্ৰয়োজনীয় টিপছ দিয়াৰ প্ৰলোভন দি ছাত্ৰীকেইজনীক বিদ্যালয়তে ৰাতিটো থকাৰ ব্যৱস্থা কৰে বিদ্যালয়ৰ গৰাকীয়ে৷ কিন্তু ৰাতিৰ আহাৰত নিচাযুক্ত দ্ৰব্য মিহলাই দিয়া হয়৷ তাৰ পাছতে বিদ্যালয়ৰ গৰাকী আৰু বিশ্বস্ত সহযোগীজনে যৌন উৎপীড়ন চলায়৷ যৌন উৎপীড়ন চলোৱাৰ পাছত পিছদিনা পুৱা ঘৰলৈ যাবলৈ দিয়া হয়৷ প্ৰেক্টিকেল পৰীক্ষাত নবহাকৈয়ে ছাত্ৰীকেইজনীক ঘৰলৈ পঠিয়াই দিয়া হয়৷ নিশা হোৱা যৌন উৎপীড়নৰ কথা কাকো নক’বলৈ ছাত্ৰীসকলক সকীয়াই দিয়া হয়৷ ক’লেই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলিও ভাবুকি দিয়া হৈছিল৷ উল্লেখ্য, এই ছাত্ৰীকেইজনী আছিল দুখীয়া পৰিয়ালৰ৷ গতিকে প্ৰথমে তেওঁলোকে ভয় খায় যদিও পাছত ঘৰত উক্ত ঘটনাৰ বিষয়ে জনায়৷ কিন্তু দুজনী ছাত্ৰীৰ পৰিয়ালে আৰক্ষীৰ ওচৰত অভিযোগ দিবলৈ চেষ্টা চলায় যদিও আৰক্ষীয়ে গুৰুত্ব দিয়া নাাছিল৷ গতিকে তেওঁলোকে পুৰকাজিৰ বিধায়কৰ কাষ চাপে৷ বিধায়কে এছ এছ পিৰ সৈতে যোগাযোগ কৰাৰ পাছতহে ঘটনাটোৰ বিষয়ে ৰাজহুৱা হয়৷ বৰ্তমান আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ মঙলবাৰে বিদ্যালয়খনৰ মেনেজাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু দুজনী ছাত্ৰীক আদালতত হাজিৰ কৰোৱা হয়৷ আদালতত কেৱল এজনী ছাত্ৰীৰহে ভাষ্য লিপিৱদ্ধ কৰা হয়৷