Logo
image

দুদিনত দুটা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা ভাৰতৰ

আমাৰ অসম, ৯ ডিচেম্বৰঃ দুদিনত দুটা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা কৰিবলৈ সক্ষম হয় ভাৰত৷ মঙলবাৰে আবেলি ডি আৰ ডি অ’ই দেশীয়ভাৱে নিৰ্মিত নতুন ভাৰ্টিকেল ল’ঞ্চ শ্বৰ্ট ৰেঞ্জ ছাৰফেচ-টু-এয়াৰ [ ভি এ এছ আৰ এছ টি এ] ক্ষেপণাস্ত্ৰৰ সফলত পৰীক্ষা সম্পন্ন কৰে ওড়িশাৰ উপকূলত৷ ডি আৰ ডি অ’ই [প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা] মঙলবাৰে নিশা এই কথা প্ৰকাশ কৰে৷ ভূ-ভাগৰ পৰা আকাশৰ লক্ষ্যবস্তু ভেদ কৰিব পৰা এই কম দূৰত্বৰ ক্ষেপণাস্ত্ৰবিধ হৈছে অতি দ্ৰুতবেগী৷ মঙলবাৰে আবেলি ৩.০৮ বজাত ওড়িশাৰ উপকূলৰ চান্দিপুৰত থকা টেষ্ট ৰেঞ্জত ইয়াৰ সফল পৰীক্ষা সম্পন্ন কৰা হয়৷ আশাকৰা ধৰণেই এই ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফল হয়৷ এই বছৰৰে ২২ ফেব্ৰুৱাৰীত ইয়াৰ প্ৰথম পৰীক্ষা হৈছিল৷ মঙলবাৰে হোৱা পৰীক্ষাৰ সময়ত ডি আৰ ডি অ’ আৰু নৌসেনাৰ বিষয়া উপস্থিত আছিল৷ আনহাতে, আজি অৰ্থাৎ বুধবাৰে ডি আৰ ডি অ’ই অত্যাধুনিক ক্ৰুজ ক্ষেপণাস্ত্ৰ ব্ৰাহ্মছৰ এয়াৰ সংস্কৰণৰ পৰীক্ষাও সফলতাৰে সম্পন্ন কৰে৷ ওড়িশাৰ চান্দিপুৰত থকা ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা ইয়াৰ পৰীক্ষা সফলতাৰে সম্পন্ন হয়৷ এই সফল পৰীক্ষাক ডি আৰ ডি অ’ই গুৰুত্বপূৰ্ণ সফলতা বুলি অভিহিত কৰে৷ ইয়ে ভাৰতীয় ক্ষেপণাস্ত্ৰৰ নতুন যুগৰ সূচনা কৰে বুলিও ডি আৰ ডি অ’ই দাবী কৰে৷ ছুপাৰছনিক যুদ্ধ বিমান ছুখই ৩০ এম কে-আইৰ জৰিয়তে ইয়াৰ সফল পৰীক্ষা কৰা হয় বুধবাৰে পুৱা ১০.৩০ বজাত৷ ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ এয়াৰ সংস্কৰণৰ সফল পৰীক্ষাই ভাৰতীয় সেনাৰ শক্তি আৰু বহুগুণে বৃদ্ধি কৰিলে৷